নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ ঘোষণা– ‘শীঘ্রে ২৬,০০০ পদত হ’ব নিযুক্তি

মুখত প্রাপ্তিৰ হাঁহি লৈ নিযুক্তি–পত্র ল’বলৈ আহিল সহস্রজন

নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ:  প্রতিশ্রুতি যেতিয়া প্রাপ্তিলৈ ৰূপান্তৰিত হয়, তেতিয়া জীৱনে ৰং সলায়৷ জীৱনলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই ৰাজ্য চৰকাৰে আজি চৰকাৰী চাকৰিত নিযুক্তি প্রদান কৰিলে ১১ হাজাৰতকৈও অধিক যুৱক–যুৱতীক৷ কার্যতঃ এই নিযুক্তিয়ে সহস্রজনৰ মুখলৈ বিৰিঙাইছে হাঁহি৷ প্রাপ্তিৰ হাঁহি লৈ  খানাপাৰাত নিযুক্তি–পত্র ল’বলৈ ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা আহিল যুৱক–যুৱতীসকল৷ এক নতুন জীৱনৰ ছবি আগত লৈ নিযুক্তি–পত্র হাতত তুলি লৈ মুখ্যমন্ত্রীক দিলে হিয়াভৰা আশীর্বাদ৷ কোনোৱে আহিল কোলাত কেঁচুৱা লৈ, কোনো আহিল পিতৃ–মাতৃৰ সৈতে, কোনো আহিল শাহু–শহুৰৰ সৈতে৷ পত্নীয়ে আৰক্ষীত লাভ কৰা নিযুক্তি–পত্র ল’বলৈ আহি উৎফুল্লিত মনেৰে থিয় হ’ল খানাপাৰাৰ বিশাল সভাস্থলীত৷ একেদৰে ৫০ৰ ডেওনা পাৰ কৰা আৰু অৱসৰলৈ কেইবছৰমান থকা বহুকেইজনে মুখত প্রাপ্তিৰ হাঁহি লৈ উপস্থিত হ’ল সভাস্থলীত৷ দিলে মুখ্যমন্ত্রীক অশেষ ধন্যবাদ৷ কার্যতঃ এই নিযুক্তিয়ে নমাই আনিলে বহু পৰিয়াললৈ আশাৰ বতৰা৷

এনে এক পৰিৱেশতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা– অচিৰেই ১০ হাজাৰ পদত দিয়া হ’ব নতুন নিযুক্তি৷ মুখ্যমন্ত্রীয়ে ক’লে– অনাগত দিনত এনেকুৱা নিযুক্তি সভা বহু অনুষ্ঠিত হ’ব৷ এক লাখ নিযুক্তি সম্পূর্ণ নোহোৱালৈকে চলি থাকিব এই প্রচেষ্টা৷ চাহ বাগিচা অঞ্চলত হ’ব ১০০খন নতুন বিদ্যালয়৷ অসমৰ অশ্বমেধ যাত্রা এইদৰে চলি থাকিব৷ সেয়াই নহয়, ফ’ৰেষ্ট বেটেলিয়নৰ বাবে আৰু এটা বেটেলিয়ন গঠন হ’ব৷ যিসকলে আৰক্ষীত নিযুক্তি লাভ নকৰিলে, তেওঁলোক হতাশ হোৱাৰ প্রয়োজন নাই৷ দৌৰা বন্ধ নকৰিব৷ শীঘ্রেই ফ’ৰেষ্ট বেটেলিয়নত ওলাব ৫ হাজাৰ চাকৰি৷

নিযুক্তি প্রদানৰ পছতে মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত এইবুলি উল্লেখ কৰে– মেধা আৰু যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰা বহু দৰিদ্র পৰিয়ালৰ মাজত আনন্দৰ জোৱাৰ উঠিছে৷ এই আনন্দৰ মুহূর্তত মই নিযুক্তি–পত্র লাভ কৰা প্রতি যুৱক–যুৱতী, পিতৃ–মাতৃৰ লগতে অভিভাৱকসকলকো আন্তৰিক অভিনন্দন জনাইছোঁ৷ নৱনিযুক্ত প্রতিগৰাকী যুৱক–যুৱতীকে কর্মজীৱনত কোনোদিনেই দুর্নীতিক প্রশ্রয় নিদিওঁ বুলি সংকল্পবদ্ধ হ’বলৈ আহ্বান জনালোঁ৷ শাৰদীয় দুর্গোৎসৱৰ প্রাক্ক্ষণত লাভ কৰা এই নিযুক্তিক পূজাৰ উপহাৰ বুলি মন্তব্য কৰিলে বহুজনে৷ বহু কষ্ট আৰু ত্যাগৰ ফলত লাভ কৰা এই নিযুক্তিয়ে নমাই অনা আনন্দৰ বহিঃপ্রকাশ ঘটিব পূজাত৷ এইবুলি মন্তব্য কৰিলে আন বহুজনে৷ কোনোবাই যদি ১৮বাৰকৈ, কোনোবাই ৫বাৰকৈ, কোনোবাই ৬বাৰকৈ আৰক্ষীত নিযুক্তি লাভ কৰিবলৈ দিছিল পৰীক্ষা৷ কিন্তু হোৱা নাছিল সফল৷ এইবাৰ লাভ কৰা এই সফলতাই এইসকল যুৱক–যুৱতীৰ মনলৈ আনিছে নতুন উদ্যমিতা৷ মুখ্যমন্ত্রীক যুৱকসকলে দিলে অশেষ ধন্যবাদ৷

You might also like