নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ লাইলাপুৰত মিজোৱে জ্বলাই দিলে অসমীয়াৰ ঘৰ–দোকান

সীমা বিবাদৰ ভয়ংকৰ ৰূপ

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ  চুবুৰীয়া ৰাজ্য মিজোৰামৰে অসমৰ সীমা বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ বৰাক উপত্যকাৰ কাছাৰ–কৰিমগঞ্জ–হাইলাকান্দিৰ বৃহৎ ভূমিখণ্ডত মিজোৰাম চৰকাৰৰ পৃষ্ঠপোষকতাত মিজো লোকে আগ্রাসন চলাই অহাৰ সময়তে শনিবাৰে নিশাৰ ভাগত সীমান্তবাসী অসমীয়াৰ ওপৰত চলিল আক্রমণ৷ অকল আক্রমণ কৰাতেই ক্ষান্ত নাথাকি মিজো দুর্বৃত্তই জ্বলাই দিলে অসমীয়া লোকৰ ঘৰ–দোকান৷ এই ঘটনা সংঘটিত হয় কাছাৰ জিলাৰ লাইলাপুৰ এলেকাত৷ প্রকৃততে মিজোৰ আগ্রাসন তথা সীমা বিবাদক কেন্দ্র কৰি বিগত দুদিন ধৰি সীমান্তৱর্তী লাইলাপুৰ এলেকাৰ পৰিস্থিতি উত্তপ্ত হৈ আছিল৷ ইয়াৰ মাজতে কালি দিনৰ ভাগত লাইলাপুৰৰ পৰা প্রায় ৫ কিলোমিটাৰ দূৰৰ হাৱাইথাঙৰ খুলিচ’ৰাত মিজোৰামৰ কোলাছিব জিলাৰ অন্তর্গত ভাইৰেংটে গাঁৱৰ একাংশ লোকে অসমৰ ভূমি দখলৰ চেষ্টা কৰে৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, অসমৰ ভূমি দখলত মিজোৰাম চৰকাৰে সম্পূর্ণৰূপে পৃষ্ঠপোষকতা আগবঢ়াইছে৷ অসম সীমান্তৰ দুই কিলোমিটাৰ ভিতৰত প্রৱেশ কৰি খুলিচ’ৰাত আনকি ক’ৰোনা আক্রান্তৰ তালাচীৰ নামত চেক প’ষ্টো বহুৱায়৷ ইয়াক কেন্দ্র কৰি দুয়োপক্ষৰ মাজত সংঘাতৰ সূত্রপাত ঘটে৷ সমগ্র বিষয়টো আৰক্ষীক অৱগত কৰোৱাত তাৎক্ষণিকভাৱে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়৷ অসমৰ লোকসকলে ইয়াৰ মাজতে মিজোৰামৰ চেক প’ষ্ট উৎখাত কৰে৷ কিন্তু ঘটনাৰ ইমানতে শাম নাকাটিল৷ নিশাৰ ভাগত মিজো দুর্বৃত্তই হাতে হাতে যাঠী–জোং, লাঠী আদি লৈ লাইলাপুৰত প্রৱেশ কৰি অসমীয়া লোকসকলৰ ওপৰত আক্রমণ চলায়৷ আগ্রাসী মিজোৱে ইমানতে ক্ষান্ত নাথাকি অসমীয়া লোকৰ বাসগৃহ আৰু দোকানলৈ লক্ষ্য কৰি নিক্ষেপ কৰে পেট্র’ল বোমা৷ ফলত দাওদাওকৈ জ্বলি উঠে বহুকেইখন দোকান আৰু একাধিক পৰিয়ালৰ বাসগৃহ৷ অসমীয়া লোকসকলেও মিজো দুর্বৃত্তক উভতি ধৰে৷ স্থানীয় মছজিদৰ মাইকযোগে ৰাইজক ওলাই আহিবলৈ ঘোষণা কৰা হয়৷ লগে লগে সহস্রাধিক জনতা ওলাই আহে আৰু দুর্বৃত্তৰ দলক খেদি পঠিয়াবলৈ সক্ষম হয়৷ কিন্তু নির্দিষ্ট দূৰত্বত আশ্রয় লৈ অসমীয়া লোকক লক্ষ্য কৰি মিজো দুর্বৃত্তই পুনৰ পেট্র’ল বোমা নিক্ষেপ কৰে৷ মিজো দুর্বৃত্তৰ আক্রমণত স্থানীয় দুজন যুৱক আহত হোৱা বুলি জানিব পৰা গৈছে৷ ইয়াৰে লাইলাপুৰৰ বাসিন্দা নাজিমুদ্দিন নামৰ যুৱকজনৰ অৱস্থা বর্তমান সংকটজনক৷ সেইদৰে বিপৰীত পক্ষৰো কেইবাজনো লোক এই ঘটনাত কম–বেছি পৰিমাণে আহত হয়৷

