নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহৰ ৯ দিনতে ক’ৰোনাই প্রাণ কাঢ়িলে নগাঁৱৰ ন–বোৱাৰীৰ

ৰাজ্যত ক’ভিডৰ সংহাৰ–২২জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ ৰাজ্যত দ্রুতগতিত ক’ৰোনা সংক্রমণ বৃদ্ধি পাই আছে৷ বুধবাৰে পুনৰ ৩,০৪৫জন লোক ক’ৰোনাত আক্রান্ত হয়৷ আক্রান্তৰ হাৰ হ’ল ৫.৪৯ শতাংশ৷ উল্লেখ্য যে বুধবাৰে সমগ্র ৰাজ্যত ৫৫,৪৮০জন লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল৷ এইসকলৰ ভিতৰত ৩,০৪৫জন পজিটিভ চিনাক্ত হয়৷ আক্রান্তসকলৰ ১,২০৬জন কামৰূপ মহানগৰ জিলাৰ, ২২৯জন ডিব্রুগড় জিলাৰ, ২২৫জন কামৰূপ জিলাৰ আৰু ১২৫জন নগাঁও জিলাৰ৷ ক’ৰোনাৰ সংক্রমণ বৃদ্ধিৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যাও বৃদ্ধি হৈছে৷ উল্লেখ্য যে ক’ৰোনাত আক্রান্ত হৈছে বিশিষ্ট অধিবক্তা নিলয় দত্ত৷

ইফালে বুধবাৰে ক’ৰোনাত আক্রান্ত হৈ ২২জন লোকৰ মৃত্যু হৈছে৷ মৃত্যু হোৱা লোকসকলৰ ৬জন কামৰূপ মহানগৰ জিলাৰ, তিনিজন বৰপেটা জিলাৰ, তিনিজন কামৰূপ জিলাৰ, দুজন যোৰহাট জিলাৰ, এজনকৈ কাছাৰ, চৰাইদেউ, কার্বি আংলং, তিনিচুকীয়া আৰু লখিমপুৰ জিলাৰ৷ আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত হৈ ১,০৯৮জন লোক ঘৰমুৱা হৈছে৷ অৱশ্যে এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ২১,৮৪৮জন লোক৷
আইচিএমআৰে ১,২০০ টকা নির্ধাৰণ কৰিলে চিবিএনএএটিৰ মাচুল
দেশজুৰি ক’ভিড টেষ্টৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ সময়তে আজি ৰাজ্যৰ স্বাস্থ্য বিভাগে চি বি এন এ এ টিৰ মাচুল ১,২০০ টকা নির্ধাৰণ কৰিছে৷ ব্যক্তিগত খণ্ডত এতিয়াৰে পৰা ক’ভিড টেষ্ট (চি বি এন এ এ টি)ৰ মাচুল সর্বাধিক ১,২০০ টকা হ’ব৷ আজিৰে পৰা প্রযোজ্য হোৱাকৈ ব্যক্তিগত খণ্ডৰ লেবৰেটৰীসমূহলৈ এই নির্দেশনা দিছে স্বাস্থ্য বিভাগে৷ উল্লেখ্য যে আৰ টি পি চি আৰ পৰীক্ষাতকৈ অতি সোনকালে ফলাফল দিব পাৰি এই চি বি এন এ এ টিৰ জৰিয়তে৷ ৪৫ মিনিটৰ ভিতৰতে এই টেষ্টৰ জৰিয়তে এজন লোক ক’ৰোনা আক্রান্ত হয় নে নহয়, তাৰ ফলাফল দিব পাৰি৷ সেয়েহে চি বি এন এ এ টিৰ জৰিয়তে ফলাফল নির্ধাৰণ কৰাৰ বাবে বহু লোকে ইচ্ছা প্রকাশ কৰাত ব্যক্তিগত খণ্ডৰ লেবৰেটৰীসমূহে ইয়াৰ বাবদ অধিক ধন সংগ্রহ কৰি আছিল৷ আজি স্বাস্থ্য বিভাগৰ প্রধান সচিবে এই সন্দর্ভত নির্দেশনা জাৰি কৰি চি বি এন এ এ টি আৰু ট্রুনেট টেষ্টৰ মাচুল ১,২০০ টকা নির্ধাৰণ কৰি দিছে৷
ক’ৰোনাত আক্রান্ত হৈ নৱবিবাহিতাৰ মৃত্যু
