ডিজিটেল ডেস্ক, ৯ মে’ : শিৱসাগৰ জিলাৰ গৌৰীসাগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দাৰে ঘপিয়াই এজন যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। নিহত যুৱকজনৰ নাম পিচল দাস বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ মিটং নদীৰ দলঙৰ কাষত এই হত্যাকাণ্ড সংঘটিত হয়। অভিযোগ অনুসৰি, ধনীৰাম গগৈ নামৰ এজন যুৱকে দাৰে আঘাত কৰি পিচল দাসক হত্যা কৰে।
হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতেই অভিযুক্ত ধনীৰাম গগৈয়ে গৌৰীসাগৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় গৌৰীসাগৰ আৰক্ষীৰ দলৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম।
প্ৰাথমিক তথ্য অনুসৰি, নিহত পিচল দাস আৰু অভিযুক্ত ধনীৰাম গগৈ দুয়ো দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিল। অৱশ্যে কি কাৰণত এই নৃশংস হত্যাকাণ্ড সংঘটিত হ’ল, সেই বিষয়ে বৰ্তমানলৈকে স্পষ্ট তথ্য লাভ কৰা হোৱা নাই।
ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।