নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰনাম,জুনানাম,ঘোষা নাম,নাগাৰা নামৰ ধ্বনিৰে মুখৰিতঃ সৰুপেটাৰ কলবাৰীৰ শ্ৰীশ্ৰীৰামচৰণ ঠাকুৰ আতা সত্ৰত পালনাম মহোৎসৱৰ সামৰণি

নিয়মীয়া বাৰ্তা, ১৭ মে’ : ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক কলবাৰী গাঁৱৰ শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰত তিনিদিনীয়াকৈ উদযাপিত ৯০ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ আজি সফলভাৱে সামৰণি পৰে। উল্লেখ্য যে আজি অন্তিম দিনা দিনৰ তিনি বজাত সামৰণি পৰা উনৈশ ঘণ্টীয়া এক মনোৰম কাৰ্যক্ৰমণিকা শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট “বীৰনাম” সমাৰোহ উপভোগ কৰাৰ বাৱে পালনাম মহোৎসৱথলীত কলবাৰীৰ লগতে ভিন্ন প্ৰান্তৰ হেজাৰ হেজাৰ সংস্কৃতিপ্ৰেমী ৰাইজৰ সমাবেশ ঘটি মহামিলনৰ থলীলৈ ৰূপান্তৰিত হয় ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ পালনাম মহোৎসৱথলী।কালি নিশা আঠ বজাৰ পৰা আৰম্ভ হোৱা বীৰনাম সমাৰোহ উদ্বোধন কৰে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে।আজি তিনি বজালৈ অনুষ্ঠিত উনৈশ ঘণ্টীয়া বীৰনাম সমাৰোহত সৰভোগৰ নুনতোলা গোলাপাৰা কৃষ্টি সংঘ বীৰনাম দল, ভৱানীপুৰ মাহতলীহাটীৰ গোপাল আতা থিয়নাম দল,বামুণবড়ী ফুলোৰগুৰি বীৰনাম দল, হাউলী গাওঁ বোৱাৰী মহিলাৰ নাম দল,কলবাৰী শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা মহিলা থিয়নাম দল,কলবাৰী বীৰনাম সাংস্কৃতিক সংঘ,কলবাৰী বীৰনাম সত্ৰীয়া কলা কেন্দ্ৰৰ শিল্পী সকলে বীৰনাম পৰিবেশন কৰে। তদুপৰি কলবাৰী বীৰনাম এনজিওৱে বীৰনাম-জুনানাম,নাগাৰা নামৰ ত্ৰিবেণী সংগমেৰে নাম পৰিবেশনৰ লগতে কলবাৰীৰ জ্যোষ্ঠ বীৰনামৰ শিল্পী পুলকানন্দ তালুকদাৰ, অশ্চিনী ঠাকুৰীয়াৰ নেতৃত্বত এহেজাৰৰো অধিক পুৰুষ-মহিলা বীৰনামৰ শিল্পী, নব্বৈযোৰ বৰতাল বাদনেৰে অন্য এক আকৰ্ষণীয় বীৰনাম পৰিবেশন কৰে।আজি বীৰনাম সমাৰোহথলীত বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে অতিথিৰূপে বক্তৃতা প্ৰদান কৰাৰ লগতে বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী নকুল দাস পাঠকে নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে।বীৰনাম সমাৰোহৰ আত ধৰে সাংবাদিক ৰাজীৱ তালুকদাৰ আৰু নাট্যশিল্পী-বীৰনামৰ শিল্পী পুলকানন্দ তালুকদাৰে।১৫ মে’ত সন্ধিয়া বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহত কালি দিনৰ ৭-৩০ পৰা সন্ধিয়া ৭-৩০ বজালৈ বাৰঘণ্টীয়া অখণ্ড পালনাম অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট নাম ধৰ্মৰ সংস্কৃতিৰে অন্য এক বৈকুণ্ঠপুৰী সদৃশ হৈ পৰে ঐতিহ্যমণ্ডিত কলবাৰীৰ শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহথলী।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like