নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰত পেট্ৰল ঢালি ব্যৱসায়ীক প্ৰাণেমৰাৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল : গোৰেশ্বৰত পেট্ৰল ঢালি ব্যৱসায়ীক প্ৰাণেমৰাৰ চেষ্টা। গোৰেশ্বৰ ৰেইনব’ ইংলিছ স্কুল ৰোডৰ গেলামাল ব্যৱসায়ী চুকদেৱ সাহা ৰয়ক পেট্ৰল ঢালি প্ৰাণেমৰাৰ চেষ্টা কৰা ঘটনাই গোৰেশ্বৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শৰীৰৰ কেইবাঠাইতো অগ্নিদগ্ধ হোৱা ব্যৱসায়ী চুকদেৱ সাহা বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে। ঘটনাৰ বিৱৰণী অনুসৰি, তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰেইনব’ ইংলিছ স্কুলৰ ৰোডৰ ব্যৱসায়ী চুকদেৱ সাহা ৰয়ে আজি পুৱা ৬ বজাত নিজৰ গেলামাল দোকানখন খুলিব ধৰোঁতেই গ্ৰাহকৰূপী কোনো অচিনাক্ত দুৰ্বৃত্তই মিঠাতেল ক্ৰয় কৰিব বুলি দোকানৰ ভিতৰত সোমায়। তাৰ কিছু সময়ৰ পিছতে অচিনাকি গ্ৰাহকজনে চুকদেৱ সাহাক পেট্ৰল ঢালি দিয়াচলাইৰ কাঠিৰে জুই লগাই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ শ্বাটাৰ বন্ধ কৰি পলাই যায়। সংকটজনক অৱস্থাত চুকদেৱ সাহাক GMCHলৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক বিজয় ৰাজবংশী

You might also like