ক’ৰোনাত আক্রান্ত হৈ এগৰাকী নৱবিবাহিতাই মৃত্যুক আঁকোৱালি লোৱাৰ খবৰে শোকাহত কৰি তুলিছে নগাঁওবাসীক৷ চিকিৎসাধীন অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত মৃত্যু হোৱা ন–কইনাগৰাকীৰ নাম বনলক্ষী ভূঞা (২৮)৷ তেওঁৰ ঘৰ নগাঁৱৰ চকলাঘাটৰ দৰংগীয়াল গাঁৱত৷ মাত্র ৯ দিন পূর্বে মৰিগাঁও জিলাৰ জাগীৰোডৰ বনলক্ষীৰ যোৱা ১৯ এপ্রিলত নগাঁও জিলাৰ চকলাঘাট দৰংগীয়ালৰ যাদৱ ভূঞাৰ লগত অতি আডম্বৰপূর্ণভাৱে সামাজিক ৰীতি–নীতি আৰু ধর্মীয় পৰম্পৰা অনুসৰি বিবাহ সম্পন্ন হৈছিল৷ অলেখ–যুত সপোন বকুত বান্ধি লৈ যুগ্মজীৱনৰ পাতনি মেলা বনলক্ষীৰ সপোনবোৰে পোখা মেলিবলৈ নৌপাওঁতেই নিয়তিয়ে সকলো থানবান কৰি পেলালে৷

জানিব পৰা মতে, বিয়াৰ চাৰি দিন পাছতেই নৱদম্পতীয়ে আঠমঙলা খাবলৈ গৈছিল৷ আঠমঙলা খাই জাগীৰোডৰ পৰা অহাৰ পাছৰে পৰা বনলক্ষী আৰু তেওঁৰ স্বামী যাদৱ ভূঞা অসুস্থ হৈ পৰে৷ তেওঁলোকৰ অসুস্থতা বাঢ়ি যোৱাত কালি দুয়ো নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ গৈ ক’ভিড পৰীক্ষা কৰায়৷ ক’ভিড পৰীক্ষাত দুয়োৰে দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰাত কালিয়েই দুয়োকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত ভর্তি কৰোৱা হয়৷

আনহাতে, যাদৱ ভূঞাৰ ঘৰৰ আন সদস্যসকলৰো ক’ভিড পৰীক্ষা কৰোৱা হয় যদিও তেওঁলোক আটাইৰে ফলাফল ক’ভিড নিগেটিভ আহে৷ ইপিনে, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত চিকিৎসাধীন অৱস্থাতে ন–কইনা বনলক্ষীয়ে আজি পুৱা ৮.৩০বজাত মৃত্যুক সাবটি লয়৷ আনহাতে, তেওঁৰ স্বামী যাদৱ ভূঞা বর্তমানেও নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত চিকিৎসাধীন হৈ আছে৷ ন–কইনা বনলক্ষীৰ অকাল বিয়োগে তেওঁৰ পিতৃগৃহ আৰু স্বামীগৃহত এক অভাবনীয় পৰিস্থিতি সৃষ্টি কৰিছে৷
হোজাইৰ প্রথম মহিলা পৌৰপতি ৰেখা পালৰ ক’ভিড আক্রান্ত হৈ মৃত্যু
হোজাই পৌৰসভাৰ প্রথম মহিলা পৌৰপতি ৰেখা পালৰ (৭০) ক’ভিড আক্রান্ত হৈ আজি বিয়লি মৃত্যু হয়৷ হোজাইৰ বিষ্ণুপল্লী নিৱাসী পাল কিছু মাহ আগতে দিল্লীলৈ গৈছিল৷ তাতেই তেওঁ ক’ভিডত আক্রান্ত হৈ দিল্লীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷ আজি বিয়লি তিনি বজাত চিকিৎসাধীন অৱস্থাত পালৰ মৃত্যু হয়৷ হোজাইৰ সমাজ জীৱনৰ লগত বিভিন্ন প্রকাৰে জডিত হোৱা পালে মৃত্যুৰ সময়ত তিনি কন্যা, দুই পুত্র আৰু নাতি–নাতিনী এৰি থৈ গৈছে৷ হোজাই পৌৰসভাৰ প্রথম মহিলা পৌৰপতিগৰাকীৰ মৃত্যুত হোজাইৰ প্রাক্তন বিধায়ক ডাঃ অর্ধেন্দু কুমাৰ দে’, বর্তমানৰ বিধায়ক শিলাদিত্য দেৱ, প্রাক্তন পৌৰপতি চতুর্থীৰাণী বিশ্বাস আদিয়ে শোক প্রকাশ কৰে৷ ইফালে হোজাইত দ্রুত গতিত বৃদ্ধি হোৱা ক’ৰোনা সংক্রমণৰ প্রতি লক্ষ্য ৰাখি হোজাই প্রশাসনে চৰকাৰী–বেচৰকাৰী শিক্ষানুষ্ঠানত পাঠদান কার্যসূচী বন্ধ ঘোষণা কৰিছে৷ জিলাখনৰ চৰকাৰী–বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ছাত্রাৱাস, ক’চিং চেণ্টাৰ আদি সকলো বন্ধ ঘোষণা কৰা হৈছে৷ আজিৰে পৰা অহা ১২ মে’লৈকে বন্ধ থাকিব এই শিক্ষানুষ্ঠানসমূহ৷ আজি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া নিৰা ৰায়ে এক প্রেছ বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰে৷ তেওঁ জনোৱা মতে আজি ৫০৫জন লোকক পৰীক্ষা কৰা হয় আৰু ইয়াৰে ২৬জনৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ ইয়াকে ধৰি হোজাইত মুঠ আক্রান্তৰ সংখ্যা ৪৭০জনলৈ বৃদ্ধি হয়৷
বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুজন ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যু
বৰপেটা জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাই আহিছে ক’ভিড ১৯ত আক্রান্তৰ সংখ্যা৷ প্রতিদিনে নতুন নতুন অঞ্চললৈ সংক্রমণ আৰম্ভ হোৱাত উদ্বিগ্ণ হৈ পৰিছে ৰাইজ৷ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি পুনৰ দুজন ক’ভিড আক্রান্ত লোকৰ মৃত্যু হয়৷ আই চি ইউত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকাৰ সময়তে মৃত্যু হয় দুয়োজন লোকৰ৷ মৃত লোক দুজন বৰপেটা চহৰৰ নিকটৱর্তী ভেল্লাৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্রাপ্ত কর্মচাৰী তাজৰ ৰহমান (৬৫) আৰু সৰুক্ষেত্রী অঞ্চলৰ ৰাউলীৰ জ্যোতিষ নাথ (৪৮) বুলি জানিব পৰা গৈছে৷
ক’ভিডত আক্রান্ত হৈ ঔডুবিৰ প্রাক্তন কৃতী শিক্ষক আব্দুল লতিফ সৰকাৰৰ মৃত্যুঃ শোক
বঙাইগাঁও জিলাৰ যোগীঘোপাত আজি এজন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হয়৷ ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকজন হৈছে যোগীঘোপা থানাৰ অন্তর্গত ঔডুবি গাঁৱৰ বিশিষ্ট সমাজকর্মী, কৃতী শিক্ষক তথা সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ (আমছু) সভাপতি ৰেজাউল কৰিম সৰকাৰৰ পিতৃ আব্দুল লতিফ সৰকাৰ৷ জনা মতে, আব্দুল লতিফ সৰকাৰ আজি পুৱা ১০.