নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱার্টাৰ ফাইনেলৰ পৰা বাহিৰ সিন্ধু–সমীৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ থাইলেণ্ড অ’পেনৰ পুৰুষ আৰু মহিলা শাখাৰ ছিংগলছৰ কোৱার্টাৰ ফাইনেলৰ পৰা বিদায় ল’লে ভাৰতৰ দুই তাৰকা শ্বাটলাৰ সমীৰ বার্মা আৰু পি ভি সিন্ধুৱে৷ পুৰুষ ছিংগলছৰ কোৱার্টাৰ ফাইনেল মেচখনত সমীৰ বার্মা বিশ্বৰ তৃতীয় বাছনিৰ ডেনমার্কৰ আণ্ডের্ছ এণ্টনছেনৰ হাতত ১৩–২১, ২১–১৯, ২০–২২ গেমত পৰাস্ত হয়৷

ইফালে, মহিলাৰ ছিংগলছৰ কোৱার্টাৰত সিন্ধুৱে থাইলেণ্ডৰ ৰাটছানক ইণ্টাননৰ হাতত পৰাজয় স্বীকাৰ কৰে৷ ষষ্ঠ বাছনিৰ সিন্ধু মেচখনত ১৩–২১, ৯–২১ গেমত পৰাস্ত হয়৷ ইপিনে, স্বাত্বিকসৈৰাজ ৰনকিৰেড্ডী আৰু অশ্বিনী পোনাপ্পাৰ দ্বাৰা গঠিত ভাৰতীয় যুটিটোৱে প্রতিযোগিতাখনৰ মিক্সড ডাবলছৰ ছেমিত প্রৱেশ কৰিছে৷ অবাছনিপ্রাপ্ত ভাৰতীয় যুটিটোৱে পঞ্চম বাছনিৰ মালয়েছিয়াৰ পেং শ্বুন ছান আৰু লিউ য়িং গ’ যুটিক ১৮–২১, ২৪–২২, ২২–২০ গেমত পৰাস্ত কৰে৷

You might also like