নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিটো ঘটনাৰ প্রকৃত সত্য উদঘাটনেৰে সজাগতা সৃষ্টিহে সাংবাদিকতাৰ মুখ্য লক্ষ্য

🔹 গুৱাহাটীত সাংবাদিক কর্মশালাত ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ ডিচেম্বৰ : আমাৰ সন্মুখত সংঘটিত ঘটনা–দুর্ঘটনাসমূহ সাংবাদিকতাৰ মূল লক্ষ্য হ’ব নোৱাৰে৷ প্রতিটো ঘটনাৰ অন্তৰালত থকা প্রকৃত সত্য উদঘাটন কৰি সমাজখনক অৱগত কৰি সজাগতা সৃষ্টি কৰাহে সাংবাদিকতাৰ মুখ্য লক্ষ্য৷– কালি মাছখোৱা সাংস্কৃতিক প্রকল্পত ‘দ্য নিউজ প্লাছ’ৰ উদ্যোগত অনুষ্ঠিত ‘স্বাগতম ২০২৪’ অনুষ্ঠানৰ সাংবাদিক কর্মশালাত এই মন্তব্য কৰে ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাই৷ কলিতাই কয় যে অনুসন্ধানমূলক সাংবাদিকতাইহে সমাজৰ কল্যাণ সাধন কৰিব পাৰে৷ সম্প্রতি সংবাদ মাধ্যমৰ প্রসাৰ হৈছে যদিও অনুসন্ধানমূলক সাংবাদিকতা হ্রাস হৈছে৷ তেওঁ কয় যে তথ্য–প্রযুক্তিৰ বিকাশৰ লগে লগে সংবাদ ক্ষেত্রখন পূর্বৰ তুলনাত বহু পৰিমাণে শক্তিশালী৷ এতিয়া ছপা মাধ্যম, ইলেক্ট্রনিক মাধ্যম, ডিজিটেল মাধ্যম আদিৰ প্রসাৰ হৈছে৷ আটাইকেইটা মাধ্যমেই সংবাদ ক্ষেত্রখনক চহকী কৰিছে৷ এতিয়া সংবাদ মাধ্যমক শ্রেণী বিভাজন কৰাৰ বিপৰীতে একগোট কৰাৰ প্রয়োজন বুলি মন্তব্য কৰে কলিতাই৷ অনুষ্ঠানত দ্য নিউজ প্লাছৰ পৰিচালন উপদেষ্টা ড০ দয়ানন্দ পাঠক, শিক্ষাবিদ পৰেশ বৈশ্য, নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞা, জ্যেষ্ঠ সাংবাদিক ভবেন দত্ত আদিয়ে সমল ব্যক্তি হিচাপে ভাষণ প্রদান কৰে৷ অনুষ্ঠানত ‘দ্য নিউজ প্লাছ’ৰ চিএমডি অনির্বাণ দাসে অভ্যাগতক আদৰণি জনায়৷ সাংবাদিক অমলেশ বর্মনে পৰিচালনা কৰা কর্মশালাত গুৱাহাটীৰ কেইবাখনো গণসংযোগ শিক্ষানুষ্ঠানৰ ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰে৷ অংশগ্রহণকাৰী ছাত্র–ছাত্রীসকলক প্রমাণ–পত্র প্রদান কৰে বিধায়ক আব্দুল ৰছিদ মণ্ডলে৷

You might also like