নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ কোটি ৩৭ লাখ ১০ হাজাৰ ৮৩৪গৰাকী ভোটাৰৰ নাম সন্নিৱিষ্ট

চূড়ান্ত ভোটাৰ তালিকা প্রকাশ

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ ৰাজ্যত প্রকাশ পালে চূড়ান্ত ভোটাৰ তালিকা৷ বুধবাৰে মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে প্রকাশ কৰা তথ্য অনুসৰি চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে ২ কোটি ৩৭ লাখ ১০ হাজাৰ ৮৩৪গৰাকী ভোটাৰ৷ আজি প্রকাশ পোৱা ভোটাৰ তালিকাত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ১ কোটি ১৯ লাখ ৫৬ হাজাৰ ২১১জন৷ আনহাতে, মহিলা ভোটাৰৰ সংখ্যা গৈছে ১ কোটি, ১৭ লাখ, ৫৪ হাজাৰ ২২২গৰাকী৷ একেদৰে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৪০১জন৷ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যত ভোটাৰ বৃদ্ধিৰ হাৰ ১.৩২ শতাংশ৷

মন কৰিবলগীয়া যে বিগত বর্ষৰ নৱেম্বৰ মাহত প্রকাশ পোৱা খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা আছিল ২ কোটি, ৩৪ লাখ ২ হাজাৰ ৮৩৩গৰাকী৷ ইয়াৰ বিপৰীতে চূড়ান্ত তালিকাত ৫ লাখ ২৫ হাজাৰ ৭২৯গৰাকী নতুন ভোটাৰ সন্নিৱিষ্ট হৈছে৷ ১৮ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ ভোটাৰ সন্নিৱিষ্ট হৈছে ৪ লাখ ৭৯ হাজাৰ ১৩৩গৰাকী৷ আনহাতে ৮০ বছৰৰ ঊর্ধ্বৰ ভোটাৰৰ সংখ্যা ৩ লাখ এহাজাৰ ১১০জন৷ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি প্রতি ১,০০০ পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হ’ল ৯৮৩গৰাকী৷ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তথ্য অনুসৰি দিছপুৰ সমষ্টিত সর্বাধিক ভোটাৰ আছে৷ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্য হ’ল ৪ লাখ ১৪ হাজাৰ ৮৬১গৰাকী৷ আনহাতে থাওৰা সমষ্টিত সর্বনিম্ন ভোটাৰ আছে৷ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১ লাখ ১৭ হাজাৰ ৬৯৫গৰাকী৷ চূড়ান্ত তালিকা মতে ৰাজ্যত দিব্যাংগ ভোটাৰৰ সংখ্যা হ’ল ১ লাখ ৬৩ হাজাৰ ১৫১গৰাকী৷ ইয়াৰে ৮৩,৩০৮গৰাকী পুৰুষ আৰু ৭৯,৮২৮গৰাকী মহিলা৷ ১৫গৰাকী তৃতীয় লিংগৰ৷

You might also like