৩০ বজাত গুৱাহাটীস্থিত হায়াট হাস্পতালত চিকিৎসাধীন থকা অৱস্থাত মৃত্যুবৰণ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ৷ নিউমোনিয়াত আক্রান্ত হৈ কেইবাদিন ধৰি গুৱাহাটীৰ হায়াট হাস্পতালত চিকিৎসাধীন হৈ অৱশেষত ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি ল’বলগীয়া হয়৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনিজন পুত্র, তিনিগৰাকী বোৱাৰী, দুজন নাতি–নাতিনীয়েক ইহসংসাৰত এৰি থৈ যায়৷ইপিনে ক’ভিডত আক্রান্ত হৈ মৃত্যুবৰণ কৰা বাবে ক’ভিড প্রট’কল মতে তেওঁৰ জানাজা সম্পন্ন কৰা হয়৷
চিকিৎসাধীন অৱস্থাত ডিব্রুগডত মৃত্যু চিয়াজুলিৰ ব্যক্তিৰ, বুধবাৰৰ দিনটোত আক্রান্ত চাৰিজন
লখিমপুৰ জিলাৰ বগীনদী প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অন্তর্গত বগীনদীৰ বিভিন্ন অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্রান্ত৷ প্রাণঘাতী ভাইৰাছত আক্রান্ত হৈ বগীনদীৰ চিয়াজুলিৰ প্রথমজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ মৃত লোকজন চিয়াজুলি পঞ্চায়তৰ দীর্ঘা নাহৰবাৰী গাঁৱৰ ৰত্ন বাহাদুৰ ছেত্রী (৬৫)৷ ডিব্রুগডস্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত আজি পুৱা ৪ বজাত মৃত্যু হোৱা ছেত্রী কেইদিনমান পূর্বে জ্বৰ আৰু ডায়েৰীয়াত আক্রান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে কালি বগীনদী আদর্শ চিকিৎসালয়ত ক’ভিড টেষ্ট কৰোঁতে পজিটিভ ওলোৱাত উন্নত চিকিৎসাৰ বাবে লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়ে ডিব্রুগডলৈ প্রেৰণ কৰিছিল যদিও চিকিৎসাধীন অৱস্থাতে লোকজনৰ মৃত্যু হয়৷ মৃত লোকজন দীর্ঘা লীলাকৃষ্ণ এম ই স্কুলৰ অৱসৰপ্রাপ্ত চতুর্থবর্গৰ কর্মচাৰী আছিল৷
শোণিতপুৰত পুনৰ দুজনৰ ক’ৰোনাত মৃত্যু
ক’ৰোনা অতিমাৰীৰ দ্বিতীয় ঢ়ৌৱে ৰাজ্যজুৰি বিভীষিকাৰ সৃষ্টি কৰিছে৷ কালি ঢ়েকীয়াজুলি নিৱাসী ৬৯ বছৰীয়া কামিনী পাঠক নামৰ এগৰাকী মহিলা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুমুখত পৰাৰ পাছত আজি একেখন চিকিৎসা মহাবিদ্যালয় হাস্পতালতে তেজপুৰৰ হজৰাপাৰ নিৱাসী ৭৭ বছৰীয়া হীৰেন বৰা নামৰ ব্যক্তিজনৰ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ ডল্লেখ্য যে এছ এছ বিৰ অৱসৰপ্রাপ্ত কর্মচাৰী হীৰেন বৰা কিছুদিন পূর্বে বাংগালুৰুত থকা নিজ কন্যাৰ বাসগৃহৰ পৰা অহাৰ পাছতেই শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ পাছত পৰিয়ালৰ লোকে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰায়৷ ইয়াৰ পাছতেই চিকিৎসালয়ৰ পৰীক্ষাত হীৰেন বৰাৰ শৰীৰত কালি ক’ভিড পজিটিভ ধৰা পৰাত আজি চিকিৎসাধীন অৱস্থাতে পুৱা মৃত্যুমুখত পৰে৷ এইদৰে শোণিতপুৰ জিলাত লোক ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুমুখত পৰাত স্বাভাৱিকতে জিলাখনৰ জনসাধাৰণ ভীতিগ্রস্ত হৈছে৷
