নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ অচিনাকি ব্যক্তিৰ লগত মিলামিছা নকৰিব, ক্ষতিৰ আশংকা আছে৷ খং দমাই ৰাখক৷ ঘৰুৱা কন্দলৰ বাবে সমস্যাত পৰিব পাৰে৷ হাতলৈ টকা–পইচা আহিব৷
বৃষ: শুভ ৰং হালধীয়া, সংখ্যা ৬৷ মাটি–বাৰীৰ সীমাজনিত সমস্যা হ’ব পাৰে৷ আজি যুটীয়া ব্যৱসায় আৰম্ভ নকৰিব৷ স্বাস্থ্যৰ প্রতি যত্ন ল’ব৷
মিথুন: শুভ ৰং বেঙুনীয়া, সংখ্যা ৮৷ দুর্ঘটনাৰ সম্ভাৱনা দেখা যায়৷ টকা–পইচা লেনদেন কৰোঁতে সাৱধান হ’ব৷ চাকৰিয়ালৰ পদোন্নতিৰ যোগ আছে৷
কর্কট: শুভ ৰং নীলা৷ চাকৰি কৰা জাতকে ধৈর্যৰে সকলো কাম কৰিব অন্যথা ক্ষতি হ’ব৷ সন্তানৰ ভৱিষ্যতৰ কাৰণে কোনো ভাল কাম আজি আৰম্ভ হ’ব৷ ঋণমুক্ত হ’ব পাৰে৷
সিংহ: শুভ ৰং হালধীয়া, সংখ্যা ৫৷ ঘৰৰ মূল ব্যক্তি অসুস্থ হ’ব পাৰে৷ আনক উপকাৰ কৰি সন্মান লাভ কৰিব৷ পুত্রই কৰা ভাল কামে গৌৰৱ বঢ়াব৷ চাকৰিয়ালৰ কর্মত বাধা আছে৷
কন্যা: শুভ ৰং ৰঙা, সংখ্যা ৪৷ ব্যৱসায়ীসকলৰ ধনাগমনৰ যোগ৷ শত্রুৰ দ্বাৰা ক্ষতি হোৱাৰ ভয়৷ টকা–পইচা সংক্রান্তীয় সমস্যা আহিব পাৰে৷ সন্তানৰ শুভ৷
তুলা: শুভ ৰং গুলপীয়া, সংখ্যা ৯৷ অচিনাকি ব্যক্তিয়ে সমস্যাত পেলাব পাৰে৷ সন্তানৰ ভুলে অর্থ হানি কৰিব৷ কর্ম সংস্থাপন হ’ব৷ পাৰিবাৰিক সমস্যাই অসুবিধাত পেলাব৷
বৃশ্চিকঃ শুভ ৰং গেৰুৱা, সংখ্যা ৩, শুভ কাম আজি আৰম্ভ কৰক ভাল ফল পাব৷ আনৰ সহায়েৰে উপকৃত হ’ব৷ চাকৰিৰ খবৰ পাব পাৰে৷ অলপ সাৱধানে চলাফুৰা কৰিব আঘাত পোৱাৰ সম্ভাৱনা৷
ধনু: শুভ ৰং নীলা, সংখ্যা ৫, বিবাহ সংক্রান্তীয় আলোচনাৰ আজি সুফল লাভ কৰিব৷ ব্যৱসায়ীৰ নতুন ব্যৱসায়ৰ পথ ওলাব৷ পিছলি পৰি হাত–ভৰিত আঘাত পাব পাৰে৷
মকৰ: শুভ ৰং ৰঙা, সংখ্যা ৩৷ কৰিম বুলি ভবা কাম আজি আৰম্ভ কৰক৷ ব্যৱসায়ত লাভ কৰিব পাৰিব৷ বন্ধু বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে৷ ভাল কাম কৰি থোৱাৰ ফল আজি লাভ কৰিব পাৰে৷
কুম্ভ: শুভ ৰং সেউজীয়া, সংখ্যা ৮, আজি কোনো নতুন কামত হাত নিদিব৷ পুৰণা ৰোগত ভোগাসকলৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে৷ চাকৰিৰ স্থান পৰিৱর্তন হ’ব পাৰে৷ সন্তানৰ শুভ৷
মীন: শুভ ৰং নীলা, সংখ্যা ৪, ব্যৱসায়ীৰ অর্থ লাভৰ যোগ দেখা যায়৷ সন্তানৰ পৰা সুখ লাভ কৰিব৷ সমস্যা বাঢ়িব৷ আত্মীয়ৰ পৰা ক্ষতি হ’ব পাৰে৷ শিক্ষার্থীৰ শুভ ফল প্রাপ্তিৰ যোগ৷

You might also like