নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ৰ নির্বাচন হ’ব অসমৰ সভ্যতা–সংস্কৃতি ৰক্ষাৰ নির্বাচন

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ  অহা ২০২১ চনৰ বিধানসভা নির্বাচন অসমৰ সভ্যতা–সংস্কৃতি ৰক্ষা কৰাৰ নির্বাচন বুলি অভিহিত কৰিলে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্ঢানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এ আই ইউ ডি এফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলে অসমীয়া ভাষাত লাখ লাখ আৰবী শব্দ সোমাই আছে বুলি কৰা মন্তব্যৰ প্রসংগত আজি গুৱাহাটীত সাংবাদিকৰ আগত তীব্র প্রতিক্রিয়া ব্যক্ত কৰি মন্ত্রী ড০ শর্মাই কয় যে অসমীয়া আৰু আৰবী ভাষাৰ মাজত সাংস্কৃতিকভাৱে কেতিয়াও মিলন হোৱা নাই৷ ইয়াৰ জৰিয়তে অসমীয়া জাতিটোক, সংস্কৃতিক অপমান কৰা হৈছে৷ ২০১৬ চনৰ বিধানসভা নির্বাচন আৰু ২০২১ চনৰ বিধানসভা নির্বাচনৰ ডাঙৰ তাৎপর্য হৈছে– অসমৰ সভ্যতা–সংস্কৃতি ধ্বংস কৰিব খোজা আজমল আৰু তেওঁৰ বাহিনীৰ বিৰুদ্ধে যুঁজ দি অসমক ৰক্ষা কৰা৷ ভুলতে কেতিয়াবা বৰাকলৈ পঠিয়াবলগীয়া বাঙালী মাধ্যমৰ পাঠ্যপুথি এখন অসমীয়া মাধ্যমৰ অঞ্চললৈ গ’লে হুলস্থূল কৰা বুদ্ধিজীৱীসকল এতিয়া কিন্তু নীৰৱে আছে৷ আনসকলেও ভোটৰ লালসাত মনে মনে থাকি আজমলৰ ওচৰত আত্মসমর্পণ কৰিছে৷ ইয়াৰ বিৰুদ্ধাচৰণ নকৰিলে এদিন আমি আৰবী ভাষা শিকিব লাগিব৷ ইমানেই নহয়, আৰু বহু নোহোৱা–নোপজা ঘটনা ঘটিব৷ কোনোবাই মুখ্যমন্ত্রী হোৱাৰ আশাত সেই কথাত নীৰৱে থাকিলেও বিজেপিয়ে নীৰৱে নাথাকে৷ অসম আৰু ভাৰতৰ সভ্যতা–সংস্কৃতি অকল বিজেপিয়েহে ৰক্ষা কৰিব পাৰে৷ আনহাতে, কংগ্রেছ বিধায়ক ৰাজদীপ গোৱালা বিজেপিলৈ অহাৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে ৰাজদীপ গোৱালা বিজেপিলৈ আহি আছে৷ কেৱল ৰাজদীপ গোৱালাই নহয়, দেশক ভাল পোৱা কেইবাজনো কংগ্রেছ নেতা নির্বাচনৰ আগে আগে বিজেপিলৈ আহি আছে৷ যথেষ্ট জনজাতীয় নেতাও বিজেপিলৈ আহি আছে৷ ভাৰত আৰু অসমক ভাল পোৱা বিভিন্ন জনগোষ্ঠীৰ জনজাতীয় নেতাই অচিৰেই বিজেপিত যোগদান কৰিব৷ ৩৫ শতাংশই যাতে আমাৰ মাজত বিভাজন ঘটাই ৬৫ শতাংশক হৰুৱাই নির্বাচনত জিকিব নোৱাৰে, তাৰ বাবেই তেওঁলোক বিজেপিলৈ আহিব৷ আনহাতে, আজমলৰে কাজিয়া কৰি ভাল পোৱা বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে আজমলে যিমানেই ছটফটাব তেওঁ সিমানেই স্ফূর্তি পাব৷ কাৰণ তেওঁ আজমলক উৎখাত কৰিব বিচাৰে৷

You might also like