নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থলুৱা লোকবাদ্য সংৰক্ষণৰ অভিনৱ পদক্ষেপ

২৭ ফুট দীঘল বাঁহীৰে ৰঙালীক আদৰিব তেজপুৰৰ পুষ্পেন্দ্র বৰাই

আধুনিকতাই শিল্পকলা ক্ষেত্রখনতো প্রভাৱ বিস্তাৰ কৰিলেও লোককলা বা লোকশিল্পৰ প্রতি আজিও আছে অনন্য আকর্ষণ৷ অকল আকর্ষণেই নহয়, এই লোকশিল্প বা লোককলাৰ বুকুৰ মাজৰ পৰাই সৃষ্টি হৈ আহিছে বহু যুগজয়ী সৃষ্টি৷ এনে লোককলাক চিৰযুগমীয়া কৰাৰ দায়বদ্ধতাৰে তেজপুৰৰ এগৰাকী লোকশিল্পীয়ে দেখুৱাবলৈ সক্ষম হৈছে এক বিশেষ দৃষ্টান্ত৷ তেজপুৰৰ এগৰাকী বয়োজ্যেষ্ঠ লোকশিল্পীয়ে একক প্রচেষ্টাৰে লোকবাদ্য নির্মাণ কৰি সংৰক্ষণেৰে অসমৰ প্রতিবিধ লোকবাদ্যৰ এক সংগ্রহালয় স্থাপন কৰি এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ ব’হাগ বিহুৰ বতৰত আটোমটোকাৰিকৈ এইগৰাকী তেজপুৰৰ চহা জীৱনৰ লোকশিল্পীয়ে অতি কষ্টৰে তৈয়াৰ কৰা ২৭ ফুট দৈর্ঘ্যৰ এটা বাঁহীৰে বাপতি–সাহোন ৰঙালী বিহুক আদৰাৰ বাবে প্রস্তুতি চলাইছে তেজপুৰৰ এইগৰাকী বিশিষ্ট লোকশিল্পীয়ে৷ এইগৰাকী লোকশিল্পী হ’ল– তেজপুৰৰ সর্বজন পৰিচিত পুষ্পেন্দ্র বৰা৷ ডল্লেখ্য যে মাত্র ৭ বছৰ বয়সতে বাঁহীবাদনৰ প্রতি আকর্ষিত হোৱা তেজপুৰ দ–বেছেৰীয়াৰ বয়োজ্যেষ্ঠ শিল্পী পুষ্পেন্দ্র বৰাৰ যাদুকৰী হাতৰ পৰশত থলুৱা লোকবাদ্যসমূহে প্রাণ পাই ডঠে৷ পাশ্চাত্য সংগীতৰ বিভিন্ন ধৰণৰ আধুনিক বাদ্যযন্ত্রৰ প্রভাৱত অসমীয়া লোকবাদ্যসমূহ ক্রমাৎ হেৰাই যোৱাৰ আশংকাতে শিল্পীগৰাকীয়ে অসমৰ প্রতিটো থলুৱা বাদ্যযন্ত্র তৈয়াৰ কৰাৰ কৌশল আৰু জ্ঞান আয়ত্ত কৰি অসমৰ লোককলা সংসৃকতিৰ ক্ষেত্রখনলৈ এক অভূতপূর্ব অৱদান আগবঢ়াই আহিছে৷

মন কৰিবলগীয়া যে অসমীয়া লোকবাদ্যসমূহৰ ভিতৰত ম’হৰ শিঙৰ পেঁপা, বাঁহী, ডগৰ, গগনা, সুতুলি, চাৰিণ্ডা, টকা, একতাৰা, দোতাৰা আৰু বেং নামৰ বাদ্যযন্ত্রবিধো তৈয়াৰ কৰাৰ লগতে অতি সুন্দৰ আৰু নিখুঁতভাৱে বজাই ৰাইজৰ পৰা সমাদৰ লাভ কৰি আহিছে৷ অসমৰ লোক–সংসৃকতিৰ প্রতিটো আপুৰুগীয়া বাদ্যযন্ত্র তৈয়াৰ কৰাৰ লগতে বিভিন্ন মঞ্চত পৰিৱেশন কৰি অহা বিশিষ্ট শিল্পী তথা অভিনেতা পুষ্পেন্দ্র বৰাই কয়, অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা বহু লোকে মই তৈয়াৰ কৰা ম’হৰ শিঙৰ পেঁপা ইতিমধ্যে মোৰ পৰা ক্রয় কৰি নিছে৷ ম’হৰ শিঙৰ পেঁপা তৈয়াৰ কৰাটো অতি কঠিন কাম আৰু তাতকৈ কঠিন হ’ল ম’হৰ শিং বিচাৰি অনাটো৷ তাৰ মাজতে বাৰিষা আৰু খৰালি সময়ত ম’হৰ শিং বিচাৰি মই ব্রহ্মপুত্র আৰু ডিপোটা নৈৰ বালিচৰ চলাথ কৰোঁ আৰু তাৰ পাছতহে সৌভাগ্যক্রমে ক’ৰবাত দুই–এটা ম’হৰ শিং বিচাৰি পাওঁ৷

