২০২৬ চনৰ HSLC-HS পৰীক্ষাৰ সময়সূচী ঘোষণা
অসমত আগন্তুক বছৰত অনুষ্ঠিত হ’ব লগা দুটা গুৰুত্বপূর্ণ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই ঘোষণা কৰিছে।
সেই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ১০ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখৰ পৰা আৰম্ভ হ’ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (SEBA) পৰীক্ষাটো আয়োজন কৰিব।
একেদৰে মেট্ৰিক পৰীক্ষাৰ মাত্ৰ এদিন পিছতেই, অৰ্থাৎ ১১ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ (AHSEC) আয়োজন কৰা উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ চূড়ান্ত পৰীক্ষা।
এই ঘোষণাৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে আগতীয়া পৰীক্ষাৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীক আন্তৰিক শুভেচ্ছা জনাইছে।
ডিজিটেল ডেস্ক, ১৯ নৱেম্বৰ