নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা জল জীৱন মিছনৰ ৪০০ জলমিত্ৰৰ প্ৰশিক্ষণৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ অন্যতম ধ্বজাবাহী প্ৰকল্প জল জীৱন মিছনৰ প্ৰতিটো আঁচনিৰ সফল ৰূপায়ণৰ বাবে আজিৰ পৰা ৰাজ্যৰ ১০ খন উদ্যোগীক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আই টি আইত ৪০০ জলমিত্ৰৰ প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হয় । এই বিষয়ে সদৰি কৰি ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে জলমিত্ৰ হৈছে জল জীৱন আঁচনিৰ সফল ৰূপায়নৰ একোগৰাকী দায়িত্বশীল স্বেচ্ছাসেবক । ইতিমধ্যে সম্পূৰ্ণ হোৱা আঁচনি তথা পূৰ্বৰ পৰা চলি থকা আঁচনি সমূহত একোগৰাকী জলমিত্ৰক নিয়োগ কৰা হ’ব । এনে উদ্দেশ্যৰে প্ৰথম পৰ্যায়ত দক্ষতাবিকাশ, নিয়োগ আৰু প্ৰতিষ্ঠানিক বিভাগৰ অধীনত প্ৰতিখন আই টি আইত ৪০ গৰাকীকৈ মুঠ ১০ খনত সৰ্বমুঠ ৪০০ জলমিত্ৰক
১০ দিনৰ প্ৰশিক্ষণ দিয়া হ’ব । উক্ত দহ দিনীয়া কাৰ্যসূচীত জলমিত্ৰসকলক ইলেক্ট্ৰিচিটি, প্লামবিঙ, হিচাপ পৰীক্ষণ , যোগাযোগৰ দক্ষতা সম্পৰ্কীয় বিষয়কে ধৰি সামগ্ৰীক দিশৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব । অবশ্যে আঁচনিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰশিক্ষণ বৃদ্ধি কৰা হ’ব আৰু পৰ্যায়ক্ৰমে ২৫-২৬ হেজাৰ জলমিত্ৰক সামৰি প্ৰশিক্ষণ দিয়া হ’ব । জল জীৱন মিছনৰ শেষৰ পৰ্যায় অহালৈকে জলমিত্ৰ স্বেচ্ছাসেবক নিয়োগৰ ব্যবস্হা থাকিব । এই প্ৰসংগতে বিভাগীয় মন্ত্ৰী বৰুৱাই লগতে কয় যে চলিত মাহৰ শেষৰ ফালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰথম পৰ্যায়ত ৫০০ ৰ পৰা ১০ হেজাৰ জলমিত্ৰক কামত নিয়োজিত চুক্তি পত্ৰ ( engagement letter) প্ৰদান কৰা হ’ব । প্ৰশিক্ষণ সমাপ্তিৰ পাছত আঁচনিত নিয়োজিত প্ৰতিগৰাকী জলমিত্ৰক মাহিলী ৬৫০০ টকাকৈ মাননি আগবঢ়োৱা হ’ব । তদুপৰি বহুদিনৰ পৰা এনে কামত জড়িত হৈ থকা পুৰণি স্বেচ্ছাসেবক সকলকো জলমিত্ৰৰ অন্তৰ্ভুক্ত কৰা হ’ব আৰু তেওঁলোকেও প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত মাহিলি ৬৫০০ টকাকৈ মাননি লাভ কৰিব । জলমিত্ৰসকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰতি দুবছৰৰ মূৰে মূৰে পুনঃচৰ্চা পাঠ্যক্ৰম (refresher course) ৰ প্ৰয়োজন হ’ব বুলি মন্তব্য কৰি বিভাগীয় মন্ত্ৰী বৰুৱাই পুনৰাই কয় যে জল জীৱন আচঁনি খন সুন্দৰ আৰু সফলভাবে পৰিচালিত হোৱাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে । প্ৰথম তিনি বছৰ ৰাজ্য চৰকাৰ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰাইজক সম্পূৰ্ণ বিনামূলীয়াকৈ বিশুদ্ধ পানী যোগান ধৰিব । ইয়াৰ পৰবৰ্তী সময়ত জলমিত্ৰই হিতাধিকাৰীৰ পৰা মাননি লৈ সংশ্লিষ্ট আঁচনিখন চলাই নিব লাগিব বুলিও বিভাগীয় মন্ত্ৰী বৰুৱাই সদৰি কৰে ।

You might also like