ডিজিটেল ডেস্ক, ২১ মে’ : টিংখাং সমষ্টিৰ উদয়পুৰত পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহাত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। নিশা শুই থকা অৱস্থাত ঘৰৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰাত থিতাতে কৰুণ মৃত্যুক সাবটি লয় অজয় গড় নামৰ ২৮ বছৰীয়া এজন যুৱকে। ঘটনাটোত তেওঁৰ লগত শুই থকা দুই কণমানি ছোৱালীৰ কথমপি প্ৰাণৰক্ষা পৰে।
আজি পুৱতি নিশা প্ৰায় ৩ বজাত উদয়পুৰ অঞ্চলৰ ওপৰেৰে প্ৰচণ্ড ধুমুহা পাৰ হৈ যায়। ধুমুহাৰ প্ৰকোপত অজয় গড়ৰ ঘৰৰ কাষত থকা এজোপা গছ উভালি পৰে আৰু পোনে পোনে তেওঁলোকৰ ঘৰটোৰ ওপৰত বাগৰি পৰে। ফলত ঘৰটো সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়।
দুৰ্ঘটনাৰ সময়ত অজয় গড়ে নিজৰ দুই কণমানি কন্যাৰ সৈতে শুই আছিল। পুৱা স্থানীয় লোকে গছ কাটি তিনিওকে উদ্ধাৰ কৰে যদিও অজয় গড়ক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।
ঘটনাৰ খবৰ পোৱাৰ পিছতে টিংখাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। এই ঘটনাত পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসী শোকস্তব্ধ হৈ পৰিছে।