বিশিষ্ট শিল্পীগৰাকীয়ে লগতে কয়, মই তৈয়াৰ কৰা ম’হৰ শিঙৰ পেঁপা অসম আৰু ভাৰতৰ বিভিন্ন প্রান্তৰ লগতে আমেৰিকালৈও বহু শিল্পীয়ে সৰবৰাহ কৰিছে৷ অসমীয়া বহু পৰম্পৰাগত এনে লোকবাদ্য আজিৰ প্রজন্মই নেদেখাকৈয়ে হেৰাই যোৱাৰ উপক্রম ঘটাৰ সময়তে এই আপুৰুগীয়া সম্পদসমূহ সংৰক্ষণৰ ক্ষেত্রত বিশিষ্ট শিল্পীগৰাকীয়ে নিজৰ বাসগৃহতে এক বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ শিল্পীগৰাকীয়ে নিজা ঘৰতে এই সম্পদসমূহক লৈ এক সংগ্রহালয়সদৃশ ব্যৱস্থা গ্রহণ কৰাৰ পাছতে বিভিন্ন প্রান্তৰ বহু লোক এই থলুৱা বাদ্যযন্ত্রসমূহ চাবলৈ শিল্পীগৰাকীৰ বাসগৃহত ডপস্থিত হয়৷ ইয়াৰ মাজতে শিল্পী পুষ্পেন্দ্র বৰাই অতি কষ্টৰে সাজি ডলিওৱা ২৭ ফুট দৈর্ঘ্যৰ বাঁহী বজাই ৰাইজৰ পৰা প্রশংসা লাভ কৰিছে৷ শিল্পীগৰাকীয়ে জনোৱা মতে, অসমীয়া থলুৱা বাদ্যযন্ত্রসমূহ তৈয়াৰ কৰিবৰ বাবে প্রয়োজন হোৱা সামগ্রীসমূহৰ যথেষ্ট নাটনি হোৱাত বাদ্যযন্ত্রবোৰ প্রস্তুতৰ ক্ষেত্রত বহু কষ্ট হয়৷ বামুণ ভেকুলীৰ ছালেৰে নাৰিকলৰ কুৰুকাত নির্মাণ কৰা ‘বেং’ নামৰ থলুৱা লোকবাদ্যটো তৈয়াৰ কৰাৰ কৌশল অতি আকর্ষণীয়৷ বর্তমান সময়ত খেতি পথাৰত ব্যাপক হাৰত কীটনাশক ঔষধ ব্যৱহাৰ কৰাৰ পৰিণতিতে বামুণ ভেকুলী সম্প্রতি অস্তিত্বৰ সংকটত পৰাত ‘বেং’ নামৰ এই বাদ্যযন্ত্রবিধ তৈয়াৰ কৰাৰ ক্ষেত্রত প্রবল প্রত্যাহ্বানৰ সৃষ্টি হৈছে৷ তদুপৰি তেজপুৰ দ–বেছেৰীয়াৰ এইগৰাকী লোকশিল্পীয়ে বিভিন্ন সময়ত কৰতাল, কৰিতাল, নাগাৰা, ঢ়োল আৰু খোল আদি বজাই অসমীয়া লোক–সংসৃকতিৰ জগতখনলৈ এক অৱদান আগবঢ়াই আহিছে৷

