নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৰাইজে পুনৰ বিচাৰিছে বিজেপিৰ চৰকাৰ

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ বিটিচিৰ ১২খন আসনৰ ১১খন আসনেই ইউপিপিএল এ পোৱাটো নিশ্চিত৷ মাত্র এখন আসনতহে বিপিএফ জয়ী হ’ব পাৰে৷ আজি এইদৰে মন্তব্য কৰিলে বিটিচিপ্রধান প্রমোদ বডোৱে৷ বিটিচিপ্রধান বডোৱে দাবী কৰা মতে বডোভূমিত বিগত পোন্ধৰ বছৰে একনায়কত্ববাদ আৰু লুণ্ঠন চলোৱাৰ বাবে হাগ্রামা বাহিনীক বিটিচিৰ ৰাইজে চিৰকালৰ বাবে প্রত্যাখ্যান কৰিছে৷ আৰু সেইবাবেই বিটিচিৰ ৰাইজে এইবাৰ হিলদল ভাঙি ইউপিপিএলৰ পক্ষত ভোটদান কৰিছে৷ আজি পুৱা প্রায় আঠ বজাত সর্থেবাৰীৰ নসত্রৰ আধ্যাত্মিক চিন্তাৰ কেন্দ্রস্থল কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হয় বিটিচিপ্রধান প্রমোদ বডো৷ সদলবলে আহি কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হৈ আধ্যাত্মিকগুৰু গুৰুকৃষ্ণ প্রেমানন্দ প্রভুক সাক্ষাৎ কৰি আশীর্বাদ গ্রহণ কৰাৰ লগতে দীর্ঘ সময় আলোচনাত মিলিত হয়৷

আধ্যাত্মিক গুৰুগৰাকীক সাক্ষাৎ কৰি ওলাই আহি সংবাদ মাধ্যমৰ আগত বিটিচিপ্রধান প্রমোদবডোৱে কয় যে বডোলেণ্ডৰ হিন্দু অনাবডোৰ ভোট এইবাৰ লাভ কৰিছে ইউপিপিএলে৷ ধর্মীয় সংখ্যালঘুৰ ভোট বিভাজন হৈছে৷ অসমত মিত্রজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰি প্রমোদ বডোৱে কয় যে বিগত চৰকাৰখনক লৈ অসমৰ ৰাইজ সন্তুষ্ট আৰু সেই বাবেই পুনৰ এই চৰকাৰখনকেই ৰাইজে বিচাৰিছে৷ একেদৰে আগন্তুক চৰকাৰৰ মন্ত্রীসভাত সমানুপাতিক হিচাপত ইউপিপিএলৰ তৰফৰ পৰা মন্ত্রিত্ব দাবী কৰা হ’ব বুলিও মন্তব্য কৰে প্রমোদ বডোৱে৷ ইউপিপিএলৰ তিনি– চাৰিজনে মন্ত্রী পদ পাব বুলিও কয় প্রমোদ বডোৱে৷ ইপিনে বিগত চৰকাৰত থকা বিপিএফৰ মন্ত্রীসকলৰ কোনো যোগ্যতা নাই বুলি মন্তব্য কৰি প্রমোদ বডোৱে কয়– বিপিএফৰ পৰা প্রতিনিধিত্ব কৰা মন্ত্রীসকল ৰঙালাইট লগাই ঘূৰাফুৰা মন্ত্রীহে আছিল৷ বিপিএফে ৰাজনীতিৰ কাৰণে ৰাজনীতি কৰিছে আৰু আমি সচাঁ অর্থত উন্নয়ন, বিকাশ আৰু প্রগতিৰ বাবে ৰাজনীতি কৰিছোঁ বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে প্রমোদ বডোৱে৷ আনহাতে মানুহৰ জীৱন অমূল্য বুলি মন্তব্য কৰি বিটিচিপ্রধান প্রমোদ বডোৱে কয়– এই সময়ত ক’ৰোনাক অৱজ্ঞা কৰা উচিত নহয়৷ ক’ৰোনা সম্পর্কত সকলো লোক সজাগ হৈ থকাৰ লগতে ক’ৰোনাত সকলো নীতি–নিয়ম পালন কৰি সকলো জনতাক সুৰক্ষিত কৰাটো অত্যন্ত প্রয়োজন বুলিও মন্তব্য কৰে প্রমোদ বডোৱে৷

You might also like