নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থনীতি–পৰিসংখ্যা সঞ্চালকালয়ত ৪৫ চাকৰি

অসম চৰকাৰৰ ৰূপান্তৰকৰণ আৰু উন্নয়ন বিভাগৰ অধীনত পৰিচালিত অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ত(Directorate of Economics & Statistics under Transformation & Development Department, Assam) খালী হৈছেInspector of Statistics পদ৷ মুঠ পদ ৪৫টাৰ অসংৰক্ষিত ১৯টা, অ’বিচি/এম’বিচিৰ ১২টা, এছটি–পি ৫টা, এছটি–এইচ ২টা, আর্থিকভাৱে পিছপৰা শ্রেণীৰ বাবে ৪টা আৰু এছ চিৰ ৩টা পদ সংৰক্ষিত থাকিব৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অসম লোকসেৱা আয়োগৰ অবৰ সচিবে এক বিস্তৃত নিয়োগ বিজ্ঞাপন অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ পত্র আৰু বিভাগীয় ৱেবছাইটত প্রকাশ কৰিছে৷

আবেদনকাৰীEconomics, Statistics/Mathematics বিষয়সহ প্রথম শ্রেণীৰ স্নাতকোত্তৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২২,০০০–৯৭,০০০ টকাসহ ৯,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ প্রার্থীৰ বয়স ১ জানুৱাৰী, ২০২০লৈ ২১–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ২৮৫.৪০ টকা, এছ চি/এছ টি/অ’বিচি/এম’বিচি শ্রেণীৰ প্রার্থীয়ে ১৮৫.৪০ টকা পৰিশোধ কৰাৰ বিপৰীতে দাৰিদ্র্য সীমাৰেখাৰ তলৰ আৰু দিব্যাংগ প্রার্থীয়ে ৩৫.৪০ টকা অনলাইন মাধ্যমেৰে এ পি এছ চিৰ হকে পৰিশোধ কৰিব লাগিব৷

অনলাইনযোগে মাচুল পৰিশোধ কৰিবলৈ ৱেবছাইটhttps://assamegras.gov.in/helpdesk আৰু হেল্পলাইন নম্বৰ1800-212-11-88-66 সহায় ল’ব পাৰে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এপিএছচিৰ ৱেবছাইটhttps://apscrecruitment.in লগ–ইন কৰিব পাৰিব৷

অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৭ ফেব্রুৱাৰী, ২০২১৷ বিজ্ঞাপন আৰু আবেদন সম্পর্কীয় তথ্যপাতিৰ বাবে ই–মেইল[email protected]/হেল্পলাইন নম্বৰ1800-572-23-43ত যোগাযোগ কৰিব পাৰে৷

You might also like