নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত চাঞ্চল্যকৰ বোৱাৰী হত্যাকাণ্ড, স্বামীসহ তিনিজনক গ্ৰেপ্তাৰ

হাইলাকান্দি জিলাৰ কাটলিছেৰা থানাৰ অন্তৰ্গত ৰাঙাবাক গাঁৱত সংঘটিত এক চাঞ্চল্যকৰ বোৱাৰী হত্যাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ সৈতে জড়িত অভিযোগত মৃত বোৱাৰীগৰাকীৰ স্বামী অমিত দেব, শাহু মণি ঘোষ আৰু শহুৰ অজয় দেবক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

মৃত বোৱাৰীগৰাকীৰ নাম সুস্মিতা দেব বুলি জানিব পৰা গৈছে। বিয়াৰ মাত্ৰ দুমাহৰ ভিতৰতে এই হত্যাকাণ্ড সংঘটিত হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

পৰিয়ালৰ অভিযোগ অনুসৰি, যৌতুকৰ দাবীক কেন্দ্ৰ কৰি সুস্মিতাৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হৈছিল। বিশেষকৈ এটা আইফোনৰ দাবীত স্বামী অমিত দেবে সুস্মিতাক নিয়মীয়াকৈ শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপিত হৈছে।

ইপিনে, সুস্মিতাক ৰহস্যজনক পৰিস্থিতিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে এছ কে ৰয় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে স্বামীসহ মুঠ তিনিজনক গ্ৰেপ্তাৰ কৰি ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ৯ মে’

You might also like