নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ সহস্রাধিক প্রাথমিক শিক্ষকৰ উত্তাল বিক্ষোভত কঁপিল মহানগৰী

প্রাপ্য আদায়ৰ দাবীত ৰাজ্য চৰকাৰক সকীয়নি দি শিক্ষাগুৰুৰ ‘সংকল্প পাঠ’

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ বাৰম্বাৰ আলোচনা–আহ্বানৰ পাছতো প্রাপ্য আদায়ৰ ক্ষেত্রত শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰখনে প্রদর্শন কৰা চূড়ান্ত অৱহেলাৰ বিৰুদ্ধে শুকুৰবাৰে পুনৰ গৰজি উঠিল শিক্ষক সমাজ৷ গ্রেড পে বৃদ্ধি কৰি পুনৰ কর্তন কৰা নজিৰবিহীন কার্যত ক্ষুব্ধ হৈ পৰা প্রাথমিক শিক্ষকৰ প্রতিবাদত কঁপি উঠিল ৰাজধানী চহৰ গুৱাহাটী৷ ৩০ সহস্রাধিক প্রাথমিক শিক্ষকে গুৱাহাটীৰ লখৰাস্থিত উদয়ন কৃষ্টিসংঘৰ খেলপথাৰত বিক্ষোভ প্রদর্শন কৰি একপ্রকাৰ চৰকাৰক সকীয়নি প্রদান কৰে৷ শিক্ষকৰ বর্ধিত গ্রেড পে’ আদায় নিদিয়া আৰু প্রধান শিক্ষকৰ পদ সৃষ্টি নকৰা পর্যন্ত চৰকাৰৰ বিৰুদ্ধে এইদৰে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি থাকিব বুলি  হুংকাৰ প্রদান কৰে প্রতিবাদী শিক্ষাগুৰুসকলে৷ কেইবাবাৰো আলোচনাৰ সময় দিয়াৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্রহণ নকৰাত শুকুৰবাৰৰ প্রতিবাদী কার্যসূচীত ৰাজ্যৰ প্রতিটো প্রান্তৰ পৰা সমৱেত হয় শিক্ষক সমাজ৷ পুৱা ৮ বজাৰ পৰাই প্রতিবাদস্থলীত শিক্ষকসকল সমৱেত হ’বলৈ আৰম্ভ কৰে৷ পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই প্রতিবাদী কার্যসূচী আৰম্ভ হোৱাৰ লগে লগে শিক্ষাগুৰুসকলে চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্র অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলে৷ অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনৰ আহ্বানমর্মে অনুষ্ঠিত হোৱা এই প্রতিবাদী কার্যসূচী আৰম্ভ হয় সর্বপল্লী ৰাধাকৃষ্ণনৰ প্রতিচ্ছবিত মাল্যার্পণেৰে৷ সন্মিলনীৰ সভাপতি জীৱন চন্দ্র বৰাই মাল্যার্পণ কৰি প্রতিবাদী কার্যসূচী আৰম্ভ কৰাৰ লগে লগে শিক্ষক সমাজে প্রধান শিক্ষকৰ পদ দিয়ক, কাঢ়ি নিয়া গ্রেড পে’ ঘূৰাই দিয়ক আদি ধ্বনি দিয়ে৷ ঠিকাভিত্তিক শিক্ষকক মৰগীয়া বানচ আদায় দিয়াৰো দাবী তোলে প্রতিবাদী শিক্ষকে৷

সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠানত কেইবাটাও শিক্ষক সংগঠন আৰু ৰাজনৈতিক দলৰ নেতৃবৃন্দই অংশগ্রহণ কৰি ভাষণ প্রদান কৰে৷ অখিল ভাৰতীয় প্রাথমিক শিক্ষক সংঘৰ সহকাৰী সম্পাদক তথা পশ্চিমবংগৰ প্রাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক নিমাই চন্দ্র মণ্ডলে এই কার্যসূচীত ভাষণ প্রদান কৰি কয় যে শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে তেওঁলোকে সদায় সমর্থন আগবঢ়াই যাব৷ ৰাজ্য চৰকাৰে কর্তন কৰা ৮,৭০০ টকাৰ গ্রেড পে’ শীঘ্রে ঘূৰাই নিদিলে আৰু প্রধান শিক্ষকৰ পদ সৃষ্টি নকৰিলে প্রাথমিক শিক্ষক সমাজৰ এই প্রতিবাদী কার্যসূচী ৰাষ্ট্রীয় পর্যায়লৈ লৈ যাব বুলিও তেওঁ হুংকাৰ দিয়ে৷ একে সময়তে চৰকাৰে শীঘ্রে কার্যব্যৱস্থা নল’লে গুৱাহাটীত ৩০ লাখ শিক্ষকে প্রতিবাদ সাব্যস্ত কৰিব বুলিও সকীয়াই দিয়ে মণ্ডলে৷ সন্মিলনীৰ সভাপতি জীৱন চন্দ্র বৰাই কয় যে ৩৭বাৰ এই বিষয়টোক লৈ আলোচনা কৰাৰ পাছতো চৰকাৰে সমস্যাৰ সমাধান নকৰিলে৷

