নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গছৰ মুঢ়াই কাঢ়িলে ৩ গৰাকীৰ প্ৰাণঃ নলবাৰীৰ পৰা গৈ আছিল গোলাঘাটলৈ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ কাজিৰঙাৰ হালদিবাৰীত আজি পুৱা প্ৰায় ৫ বজাত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে তিনিগৰাকী লোক। নলবাৰীৰ পৰা গোলাঘাট অভিমুখে গৈ থকা অৱস্থাত কাজিৰঙাৰ কহৰা থানাৰ অন্তৰ্গত হালধিবাৰীত গছ মুঢ়াত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

ফলত এ এছ ০১-ইএ৪৬৭২ নম্বৰৰ এল্টো গাড়ীৰে গৈ থকা চাৰিগৰাকী লোকৰ তিনিগৰাকী ক্ৰমে কনক সেন দাস, ফুলেন বৰ্মন আৰু কাৰ্বি আংলঙৰ বীৰেন সিংনাৰৰ থিতাতে মৃত্যু হয়। নলবাৰীৰ বেলশৰ নিৱাসী গাড়ীৰ চালকগৰাকী সংকটজনক অৱস্থাত জি এম চি এইচলৈ পঠিয়াই দিয়া হয়।

You might also like