নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ ৭,৬৬,৫৮৮ ভোটাৰে নিৰ্ণয় কৰিব ভাবী বিধায়কৰ ভাগ্য!

মৰিগাঁও নিৰ্বাচন জিলাত মুঠ পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা ৭,৬৬,৫৮৮ জন। ইয়াৰে পুৰুষ ভোটাৰ ৩,৮৬,৯৯২ জন। মহিলা ভোটাৰ ৩,৭৯,৫৮২ জন আৰু তৃতীয় লিংগৰ ভোটাৰ ১৪ জন।

৫২নং জাগীৰোড (অনুসূচিত জাতি)সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৫০,৪২৭ জন। ইয়াৰে ১,২৪, ৮০৫ জন পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা ১,২৫,৬২০ জন আৰু তৃতীয় লিংগৰ ভোটাৰ দুজন।

৫৩নং লাহৰীঘাট সমষ্টিত মুঠ ভোটাৰ ৩,০৮,২৭২ জন। ইয়াৰে পুৰুষ ভোটাৰ ১,৫৮,৯৯৩ জন, মহিলা ভোটাৰ ১,৪৯,২৭০ আৰু তৃতীয় লিংগৰ ভোটাৰ ৯জন।

৫৪নং মৰিগাঁও সমষ্টিত মুঠ ভোটাৰ ২,০৭,৮৮৯ জন। ইয়াৰে ১,০৩,১৯৪ জন পুৰুষ, ১০৪৬৯২ গৰাকী মহিলা আৰু ৩ জন তৃতীয় লিংগৰ ভোটাৰ।

মৰিগাঁও নিৰ্বাচন জিলাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৯৬৮ টা। (জাগীৰোড: ৩৩৫, লাহৰীঘাট: ৩৫৫, মৰিগাঁও: ২৭৮)। মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৫০ টা (জাগীৰোড: ২১, লাহৰীঘাট: ২, মৰিগাঁও: ২৭) আৰু এটা কেন্দ্ৰ বিশেষভাৱে সক্ষম ভোটগ্ৰহণকাৰী বিষয়াৰ দ্বাৰা পৰিচালিত।

যুৱ ভোটগ্ৰহণকাৰী বিষয়াৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা এটা আৰু আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা প্ৰতিটো সমষ্টিত এটাকৈ। মৰিগাঁও জিলাত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে।

লগতে ১০৩ টা ভোটগ্ৰহণ কেন্দ্ৰত ২৮ গৰাকী মাইক্ৰ’ অৱজাৰ্ভাৰ নিয়োগ কৰা হৈছে। তেওঁ কয় যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ বাবে ন্যূনতম সা-সুবিধাসমূহ নিশ্চিত কৰা হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি, ৮৫ বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে “গৃহ ভোটদান”ৰ সুবিধা প্ৰদান কৰা হৈছে।

মুঠ ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ সংখ্যা ৪৭২৪ জন। অৰ্থাৎ ১১৮১ জনকৈ প্ৰিজাইডিং, প্ৰথম পলিং, দ্বিতীয় পলিং আৰু তৃতীয় পলিং বিষয়া নিয়োগ কৰা হৈছে। মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণকাৰী দলৰ বাবে সুকীয়া জিৰণি কোঠা, চেনিটেৰী নেপকিন আৰু প্ৰাথমিক চিকিৎসা কিটকে ধৰি আন কেতবোৰ বিশেষ ব্যৱস্থা কৰা হৈছে।

নিয়মীয়া বাৰ্তা, মৰিগাঁও, ৮ এপ্ৰিল

You might also like