জুবিন গাৰ্গ হত্যাকাণ্ড : অমৃতপ্ৰভা মহন্তসহ ২ PSOৰ জামিন আবেদন নাকচ
বহুচৰ্চিত জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি দেখা গৈছে। কামৰূপ মহানগৰ জিলাৰ জিলা আৰু দণ্ডাধীশৰ আদালতে আজি (৩০ জানুৱাৰী) গোচৰটোত গ্ৰেপ্তাৰ কৰা তিনিজন অভিযুক্তৰ জামিন আবেদন নাকচ কৰে। জামিন আবেদন নাকচ হোৱা অভিযুক্তসকল হৈছে জুবিন গাৰ্গৰ সহঃগায়িকা অমৃতপ্ৰভা মহন্ত আৰু তেওঁৰ দুজন ব্যক্তিগত দেহৰক্ষী (PSO) পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা।
শুনানিৰ সময়ত অভিযুক্তসকলৰ অধিবক্তাই জামিন প্ৰদানৰ বাবে যুক্তি আগবঢ়ালেও গোচৰৰ গুৰুত্ব আৰু তদন্তৰ চলমান অৱস্থাক লক্ষ্য কৰি আদালতে জামিন আবেদন নাকচ কৰে।
ইফালে, বিশেষ তদন্ত দল (SIT)য়ে এই গোচৰৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি জব্দ কৰাৰ বাবে আদালতত আবেদন দাখিল কৰিছে। SITয়ে সিদ্ধাৰ্থৰ মালিকানাধীন মহাবীৰ একুৱা পানী কাৰখানা আৰু ফটাশিল আমবাৰীত অৱস্থিত অৰ্কিড ভিউ এপাৰ্টমেণ্টছৰ এটা ফ্লেট জব্দ কৰাৰ অনুমতি বিচাৰে।
আদালতে এই সম্পত্তি জব্দ সন্দৰ্ভত শুনানিৰ দিন অহা ১৬ ফেব্ৰুৱাৰী ধাৰ্য কৰিছে। জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰৰ পৰৱৰ্তী সাধাৰণ শুনানি অহা ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।
ইতিমধ্যে আদালতে তিনিওজন অভিযুক্তৰ জামিন আবেদন নাকচ কৰাৰ পাছত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে এই গোচৰত জড়িত কোনো অভিযুক্তকেই জামিন দিব নালাগে। “আদালতে জামিন আবেদন নাকচ কৰা সিদ্ধান্তত মই সন্তুষ্ট। এই হত্যাকাণ্ডৰ সৈতে জড়িত কোনো লোকেই জামিন পোৱা উচিত নহয়,” বুলি তেওঁ মন্তব্য কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনায়।
ডিজিটেল ডেস্ক, ৩০ জানুৱাৰী