নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলত প্ৰৱেশ শচীন পুত্ৰ অৰ্জুন টেণ্ডুলকাৰৰঃ কোনে কিমানত কৰিলে ক্ৰয়?

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অৱশেষত আই পি এলত অভিষেক ঘটিল শচীন পুত্ৰ অৰ্জুন টেণ্ডুলকাৰৰ।

২০ লাখ টকা লৈ বলাৰ ৰূপে অর্জুন টেণ্ডুলকাৰ সোমাল মুম্বাই ইণ্ডিয়ানছত। একেবাৰে শেষৰ ফালে অর্জুনৰ নাম নিলামত তোলা হ’লেও এই অভিষেকে খেলুৱৈগৰাকীক এক বিশেষ দিশ দিলে।

কিছুদিন আগেয়ে মুম্বাইৰ হৈ চৈয়দ মুস্তাক আলী টুর্নামেণ্টত প্ৰৱেশ কৰিছিলে শচীন পুত্ৰই। টুর্নামেণ্টখনৰ ২খন মেচত উইকেট লৈছিল ২টা।

উল্লেখ্য, বিগত আইপিএলত সংযুক্ত আৰব আমীৰশাহীলৈ গৈছিল মুম্বাই স্কোৱাডৰ লগত। এতিয়া দলটোৰ প্রাক্তন অধিনায়ক শচীন টেণ্ডুলকাৰৰ পুত্ৰ ৰূপে এগৰাকী সফল বলাৰ ৰূপে উজলি উঠাৰ আশা ৰাখিছে সকলোৱে।

You might also like