কাইলৈৰ পৰা আউনীআটী সত্ৰত অসম ভাওনা সমাৰোহ-২০২৬
অসম ভাওনা সমাৰোহ ২০২৬ কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত আৰম্ভ হব। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা ভাওনা সমাৰোহৰ সভাপতি ডঃ পীতাম্বৰদেৱ দেৱ গোস্বামীয়ে কয়, ২০০৬ চনৰ পৰা প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰই মনিকাঞ্চন ৰংগ ক্ষেত্ৰত অনুষ্ঠিত কৰি অহা অসম ভাওনা সমাৰোহে এই বছৰ একাদশ সংখ্যাত ভৰি দিছে।
তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এইক্ষেত্ৰত মাজুলীবাসীৰ লগতে অসমৰ ভক্তিপ্ৰাণ ৰাইজে বিপুল সঁহাৰি জনাইছে। সত্ৰাধিকাৰ তথা ভাওনা সমাৰোহ সমিতিৰ সভাপতি ডঃ পীতাম্বৰদেৱ গোস্বামীয়ে কয়, এই ভাওনা কেৱল মাজুলীতেই সীমাবদ্ধ নাথাকি অসমৰ বিভিন্ন ঠাইলৈ ভাওনা সংস্কৃতিয়ে বিশেষ গতিশীল ৰূপ পাবলৈ সক্ষম হৈছে, এয়া সকলোৰে বাবে শুভ বাৰ্তা।
সেয়েহে বৃহৎ অনুষ্ঠানভাগি সুন্দৰভাবে অনুষ্ঠিত কৰাৰ ক্ষেত্রত কেনেদৰে আগবাঢ়িব আৰু ভাওনা প্ৰতিযোগিতাৰ লগতে কেনেধৰণৰ অনুষ্ঠান থাকিব সেই সকলো বিষয়ে সত্ৰাধিকাৰগৰাকীয়ে পূৰ্বৰ অভিজ্ঞতাৰ পৰাই আগবাঢ়িছে। সত্ৰাধিকাৰগৰাকীয়ে এইবাৰ সমাৰোহৰ লগত সংগতি ৰাখি ৩২খন ব্ৰজাৱলী ভাষাৰ ভাওনাৰ (নাটৰ) এটি সংকলন প্ৰকাশৰ দিহা কৰা হৈছে বুলি উল্লেখ কৰে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে সন্ত মহন্তসকলে ৰাম আৰু কৃষ্ণ কথা ভক্তি ভাৱৰ সোণপানী চৰাই ইংৰাজ নাট্যকাৰ উইলিয়াম শেক্সপীয়েৰতকৈ চকুৰী বছৰ আগতে অসমত নাট্য আন্দোলনৰ সূচনা কৰি ভাওনাৰ মাধ্যমেৰে অসমৰ জনজীৱনত আধ্যাত্মিক জাগৰণ আনিছিল।
কিন্তু ইয়াৰ বাস্তৱ প্ৰতিফলন নঘটাৰ বাবেই কেৱল সাময়িক মনোৰঞ্জনধৰ্মী অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। ভাওনাৰ উচিত প্ৰতিফলন ঘটিলে বিচ্ছিন্নতাবাদ আৰু অসমাজিক কাৰ্যকলাপ বহুগুণে হ্ৰাস পাব। এই উদ্দেশ্য আগত ৰাখি এই ভাওনা সমাৰোহ উদযাপন কৰি অহা হৈছে বুলি সত্ৰাধিকাৰ ডঃ পীতাম্বৰদেৱ গোস্বামীয়ে উল্লেখ কৰে।
তাৰোপৰি ভাওনাৰ সূত্ৰধাৰী চৰিত্ৰৰ ওপৰত বহুল প্ৰচাৰৰ বাবে এইবছৰ একাদশ সংখ্যক সদৌ অসম ভাওনা সমাৰোহ মনিকাঞ্চন ক্ষেত্ৰত ৫০০গৰাকী সূত্ৰধাৰ নৃত্যৰে উদ্বোধন কৰাৰ যাবতীয় ব্যৱস্থা কৰিছে। এই সমাৰোহ আউনীআটিত ১৮ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব।