শিল্পীজনে ছাত্র–ছাত্রী তথা যুৱক–যুৱতীসকলক্ প্রতিবিধ অসমীয়া বাদ্যযন্ত্র বাদনৰ প্রশিক্ষণ নিজা বাসগৃহতে বিগত দিন ধৰি বিনামূলীয়াকৈ দি অহাৰ ডপৰি বিভিন্ন ভাষাত কর্মশালাৰ মাধ্যমেৰে অংকীয়া ভাওনা প্রদর্শন কৰাৰো প্রচেষ্টা চলাই আহিছে৷ অসমীয়া সংসৃকতিৰ থলুৱা লোকবাদ্যসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰি ডল্লেখনীয় অৱদান আগবঢ়াই অহা শিল্পীগৰাকীক অসমৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগতে ৰাইজে সম্বর্ধনা জনাই আহিছে৷ নিজৰ ঘৰখনকে একপ্রকাৰ যাদুঘৰৰ ৰূপ দি প্রায় সকলো অসমীয়া লোকবাদ্য সংৰক্ষণ কৰা শিল্পীগৰাকীৰ প্রচেষ্টাৰ ৰাইজে শলাগ লোৱাৰ লগতে এইক্ষেত্রত নৱপ্রজন্মক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে৷ তাৎপর্যপূর্ণ যে ১৯৪৫ চনত তেজপুৰ চহৰৰ নিকটৱত্ দ–বেছেৰীয়া গাঁৱত জন্মগ্রহণ কৰি সৰুৰে পৰাই লোকবাদ্যসমূহৰ সৈতে জডিত হৈ অহা বিশিষ্ট শিল্পী পুষ্পেন্দ্র বৰাৰ পৰিচালনাতে গুৱাহাটী দূৰদর্শন কেন্দ্রত ‘দক্ষযজ্ঞ’ আৰু ‘চম্পাৱতী’ নামৰ দুখন ভাওনা প্রদর্শন কৰিছিল৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাৰ এগৰাকী নীৰৱ সাধক তথা শিল্পী পুষ্পেন্দ্র বৰা এজন সুমধুৰ বাঁহীবাদক হিচাপেও সমগ্র অসমতে পৰিচিত৷ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰকে ধৰি অসমৰ বিভিন্ন প্রান্তৰ বহু নাট্য মঞ্চত মঞ্চস্থ হোৱা ৭০খনৰো অধিক নাটকত অভিনয় কৰিছিল৷ এইগৰাকী বিশিষ্ট শিল্পীয়ে ২৭ ফুট দৈর্ঘ্যৰ বাঁহীত ঘোষা, জ্যোতি সংগীত আৰু বিহু গীতকে ধৰি বিভিন্ন গীত বজাই ইতিমধ্যে ‘ইণ্ডিয়া বুক অৱ ৰেকর্ডছ’ত স্থান লাভ কৰি তেজপুৰ তথা অসমলৈ এক অনন্য গৌৰৱ কঢ়িয়াই আনিছে৷ একেদৰে অসমৰ লোক–সংসৃকতিৰ এই থলুৱা বাদ্যযন্ত্রসমূহ সংৰক্ষণৰ ক্ষেত্রত শিল্পীগৰাকীৰ পৰিবাৰ যামিনী বৰায়ো গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ এইক্ষেত্রত বয়োজ্যেষ্ঠ শিল্পী যামিনী বৰাই স্বামী পুষ্পেন্দ্র বৰাক বিহুগীত, লোকগীত আদিকে কৰি সকলো ক্ষেত্রতে তাল, ডগৰ, গগনা আৰু সুতুলি বজাই সহযোগ কৰি আহিছে৷ বর্তমান সময়ত ৭৬ বছৰ বয়সত ভৰি দিয়া শিল্পী পুষ্পেন্দ্র বৰা আৰু ৬৭ বছৰ বয়সত ভৰি দিয়া যামিনী বৰাই বিগত দিন ধৰি যুটীয়াভাৱে অসমৰ বিভিন্ন বিহু মঞ্চত গীত–মাত পৰিৱেশন কৰি আহিছে৷ পতি–পত্নীৰ এই যুটিয়ে আজি যি ধৰণে অসমীয়া শিল্প আৰু সংগীত সাধনাত ব্রতী হৈ আহিছে সেয়া অসমীয়া জাতীয় জীৱনৰ বাবে সম্প্রতি অতি আদৰণীয় কথা হৈ পৰিছে৷

You might also like