সর্থেবাৰীত মৃত্যু দুজনৰ
সর্থেবাৰী অঞ্চলত ক্রমাৎ বৃদ্ধি হ’ব ধৰিছে ক’ৰোনা আক্রান্তৰ সংখ্যা৷ ক’ৰোনাত আক্রান্ত হৈ সর্থেবাৰীত মৃত্যু হ’ল দুজনৰ৷ চিকিৎসাধীন হৈ থকা অৱস্থাত আজি মৃত্যু হয় সর্থেবাৰী ৰাজহ চক্রৰ অন্তর্গত ভকুৱাটেপা নাথ চুপাৰ জ্যোতিষ নাথ (৪৮)ৰ৷ উল্লেখ্য যে কিছুদিন পূর্বৰ পৰা জ্বৰ কাহত আক্রান্ত হৈ থকা জ্যোতিষ নাথে ক’ৰোনাৰ পৰীক্ষা নকৰাকৈয়ে ক’ৰোনাৰ টিক গ্রহণ কৰে৷ ক’ৰোনাৰ টিকা গ্রহণ কৰাৰ পাছত জ্যোতিষ নাথৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ক’ভিড পজিটিভ ধৰা পৰে৷ মধুমেহ ৰোগত আক্রান্ত হৈ থকা জ্যোতিষ নাথক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ আজি চিকিৎসাধীন অৱস্থাতে জ্যোতিষ নাথৰ মৃত্যু হয়৷ ইপিনে কালি সর্থেবাৰী ৰাজহ চক্রৰ অন্তর্গত কডাগাডীৰ হাচনা খাতুন নামৰ মহিলা এগৰাকী ক’ৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰে বুলি জানিব পৰা গৈছে ৷
ৰামপুৰত ক’ভিড আক্রান্ত প্রথমজন ৰোগী নাৰায়ণ চৌধুৰীৰ মৃত্যু
দক্ষিণ কামৰূপৰ ৰামপুৰ (শান্তিপুৰ) গাঁৱৰ নাৰায়ণ চৌধুৰী (৪৮) নামৰ ব্যক্তি এজন ক’ভিড–১৯ত আক্রান্ত হৈ গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালত আজি ২.৩০ বজাত মৃত্যুমুখত পৰিছে৷ পৰিয়ালৰ সূত্রই জানিবলৈ দিয়া অনুসৰি যোৱা ১৯ এপ্রিলত নাৰায়ণ চৌধুৰীক সঘনাই হৈ থকা বমি–শৌচৰ বাবে বি বৰুৱা কেঞ্চাৰ হাস্পতালত পৰিয়ালবর্গই ভর্তি কৰাইছিল৷ ই–ৰিক্সা চলাই জীৱন নির্বাহ কৰা প্রয়াত আনন্দ মোহন চৌধুৰী আৰু প্রয়াত ঠাণ্ডাবালা চৌধুৰীৰ কনিষ্ঠ পুত্র নাৰায়ণৰ দেহত কর্কট ৰোগৰ ছিদ্র ধৰা পৰিছিল৷ মৃত্যুৰ সময়ত তেওঁৰ দেহত ভয়াৱহ ক’ভিড–১৯ৰ বীজাণু সংক্রমণ হোৱাত মৃতদেহটো হাস্পতাল কর্তৃপক্ষই ঘৰত চমজাই নিদি মহানগৰীৰ ভূতনাথ শ্মশানতেই নগণ্যসংখ্যক শুভাকাংক্ষীৰ উপস্থিতিত সৎকাৰ সম্পন্ন কৰে৷ ৰামপুৰ অঞ্চলত ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুমুখত পৰা প্রথমজন ব্যক্তিয়েই হৈছে নাৰায়ণ চৌধুৰী৷
ধুবুৰী জিলাৰ সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ২৫৫গৰাকী
