নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আছুৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি

বার্তা বুৰো, ১৭ মে’ মৰিগাঁও নগৰৰ মাজমজিয়াত অহা ১৯ জুনৰ পৰা দুদিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ২০২২বৰ্ষৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসটি সফলভাৱে ৰূপায়ন কৰাৰ উদ্দেশ্যে কালি দিনৰ ভাগত মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত গান্ধী ভৱন প্ৰাংগণত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, মৰিগাঁও সদৰ ছাত্ৰ সন্থা আৰু মৰিগঞা ৰাইজৰ সহযোগত আজি অনুষ্ঠিত হোৱা সভাই অহা ১৯আৰু ২০জুনত আছুৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস উদ্‌যাপনৰ বাবে এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাই মৰিগাঁৱৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তি তথা বিশিষ্ট শিক্ষাবিদ পোনাৰাম নাথক সভাপতি, অতনু কুমাৰ শৰ্মা আৰু নৱ নাথক কাৰ্যকৰী সভাপতি, আছুৰ উপ-সভাপতি উৎপল শৰ্মাক সাধাৰণ সম্পাদকৰ লগতে দিপুল কুমাৰ নাথ আৰু ৰূপজ্যোতি মেধিক যুটীয়া সম্পাদক হিচাপে বাচনি কৰে।সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিয়ে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা আৰু সদৌ তিৱা ছাত্র সন্থাৰ সভাপতি দীপক আমচংক পৃষ্ঠপোষক আৰু জিলা খনৰ একাধিক বিশিষ্ট ব্যক্তিক উপদেষ্টা হিচাপে লৈ অভ্যৰ্থনা সমিতিৰ কাম-কাজবোৰ সক্ৰিয়ভাৱে আগবঢ়াই নিবলৈ ব্যৱস্থাপনা সমিতিকে ধৰি সাংস্কৃতিক সমিতি, অতিথি আদৰণি সমিতি, অতিথি সম্বৰ্দ্ধনা আৰু সেৱা সমিতি, খাদ্য আৰু আপ্যায়ন সমিতি, স্মৃতিগ্ৰন্থ সমিতি, তোৰণ সমিতি, পতাকা উত্তোলন, শ্বহীদ তৰ্পন আৰু মাল্যাৰ্পন সমিতি, মঞ্চসজ্জা আৰু মণ্ডপ সমিতি, প্ৰচাৰ সমিতি, পৰিবহণ সমিতিৰ লগতে শব্দ আৰু পোহৰ সমিতি, স্বেচ্ছাসেৱক সমিতি, চিকিৎসা সমিতি আৰু স্বচ্ছতা-সৌন্দৰ্যবৰ্দ্ধন সমিতি হিচাপে মুঠ ১৫ খন উপ-সমিতিও গঠন কৰা হয়। ইফালে,আজি দিনৰ ভাগত জিলা আছুৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত জাতীয় দল সংগঠন তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তি সকলৰ লগতে জিলা খনৰ বিভিন্ন প্ৰান্তৰৰ সমাজ জীৱনৰ লগত জড়িত প্ৰায় পাঁচ শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইপিনে, অহা ১৯ আৰু ২০ জুনত মৰিগাঁৱত দুদিনীয়াকৈ বৰ্ণাঢ্য আৰু ভিন্নধৰ্মী কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ লগতে প্ৰায় দুই শতাধিক অতিথিয়ে অংশ গ্ৰহণ কৰিব।এই অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তুলিবলৈ সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই জিলা বাসীক আহ্বান জনাইছে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like