নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মাক ঢাকালৈ আমন্ত্রণ শ্বেখ হাছিনাৰ

নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ: অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সৈতে পথ–ৰে’ল–নৌ পথেৰে যোগাযোগ আৰু ব্যৱসায়–বাণিজ্যিক সম্পর্ক উন্নত কৰাৰ পদক্ষেপ গ্রহণ কৰিছে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশে৷ এইক্ষেত্রত আগ্রহ প্রদর্শন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক তিনি দিনৰ বাবে ঢ়াকা ভ্রমণ কৰিবলৈ বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই আমন্ত্রণ জনাইছে৷ উল্লেখ্য যে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই শেহতীয়া নতুন দিল্লী ভ্রমণৰ সময়ত কেন্দ্রীয় ড’নাৰ মন্ত্রী জি কিষাণ ৰেড্ডীৰ সৈতে এক বৈঠকত মিলিত হৈছিল৷ সেই বৈঠকতে অসমৰ লগতে মেঘালয়, ত্রিপুৰা আৰু মিজোৰামৰ মুখ্যমন্ত্রীসকলক ঢ়াকা ভ্রমণ কৰিবলৈ আমন্ত্রণ জনায় বাংলাদেশ চৰকাৰৰ তৰফৰ পৰা৷ যোগাযোগ আৰু ব্যৱসায়–বাণিজ্যৰ সমান্তৰালভাৱে দুয়োখন দেশৰ কূটনৈতিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যেৰে এই আমন্ত্রণ জনোৱা বুলি সদৰী কৰিছে বাংলাদেশৰ বিদেশ মন্ত্রালয়ে৷ লক্ষণীয়ভাৱে বাংলাদেশৰ সৈতে অসমৰ ২৬২ কিঃমিঃ দৈর্ঘ্যৰ সীমান্ত সংলগ্ণ হৈ আছে৷ বাংলাদেশৰ বৈদেশিক দপ্তৰৰ ৰাজ্য মন্ত্রী শাহৰীয়াৰ আলমে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে অসমসহ উত্তৰ–পূর্বাঞ্চলৰ সৈতে সম্পর্ক মজবুত কৰিবলৈ আগ্রহী চুবুৰীয়া ৰাষ্ট্রখন৷ বাংলাদেশৰ বৈদেশিক মন্ত্রী ড০ এ কে আব্দুল মোমেনেও অনুৰূপ মন্তব্য কৰিছে৷ তেওঁ কয়–বিগত মে’ মাহত গুৱাহাটী ভ্রমণৰ সময়ত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মোৰ ওচৰত প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্রতি ধন্যবাদ আৰু কৃতজ্ঞতা প্রকাশ কৰিছে৷ তেতিয়া কিয় ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে, সেই বিষয়ে জানিব বিচৰাত তেওঁ কৈছিল– বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সন্ত্রাসবাদীৰ বিৰুদ্ধে শূন্য সহিষ্ণু নীতিৰ ফলতে উত্তৰ–পূর্বাঞ্চলৰ সাতখন ৰাজ্যত আজি শান্তি আৰু উন্নয়নৰ জোৱাৰ উঠিছে৷ দিনকদিনে ক্রমশঃ বৃদ্ধি পাইছে ব্যৱসায় আৰু বিনিয়োগ৷ নতুন নতুন ব্যৱসায়িক প্রতিষ্ঠান, বিশ্ববিদ্যালয় আৰু চিকিৎসালয় গঢ়ি উঠিছে৷ এইটো সম্ভৱ হৈছে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সন্ত্রাসবাদৰ বিৰুদ্ধে শূন্য সহিষ্ণু নীতিৰ বাবে৷ ইফালে, বাংলাদেশ চৰকাৰৰ বিদেশ মন্ত্রালয়ৰ এক সূত্রই জানিবলৈ দিয়া মতে, অসমৰ সৈতে চুবুৰীয়া ৰাজ্যখনৰ বাণিজ্যিক সম্পর্ক উন্নত কৰাৰ পদক্ষেপ ইতিপূর্বেই গ্রহণ কৰা হৈছিল৷ কিন্তু যোগাযোগ ব্যৱস্থাই এইক্ষেত্রত সৃষ্টি কৰিছে প্রতিবন্ধকতা৷ দিল্লী ভ্রমণকালত কেন্দ্রীয় ড’নাৰ মন্ত্রী আৰু বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাৰ মাজত অনুষ্ঠিত বৈঠকত এই প্রতিবন্ধকতাসমূহ দূৰ কৰাক লৈ আলোচনা কৰা হয়৷ অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ আন তিনি ৰাজ্যৰ মুখ্যমন্ত্রীয়ে ঢ়াকা ভ্রমণ কৰিলে দ্বিপাক্ষিক সম্পর্কৰ এটি নতুন অধ্যায় গঢ়ি উঠাৰ সমান্তৰালভাৱে পাৰস্পৰিক কূটনৈতিক সম্পর্কও সুদৃঢ় হ’ব বুলি সূত্রটোৰ দাবী৷

You might also like