নিয়মীয়া বার্তা, ধুবুৰী ঃ ধুবুৰী জিলাত দুজন ক’ভিড আক্রান্ত লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ ধুবুৰীৰ স্বাস্থ্য বিভাগৰ সূত্রে জানিব পৰা অনুসৰি আজি ধুবুৰীৰ ১২নং ৱার্ডৰ বাসিন্দা এগৰাকী ৭০ বছৰীয়া ক’ভিড আক্রান্ত লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জিলাখনৰ গৌৰীপুৰৰ ২নং ৱার্ডৰ ৬৭ বছৰীয়া আন এগৰাকী ক’ভিড আক্রান্ত মৃত্যু হৈছে৷
ভাৰতত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যাই অতিক্রম কৰিলে দুই লাখ
প্রাণঘাতী ক’ভিড মহামাৰীৰ সংহাৰত ভাৰতত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই এতিয়ালৈকে অতিক্রম কৰিছে ২ লাখ৷ ইফালে ক’ভিড মহামাৰীৰ দ্বিতীয় জোৱাৰত বিগত ২৪ ঘণ্টাত ৩,৬০,৯৬০গৰাকী লোক আক্রান্ত হৈছে৷ এটা দিনত দেশত ক’ভিডৰ সংক্রমণৰ এয়া এক নতুন অভিলেখ৷ উল্লেখনীয় যে ক’ভিড–১৯ ভেকচিন প্রদানৰ তৃতীয় পর্যায় আৰম্ভ হোৱাৰ পূর্বে কেইবাটাও ভিন্ন প্রকৰণৰ ক’ৰোনাত আক্রান্ত হৈছে সমগ্র দেশ৷ আগন্তুক ১ মে’ৰ পৰা ১৮ বছৰৰ ঊর্ধ্বৰ সকলো লোকক ক’ভিড ভেকচিন প্রদানৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশখনত ক’ভিড মহামাৰীত প্রাণ হেৰুৱাইছে ৩,২৯৩গৰাকী লোকে৷ এতিয়ালৈকে দেশত মুঠ ক’ভিড আক্রান্তৰ সংখ্যাই অতিক্রম কৰিছে ১ কোটি ৭০ লাখ ৯৯ হাজাৰ৷ ক’ভিড–১৯ মহামাৰীত সর্বাধিক আক্রান্ত দেশৰ তালিকাত এতিয়া দ্বিতীয় স্থানত আছে ভাৰত৷ লক্ষণীয়ভাৱে দেশখনত ২৯,৭৮,৭০৯গৰাকী লোকে ক’ভিড–১৯ মহামাৰীৰ চিকিৎসা গ্রহণ কৰি আছে৷ অর্থাৎ মুঠ আক্রান্তৰ ১৬.৩৪ শতাংশ লোক এতিয়াও ক’ভিডমুক্ত হোৱা নাই দেশত৷ কেন্দ্রীয় চৰকাৰে আগন্তুক ১ মে’ৰ পৰা ১৮ বছৰৰ ঊর্ধ্বৰ সকলো লোকক ক’ভিড ভেকচিন প্রদানৰ সিদ্ধান্ত লৈছে যদিও ভেকচিনৰ নাটনিৰ বাবে ছত্তিশগড়, ঝাৰখণ্ড, পঞ্জাব আৰু ৰাজস্থানে এই প্রক্রিয়া উক্ত দিনত আৰম্ভ কৰিবলৈ সক্ষম নহ’ব৷ ইফালে কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শীর্ষ বিষয়ববীয়াসকলৰ সৈতে দেশৰ ক’ভিড পৰিস্থিতি সন্দর্ভত আলোচনা কৰে৷ এই আলোচনাত অক্সিজেনৰ নাটনি, জীৱনদায়িনী দৰব আৰু স্বাস্থ্য আন্তঃগাঁথনি আদি বিষয়সমূহে স্থান লাভ কৰে৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রীগৰাকীয়্ প্রতিখন ৰাজ্য চৰকাৰক শীঘ্রে পি এছ এ অক্সিজেন প্লাণ্ট স্থাপন কৰাৰ উপৰি ইয়াক কার্যকৰী কৰাৰ বাবে আহ্বান জনাইছে৷
ক’ভিড সাহায্য অভিযান চলাব বায়ুসেনাই