সমাৰোহৰ এইবাৰৰ প্ৰদৰ্শনী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিছে। ১৮ জানুৱাৰী প্ৰথম দিনৰ কাৰ্যসূচী অংশ হিচাপে আঞ্চলিক ৰাইজৰ সৌজন্যত পুৱা ৫ বজাত প্ৰভাতী কীৰ্তন, ৮-৩০ বজাত ধৰ্মধ্বজা উত্তোলন, ৯ বজাত ক্ষেত্ৰ পৰিদৰ্শন ,মণিকূটৰ দ্বাৰ মুকলি, নাম প্ৰসংগ, ১০ বজাত ভোজনালয়ৰ দ্বাৰ উন্মোচন ,১০-৩০ বজাত জুবিন গাৰ্গ সোঁৱৰণী প্ৰদৰ্শনী দ্বাৰ উন্মোচন, ১১ বজাত অসম ভাওনা সমাৰোহ আনুষ্ঠানিক উদ্বোধন আৰু সন্মানীয় সত্ৰাধিকাৰ সকলৰ দ্বাৰা বন্তি প্ৰজলন, স্মৃতি গ্ৰন্থ উন্মোচন, ২ বজাত ৫০০ সূত্ৰধাৰাৰ দ্বাৰা সূত্ৰনৃত্য প্ৰদৰ্শন, ২-৩০ বজাত আউনীআটি সাংস্কৃতিক সেৱা সমিতি দ্বাৰা পৰিবেশন আৰু পৰিচালনাৰে গুৰুজনাৰ ৰামবিজয় ভাওনা ” ৰামবিজয় “উদ্বোধন, বিয়লি ৪ বজাত বন্তি প্ৰজলন আৰু ভাওনা প্ৰতিযোগিতা উদ্বোধন, ৪-১০ বজাত প্ৰতিযোগিতাৰ প্ৰথম দৰ্শনী ভাওনা “জন্মে জয়ৰ সৰ্প মেধ যজ্ঞ ,কলিৰ পৰাভব” জগন্নাথ শিল্পী সমাজ, নামহাবুঙীয়া ,ৰৰৈয়া যোৰহাট, নিশা ৮-৩০ বজাত প্ৰতিযোগিতাৰ দ্বিতীয় দৰ্শনী ভাওনা “শ্ৰোতশ্ৰৱানন্দৰ বৈকুণ্ঠ ৰোহন” পৰিবেশন কৰিব এনাই আধ্যাত্মিক কলা কেন্দ্ৰ, এনাইঘৰীয়া কাকডোঙা।
সমাৰোহত প্ৰথম দিনাই দুখনকৈ ভাওনাৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হব। প্ৰতিদিনে দুখনকৈ প্ৰতিযোগিতাৰ ভাওনা প্ৰদৰ্শিত হব। ভাওনাৰ শেষৰ দিনা বোকাবিল শিল্পী সমাজৰ দ্বাৰা “সিতা হৰণ বালি বধ “ভাওনা মিছিং ভাষাত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। এই ভাওনা সমাৰোহৰ উদ্বোধনী অনুষ্ঠান ৫০০ গৰাকী সূত্ৰধাৰৰ নৃত্যৰ দ্বাৰা সমাৰোহৰ শুভাৰম্ভ কৰা হ’ব।
ইয়াৰ বাবে সূত্রধাৰসকলৰ আখৰা কৰাই ভাওনা প্ৰতিযোগিতা স্থলীত সম্পূৰ্ণ কৰাৰ ব্যৱস্থা হৈছে। আনহাতে ভাওনা সমাৰোহ আৰু প্ৰতিযোগিতাৰ ভাওনাসমূহ উদ্বোধন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন ক্ষেত্রৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক নিমন্ত্রণ কৰাৰ বিষয়ে জনোৱাৰ বিষয়ে সিদ্ধান্ত কৰা হৈছে।
আনহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে ভাওনা সমাৰোহত জুবিন গাৰ্গ স্মৃতি প্ৰদৰ্শনী ক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব। তাৰোপৰি প্ৰতিদিনে প্ৰতিযোগিতাত দুখনকৈ ভাওনা থাকিব। সমাৰোহ খনি শৃংখলাব্ধভাৱে পৰিচালিত হোৱাৰ বাবে সমূহ সহযোগিতা একান্তই প্ৰয়োজন বুলি ৰাইজলৈ আহ্বান জনাইছে সমাৰোহ সমিতিয়ে ।
বিশেষ বাৰ্তা, মাজুলী, ১৭ জানুৱাৰী