ঘটনাৰ খবৰ পোৱাৰ পাছতে লাইলাপুৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বি এল মীনা, উপ–আৰক্ষী অধীক্ষক ভার্গৱ গোস্বামী আৰু ধলাই থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া চাহাবুদ্দিন বৰভূঞাই৷ ইতিমধ্যে সীমান্তৱর্তী এলেকাত আৰক্ষী আৰু চি আৰ পি এফৰ দল মোতায়েন কৰা হৈছে৷ এই ঘটনা সন্দর্ভত আৰক্ষী অধীক্ষক বি এল মীনাই কয় যে বর্তমানেও উত্তেজনা অব্যাহত আছে৷ কিন্তু পৰিস্থিতি নিয়ন্ত্রণাধীন৷ অসমৰ এজন লোক আহত হৈছে৷ কিন্তু এই বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভুৱা বাতৰি প্রকাশ পাইছে৷ তেওঁ অস্থায়ী বজাৰ আৰু দোকান ভস্মীভূত হোৱাটো নিশ্চিত কৰিছে৷ কালিৰ ঘটনাৰ পাছত আজি পুৱাৰ ভাগতো ৰাজপথলৈ ওলাই আহে লাইলাপুৰ–হাৱাইথাংব্৷ মিজোৰাম সীমান্তত উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে দেওবাৰে লাইলাপুৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বনমন্ত্রী পৰিমল শুক্লবৈদ্য, প্রাক্তন সাংসদ সুস্মিতা দেৱ আদিয়ে৷ বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ লগত আছিল কাছাৰ জিলাৰ উপায়ুক্ত–আৰক্ষী অধীক্ষককে ধৰি প্রশাসনৰ শীর্ষস্থানীয় বিষয়াবর্গ৷ সমগ্র ঘটনাটোৰ উচ্চ পর্যায়ৰ তদন্ত আৰু শীঘ্রে বিষয়টো মীমাংসাৰ বাবে কাছাৰ জিলা প্রশাসনক বনমন্ত্রী শুক্লবৈদ্যই নির্দেশ দিয়ে৷ অসম চৰকাৰৰ হৈ লাইলাপুৰবাসীক সম্পূর্ণ সমর্থন আৰু সহযোগিতা আগবঢ়োৱাৰো প্রতিশ্রুতি দিয়ে বনমন্ত্রী শুক্লবৈদ্যই৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ আয়ুক্ত সচিব জি ডি ত্রিপাঠীয়েও এই ঘটনাৰ বুজ লোৱাৰ লগতে কোলাচিব জিলাৰ আৰক্ষী অধীক্ষক বানলালফাকাৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকত অসম–মিজোৰাম সীমান্তৱর্তী বিতর্কিত ভূমিত কোনো ধৰণৰ নির্মাণকার্য নকৰাৰ মৌখিক সিদ্ধান্ত গ্রহণ কৰা হয়৷ লগতে দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে কোনো ধৰণৰ শিবিৰ স্থাপন নকৰাৰ আৰু অসমৰ লোকে পথ অৱৰোধ নকৰাৰো সিদ্ধান্ত লোৱা হয়৷ মন কৰিবলগীয়া যে অসমৰ ভূমিত আগ্রাসন চলোৱা মিজোৰামে ওলোটাই লাইলাপুৰবাসীৰ ওপৰতহে দোষ জাপি দিব বিচাৰিছে৷ কোলাছিব জিলাৰ উপায়ুক্ত এইচ লালথাংলিয়ানাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি লাইলাপুৰৰ লোকে সীমান্তত নিয়োজিত মিজোৰাম আৰক্ষী আৰু মিজো জনসাধাৰণক লক্ষ্য কৰি শিলাবর্ষণ কৰিছিল৷ তেতিয়াহে স্থানীয় মিজো লোকসকল ওলাই আহে৷ এই ঘটনাত মিজোৰামৰ তিনিজন লোক আহত হৈছে৷ ইয়াৰে এজনৰ অৱস্থা সংকটজনক আৰু বর্তমানে চিকিৎসাধীন হৈ আছে৷