দেশত ক’ভিড মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰ অব্যাহত থকাৰ সময়তে ভাৰতীয় বায়ুসেনাই ক’ভিড সাহায্য কোষ গঠন কৰি দেশ–বিদেশৰ পৰা মহামাৰী প্রতিৰোধৰ বিভিন্ন সামগ্রী ক্ষিপ্রগতিত সৰবৰাহৰ ব্যৱস্থা কৰিব৷ আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে হোৱা এক পর্যালোচনা বৈঠকত মিলিত হোৱাৰ পাছত বায়ুসেনাৰ মুৰব্বী বি কে এছ ভাডাউৰিয়াই এই কথা ঘোষণা কৰিছে৷ উল্লেখনীয় যে বায়ুসেনাই প্রতিটো মুহূর্তৰ বাবে সাজু ৰাখিব বিমান৷ ক’ভিড–১৯ সম্পর্কীয় সকলো কাম–কাজৰ বাবে বায়ুসেনাই বিমানেৰে সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে৷ ইফালে বায়ুসেনাৰ অধীনত থকা হাস্পতালসমূহত ক’ভিড–১৯ ৰোগীক চিকিৎসা প্রদানৰ সকলো ব্যৱস্থা গঢ়ি তুলিব বুলিও এয়াৰ চীফ মার্শ্বাল ভাডাউৰিয়াই ঘোষণা কৰিছে৷
মহাৰাষ্ট্রত পুনৰ ১৫ দিনলৈ লকডাউন বৃদ্ধি
ক’ভিড মহামাৰীৰ দ্বিতীয় জোৱাৰত আক্রান্ত মহাৰাষ্ট্রত পুনৰ ১৫ দিনলৈ লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই আজি ঘোষণা কৰিছে এই কথা৷ উল্লেখনীয় যে ৰাজ্যখনত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰৰ লোকসকলক বিনামূলীয়া ক’ভিড ভেকচিন প্রদানৰো সিদ্ধান্ত লৈছে উদ্ধৱ থাকৰে চৰকাৰে৷ আগন্তুক ৩০ এপ্রিলত মহাৰাষ্ট্রত লকডাউনৰ অন্ত পৰাৰ সম্ভাৱনা আছিল যদিও ক’ভিড মহামাৰীৰ দ্রুত সংক্রমণৰ বাবে চৰকাৰে পুনৰ ১৫ দিনৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷
৫০০ অক্সিজেন প্লাণ্ট স্থাপনৰ দায়িত্ব ডিআৰডি’ক
দেশজুৰি ক’ভিড মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে কেইবাখনো ৰাজ্যৰ হাস্পতালত অক্সিজেনৰ তীব্র নাটনি হোৱা বিষয়টোক লৈ বিশেষ গুৰুত্ব প্রদান কৰি কেন্দ্রীয় চৰকাৰে প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)ক পিএম–কেয়ার্ছ আঁচনিৰ অধীনত তিনি মাহৰ ভিতৰত ৫০০ অক্সিজেন প্লাণ্ট স্থাপন কৰাৰ আহ্বান জনাইছে৷ উল্লেখনীয় যে ইতিমধ্যে ডিআৰডি’ই এই কাম কৰিব বুলি প্রতিৰক্ষা মন্ত্রালয়ে সদৰী কৰিছে৷ সংস্থাটোৱে দিল্লীৰ এইমছ, আৰএনএল, লেডী হার্ডিনজ আৰু ছফডৰজং হাস্পতালতো অক্সিজেন উৎপাদনৰ বাবে প্লাণ্ট স্থাপন কৰাৰ কাম শীঘ্রে আৰম্ভ কৰিব৷ মন্ত্রালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ১০ মে’ৰ ভিতৰতে দিল্লীৰ হাস্পতালকেইখনত সংস্থাটোৰ তৰফৰ পৰা অক্সিজেন প্লাণ্ট স্থাপনৰ কাম সম্পূর্ণ হৈ উঠিব৷

You might also like