নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী অভিমুখী এম্বুলেন্সত হেৰ’ইন, আৰক্ষীৰ জালত ৩ সৰবৰাহকাৰী

ডিজিটেল ডেস্ক, ২১ মে’ : গুৱাহাটী অভিমুখী এখন এম্বুলেন্সৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ হয়। হাজো থানাৰ পৰিদৰ্শক তথা ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত চলা এক ড্ৰাগছবিৰোধী অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ হেৰ’ইনসহ তিনিগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইজন হ’ল বৰপেটাৰ আমিৰ খান (৩০), কামৰূপ মহানগৰৰ আমাল উদ্দিন আহমেদ (৩৫) আৰু বাসুদেৱ বৰা (৩৯)। বৰ্তমান ধৃতকেইজনৰ বিৰুদ্ধে ড্ৰাগছবিৰোধী আইনৰ অধীনত হাজো থানাত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

গুৱাহাটী-হাজো ৰাষ্ট্ৰীয় ঘাইপথৰ শিঙিমাৰীত আৰক্ষীৰ তালাচীত এম্বুলেন্সত ধৃত তিনি সৰবৰাহকাৰীয়ে কঢ়িয়াই অনা এই বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

You might also like