বিশ্বনাথৰ ড০ ৰিমঝিম বৰদলৈৰ সফলতা
অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন উপলক্ষে কেন্দ্ৰীয় আকাশ উপ সমিতিৰ ৩৫ বছৰ উৰ্ধ্বৰ মহিলাৰ মাজত প্ৰৱন্ধ লিখা প্ৰতিযোগিতাত সফলতা লাভ কৰিছে বিশ্বনাথৰ জীয়ৰী ড০ ৰিমঝিম বৰদলৈয়ে।
‘আজিৰ পৰিৱেশত সন্তানৰ প্ৰতি মাতৃৰ দায়িত্ব আৰু কৰ্তব্য’ শীৰ্ষক বিষয়ত অনুষ্ঠিত প্ৰৱন্ধ লিখা প্ৰতিযোগিতাত দেশৰ বিভিন্ন স্থানত বসবাস কৰা ১৯২গৰাকী মহিলাই অংশগ্ৰহণ কৰিছিল। অংশগ্ৰহণকাৰীৰ ভিতৰত শিৱসাগৰৰ ইলা চেতিয়া প্ৰথম, যোৰহাটৰ যুটিকা সভাপণ্ডিত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে বিশ্বনাথৰ জীয়ৰী ড০ ৰিমঝিম বৰদলৈয়ে।
বিশ্বনাথ চাৰিআলিৰ কোচগাঁও নিবাসী নৃপেন বৰদলৈ আৰু অৱন্তী বৰদলৈৰ একমাত্ৰ জীয়ৰী ড০ ৰিমঝিম বৰদলৈ বিশিষ্ট অধিবক্তা পৰাণ বৰদলৈৰ সহধৰ্মিনী। ড০ ৰিমঝিম বৰদলৈৰ বহু কেইটা প্ৰৱন্ধ সাদিন, জিএনআৰচি স্বাস্থ্য, সাতসৰী, গৰিয়সী, প্ৰান্তিক আলোচনীৰ লগতে দৈনিক বাতৰি কাকতত প্ৰকাশিত হৈ আহিছে।
ড০ বৰদলৈ বৰ্তমানে চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ উপাধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। মেধাসম্পন্ন ড০ ৰিমঝিম বৰদলৈ পঢ়া-শুনাৰ লগতে এগৰাকী ভাল নৃত্য পটীয়সীও। উপৰিউক্ত বঁটাসমূহ ২ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰদান কৰা হ’ব। ৰিমঝিম বৰদলৈৰ এই সফলতাই বিশ্বনাথ জিলাৰ বৌদ্ধিক মহলক আনন্দিত কৰিছে।
বিশেষ বাৰ্তা, বিশ্বনাথ, ৩০ জানুৱাৰী