উল্লেখ্য যে কাছাৰৰ উপৰি বৰাক উপত্যকাৰ আন দুখন জিলা কৰিমগঞ্জ আৰু হাইলাকান্দিৰো বৃহৎ ভূমিখণ্ডত মিজোৰামে আগ্রাসন চলাই আহিছে৷ অতি শেহতীয়াকৈ মিজোৰামৰ এজন মন্ত্রী আৰু তিনিজন বিধায়কৰ নেতৃত্বত যোৱা ১২ অক্টোবৰত কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তর্গত চেৰাগী সংৰক্ষিত বনাঞ্চলৰ ছোটভূবি এলেকাত নির্মাণকার্য চলাইছিল৷ এই বিষয়টোক কেন্দ্র কৰি তীব্র উত্তেজনা বিৰাজ কৰাৰ সময়তে যোৱা ১৪ অক্টোবৰত কৰিমগঞ্জ জিলা প্রশাসনে মিজোৰামৰ মামিট জিলাৰ উপায়ুক্ত–আৰক্ষী অধীক্ষকৰ সৈতে এখন বৈঠকত মিলিত হয়৷ এই বৈঠকত দুয়োপক্ষই স্থিতাৱস্থা মানি চলাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু কাছাৰ জিলা সংলগ্ণ সীমান্তত কালি নিশা সংঘটিত ঘটনাই মিজোৰামৰ আগ্রাসী মনোভাবকেই পুনৰ প্রকট কৰি তুলিলে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– লাইলাপুৰত অসমীয়া লোকৰ ওপৰত মিজোৱে চলোৱা আক্রমণৰ পাছতে আজি মিজোৰাম চৰকাৰে তাৎক্ষণিকভাৱে এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে৷ তাৰ মাজতেই মিজোৰামৰ মুখ্যমন্ত্রী জ’ৰামথাংগাই এক টুইটযোগে সকলোকে শান্তি বর্তাই ৰখাৰ বাবে আহ্বান জনাই কয় যে কোনোৱে যাতে প্রশাসনিক প্রক্রিয়াক অতিক্রম কৰি নাযায়৷
সীমান্তৰ সংঘাত প্রধানমন্ত্রীৰ কার্যালয়–গৃহ মন্ত্রালয়ক অৱগত কৰিলে মুখ্যমন্ত্রীয়ে
অসম–মিজোৰাম সীমান্তত সংঘটিত সংঘাতৰ বিষয়ে দেওবাৰে টেলিফোনযোগে প্রধানমন্ত্রী কার্যালয় আৰু কেন্দ্রীয় গৃহ মন্ত্রালয়ক সবিশেষ অৱগত কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ তদুপৰি মিজোৰামৰ মুখ্যমন্ত্রী জ’ৰামথাংগাৰ সৈতেও সীমান্তত সংঘটিত ঘটনাৱলী সম্পর্কত মুখ্যমন্ত্রী সোণোৱালে টেলিফোনযোগে বার্তালাপ কৰে৷ বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে কয় যে দুয়োখন ৰাজ্যই সীমান্তত সংঘটিত উত্তেজনাময় পৰিস্থিতি প্রশমনৰ বাবে ফলপ্রসূ পদক্ষেপ ল’ব লাগে৷ শান্তি–শৃংখলা অটুট ৰখাৰ ক্ষেত্রত দুয়োখন চৰকাৰে কাম কৰাৰ পোষকতা কৰাৰ লগতে তেওঁ সীমান্তৰ বিবাদ আলোচনাৰ মাধ্যমেৰেহে সমাধান কৰিব পৰা যাব বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয় যে সংঘাতৰ পৰিৱর্তে আলাপ–আলোচনাৰ মাধ্যমেৰেহে সমস্যাৰ সমাধান সূত্র উলিওৱাটো সম্ভৱ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত উত্তৰ–পূর্বাঞ্চলে উন্নয়নৰ নতুন যাত্রা পথেৰে অগ্রসৰ হ’বলৈ সক্ষম হৈছে৷ উন্নয়নৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত শান্তি–শৃংখলা অটুট ৰখাটো নিতান্তই প্রয়োজন৷ টেলিফোনযোগে হোৱা বার্তালাপৰ সময়ত মিজোৰামৰ মুখ্যমন্ত্রী জ’ৰামথাংগাই দুয়োখন ৰাজ্যৰ সীমান্তত শান্তি–শৃংখলা অটুট ৰখাৰ ক্ষেত্রত ইতিবাচকভাৱে কাম কৰাৰ আশ্বাস দিয়ে৷

You might also like