🔹 গোপনে বাংলাদেশলৈ প্ৰেৰণৰ সন্দেহ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল : যোৱানিশা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ এটি টহলদাৰী দলে এখন পৰিত্যাক্ত ব’লেৰো পিকআপ বাহনৰ পৰা ৪০ বস্তা চেনি উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ দলটোৱে অঞ্চলটোৰ টেঙামাৰী অঞ্চলৰ এটা গাঁৱলীয়া পথত এএছ-১৭চি-৬১৪৪ নম্বৰৰ এখন বলেৰো পিকআপ বাহন পৰিত্যক্ত অৱস্থাত থকা পায় আৰু সেইখনত তালাচী চলাই ৪০টাকৈ চেনিৰ বস্তা উদ্ধাৰ কৰে আৰক্ষীয়ে। চেনিৰ বস্তাবোৰ বৰলুইতেৰে গোপনে বাংলাদেশলৈ নিয়াৰ বাবে অনা বুলি সন্দেহ কৰে আৰক্ষীয়ে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী