নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা সংক্ৰমণত বিশ্বৰ দ্বিতীয় স্থানত ভাৰত

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত ভাৰত এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত আছে। ক’ৰোনাৰ শেহতীয়া তথ্যই প্ৰকাশ কৰা ৱেবছাইট ৱৰ্ল্ডমিটাৰৰ তালিকা অনুসৰি, ভাৰতে ব্ৰাজিলক অতিক্ৰম কৰি যুক্তৰাষ্ট্ৰৰ পিছতে দ্বিতীয় স্থানত আছে। দেশত এতিয়ালৈকে মুঠ ক’ৰোনা সংক্ৰমণৰ সংখ্যা হৈছে ১,৩৫,২৫,৩৭৯ আৰু মৃত্যু হৈছে ১,৭০,২০৯গৰাকীৰ।

ব্ৰাজিলত ১,৩৪,৮২,৫৪৩ গৰাকী লোক ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। দেশখনত ৩,৫৩,২৯৩গৰাকী লোকৰ মৃত্যু হৈছে। ভাৰততকৈ ব্ৰাজিলত ক’ৰোনাৰ মৃত্যুৰ সংখ্যা বেছি।

ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ সৰ্বাধিক স্থানত আছে। এতিয়ালৈকে দেশখনত ৩,১৯,১৮,৫৯১গৰাকী লোক ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। ৫,৭৫,৮২৯ গৰাকী লোকৰ মৃত্যু হৈছে।

ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত ব্ৰাজিলৰ পিছত আছে ফ্ৰান্স, ৰাছিয়া, ব্ৰিটেইন, তুৰস্ক, ইটালী আৰু স্পেইন।

এতিয়ালৈকে, বিশ্বত ১৩,৬৬,৩০,৩৫২ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ লগতে মৃত্যুবৰণ কৰিছে ২৯,৪৯,২৭৯ গৰাকীয়ে।

You might also like