ইফালে, এই সভাত অংশগ্রহণ কৰি ভাষণ প্রদান কৰা বিভিন্ন সংগঠনৰ নেতৃবৃন্দয়ো শীঘ্রে শিক্ষকসকলৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়৷ এই সন্দর্ভত সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল গোস্বামীয়ে কয় যে স্নাতক শিক্ষকৰ গ্রেড পে’ বৃদ্ধি কৰাৰ পাছত পুনৰ কর্তন কৰাটো দেশৰ কোনো ৰাজ্যতে নোহোৱা–নোপজা ঘটনা৷ এই সভাত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক–কর্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক আনিছুৰ ৰহমান, চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ উপদেষ্টা ৰামচৰণ কলিতাই ভাষণ প্রদান কৰে৷ অসম জাতীয় পৰিষদৰ অদীপ ফুকন আৰু ৰাইজৰ দলৰ সম্পাদক কমল কুমাৰ মেধিৰ লগতে আঞ্চলিক গণ মর্চাৰ প্রতিনিধিয়েও এই কার্যসূচীত ভাগ লৈ শিক্ষকসকললৈ সমর্থন আগবঢ়ায়৷ সভাৰ অন্তত সমৱেত প্রতিবাদী শিক্ষক সমাজে তেওঁলোকৰ দাবী পূৰণ নকৰা পর্যন্ত বিত্তীয় লেনদেন আৰু তথ্য আদান–প্রদানৰ পৰা বিৰত থকাৰ সংকল্প পাঠ কৰে৷ ইয়াৰ পাছতে তেওঁলোকে মুখ্যমন্ত্রীৰ বাসভৱন ঘেৰাও কার্যসূচী ৰূপায়ণ কৰে৷ লখৰাস্থিত উদয়ন কৃষ্টি সংঘৰ খেলপথাৰৰ পৰা তেওঁলোক মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱন ঘেৰাওৰ লক্ষ্যৰে ৰাওনা হয় যদিও আৰক্ষীয়ে তেওঁলোকক উক্ত স্থানতে বাধা প্রদান কৰে৷ শান্তিপূর্ণ আৰু গণতান্ত্রিকভাৱে প্রতিবাদ সাব্যস্ত কৰা শিক্ষকসকলে উক্ত স্থানতে গুৱাহাটী মহানগৰীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ক দাবীসম্বলিত স্মাৰক–পত্র প্রদান কৰে৷

উল্লেখ্য যে উক্ত দাবীসমূহেৰে ইয়াৰ পূর্বেও অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে কেইবাবাৰো প্রতিবাদ সাব্যস্ত কৰিছে৷ আজি মুখ্যমন্ত্রীৰ বাসভৱন ঘেৰাও কার্যসূচী ৰূপায়ণৰ বাবে তেওঁলোকে লতাশিল খেলপথাৰত অনুমতি বিচাৰিছিল যদিও মহানগৰ আৰক্ষীয়ে অনুমতি নিদিলে৷ সেয়েহে তেওঁলোকে উদয়ন কৃষ্টিসংঘৰ খেলপথাৰত এই কার্যসূচীৰ আয়োজন কৰে৷ আজিৰ কার্যসূচীত ৩০ সহস্রাধিক শিক্ষক সমৱেত হয় যদিও আন বিভিন্ন জিলাত এই কার্যসূচীলৈ অহা শিক্ষকসকলক আৰক্ষীয়ে আবদ্ধ কৰি ৰখা বুলিও জানিব পৰা গৈছে৷ সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে সদৰী কৰা অনুসৰি বিভিন্ন জিলাত ১০ সহস্রাধিক শিক্ষকক প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰিব নোৱাৰাকৈ আবদ্ধ কৰি ৰখা হয়৷ আবদ্ধ কৰি ৰখা স্থানতে এই শিক্ষকসকলে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ গহপুৰ, কোকৰাঝাৰ, বৰপেটা, পাঠশালা, ভৱানীপুৰ, চাপৰ, ধুবুৰী, গোৱালপাৰা, আগিয়া আদি স্থানত শিক্ষকসকলক আবদ্ধ কৰি ৰাখে আৰক্ষীয়ে

You might also like