নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিৰ কেঁকুৰিত বৰজানৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ ভাটি কেকুঁৰি, ৰংপুৰ আৰু ছেলাজান কছাৰী গাঁওবাসীৰ

নিয়মীয়া বাৰ্তা,  ১৭ মেঃ দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ পিছতো যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভোগ কৰি অহা ভাটি কেঁকুৰি ৰংপুৰ আৰু ছেলাজান কছাৰী গাঁওবাসীয়ে আজি বৰজানৰ ওপৰত নিৰ্মাণ কৰিলে বাঁহৰ দলং ৷ ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ কেঁকুৰি গাঁও পঞ্চায়ত অন্তগত ভাটি কেঁকুৰি ৰংপুৰ আৰু ছেলাজান কছাৰী গাঁওবাসীয়ে যুগ যুগ ধৰি বৰজানৰ ওপৰত এখন স্বায়ী দলং নিৰ্মাণৰ দাবী জনাই আহিছে যদিও গা লৰা নাই জনপ্ৰতিনিধি মন্ত্ৰী আমোলা বা বিভাগীয় কৰ্তৃপক্ষৰ ৷ ফলত প্ৰতিটো বাৰিষাতেই ৰাজহুৱা পুঁজি ব্যয় কৰি বৰজানৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ কৰি নাইবা টুলুঙা নাৱেৰে বহি অঞ্চলৰ লগত যোগাযোগ ৰক্ষা কৰি অহা অঞ্চল বাসীয়ে আজি প্ৰতিকুল বতৰকো নেওচি হাতে হাতে দা কুঠাৰ বাঁহ বেত লৈ ওলাই আহি ৰাজহুৱা পুঁজি আৰু ৰাইজৰ শ্ৰম দানেৰে লঘু যান বাহন চলাচল কৰিব পৰাকৈ এখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত সুচল কৰি তোলে আঁহতগুৰি ভাটি কেঁকুৰি ছেলাজান কছাৰী পথটো ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like