নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া সংস্কৃতিৰ ৰক্ষক আছিল লাচিত বৰফুকন

লাচিত দিৱসত প্রধানমন্ত্রী মোদীৰ শ্রদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ মোগল সাম্রাজ্যৰ আগ্রাসনক প্রতিহত কৰা বীৰ লাচিত বৰফুকনক আজি শ্রদ্ধা জ্ঞাপন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ লাচিত দিৱসত দুয়ো নেতাই বুধবাৰে টুইটযোগে আহোম সেনাপতিক সোঁৱৰে৷ লক্ষণীয়ভাৱে টুইটাৰত প্রধানমন্ত্রীয়ে ইংৰাজীৰ লগতে অসমীয়াতো লাচিত বৰফুকনক শ্রদ্ধাঞ্জলি দিয়ে৷ আনহাতে, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীজনে একমাত্র অসমীয়াতেই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ লাচিত বৰফুকনক অসমীয়া সংস্কৃতিৰ ৰক্ষক হিচাপে চিহ্ণিত কৰি টুইটাৰত প্রধানমন্ত্রীৰ মন্তব্য– ‘আজি লাচিত দিৱস উপলক্ষে মই বীৰ লাচিত বৰফুকনলৈ শ্রদ্ধাঞ্জলি যাচিছোঁ৷ তেওঁ সাহস আৰু সন্মানৰ মার্গদর্শক আৰু অসমৰ বিশাল সংস্কৃতিৰ ৰক্ষক হিচাপে স্মৰণ কৰা হয়৷ তেওঁ সকলোৰে বাবে সমতা, ন্যায় আৰু গৰিমাৰ আদর্শৰ বাবে প্রতিবদ্ধ আছিল৷’ আনহাতে, প্রতিৰক্ষা মন্ত্রী হিচাপে ইতিহাসৰ পাতৰ পৰা এজন সেনাপতিক সুঁৱৰি প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ বক্তব্য– ‘ভাৰত মাতাৰ সু–সন্তান, মহান সেনাপতি বীৰ লাচিত বৰফুকনলৈ পুণ্য জয়ন্তীত সশ্রদ্ধ প্রণিপাত জনাইছোঁ৷ তেওঁৰ অদম্য সাহস, বীৰত্ব আৰু বলিষ্ঠ নেতৃত্বৰ যুগমীয়া প্রতীক৷ বীৰ যোদ্ধাগৰাকীৰ বীৰত্বৰ কাহিনী অসমত যথেষ্ট জনপ্রিয়৷ তেওঁৰ জীৱনে আগন্তুক প্রজন্মকো অনুপ্রাণিত কৰি থাকিব৷’
লাচিত দিৱসৰ কার্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মন্তব্য
‘নতুন প্রজন্মই ইতিহাস নাজানিলে একালত কাল্পনিক চৰিত্র হ’ব লাচিত বৰফুকন
গুৱাহাটীৰ ফাঁচীবজাৰৰ নিকটৱর্তী ব্রহ্মপুত্রৰ পাৰত অৱস্থিত বীৰ লাচিত বৰফুকনৰ প্রতিমূর্তিৰ সমীপত আজি সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্রশাসনৰ সহযোগত লাচিত দিৱস উদ্যাপন কৰা হয়৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, স্বর্গদেও চাওলুং চুকাফা সমন্বয় ক্ষেত্র সমাজৰ উপাধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই, জ্যোতি চিত্রবনৰ অধ্যক্ষ বিদ্যাসাগৰ, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি প্রশাসনৰ শীর্ষ বিষয়াসকল আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়াবর্গ উপস্থিত থকা এই অনুষ্ঠানত মুখ্য অতিথি বিশ্বজিৎ দৈমাৰীয়ে লাচিত দিৱসৰ লগত সংগতি ৰাখি কয় যে অসমখন হৈছে বীৰভূমি৷

অসমখনক বাদ দি মহাভাৰত সম্পূর্ণ নহয় বুলি উল্লেখ কৰি তেওঁ ভগদত্ত, নৰকাসুৰ, ঘটৎকোচ আদি অসমৰ তাহানিৰ বীৰসকলৰ বীৰত্বৰ বিষয়ে সাৰুৱা বক্তব্য প্রদান কৰে৷ নৱপ্রজন্মক লাচিত বৰফুকনৰ দৰে বীৰ তথা ইতিহাসৰ জ্ঞান প্রদান নকৰিলে কালক্রমত নৱপ্রজন্মই একালৰ ইতিহাসক কাল্পনিক কাহিনীলৈ ৰূপান্তৰ কৰিব বুলি ভাষণত মন্তব্য কৰে৷ সেইদৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজায়ো তেওঁৰ বক্তব্যত লাচিত বৰফুকন জডিত অসমৰ ইতিহাস স্মৰণ কৰে আৰু ভৱিষ্যৎ প্রজন্মক লাচিত বৰফুকনৰ দৰে বীৰৰ বিষয়ে জানিবলৈ উৎসাহ প্রদান কৰে৷ অসম সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা নিবেদিত অনুপজ্যোতি চৌধুৰীৰ দ্বাৰা ৰচিত ‘বীৰ লাচিত বৰফুকন’ নামৰ আলেখ্যখনে আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্রাপ্ত সাংস্কৃতিক উন্নয়ন বিষয়া ৰবীন ডেকাৰ কবিটা আবৃত্তিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ অধিক বৃদ্ধি কৰে৷ আনহাতে, এই অনুষ্ঠানৰ পাছতে অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ত প্রৱেশ কৰে আৰু কার্যালয়ত থকা বীৰ লাচিত বৰফুকনৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি অর্পণ কৰে৷
ৰাজ্যৰ ২৪ হাজাৰ বুথত ‘লাচিত দিৱস’ উদ্যাপন বিজেপিৰ
ৰাজধানী মহনগৰ গুৱাহাটীকে ধৰি ৰাজ্যখনৰ ২৪ হাজাৰ বুথত আজি পুৱাৰ ভাগতে ৰাজ্যিক বিজেপিয়ে লাচিত বৰফুকনক স্মৰণ কৰি ‘লাচিত দিৱস’ উলহ–মালহেৰে উদ্যাপন কৰে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ পৰা আৰম্ভ কৰি দলৰ প্রতিজন ৰাজ্যিক বিষয়ববীয়া, জিলা বিষয়াববীয়া আৰু বিভন্ন মর্চাৰ নেতৃবর্গ দলে নির্ধাৰণ কৰি দিয়া বুথত উপস্থিত থাকি লাচিত দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰে৷ উল্লেখ্য যে আজি বঙাইগাঁও চহৰত দলৰ ৰাজ্যিক বিষয়ববীয়াৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বঙাইগাঁও চহৰৰ দক্ষিণ নগৰ মণ্ডলে তিনিটা বুত ক্রমে ২১৩, ২১৪ আৰু ২১৬ই যৌথভাৱে আয়োজন কৰা লাচিত দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰে৷ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই সভাপতিৰ সৈতে একেলগে উপস্থিত থাকে৷ ঠিক একেদৰে দলৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা আৰু ২২ আৰু ২৪নং বুথৰ কার্যক্রমত সাধাৰণ সম্পাদকদ্বয় ক্রমে দিপ্লু ৰঞ্জন শর্মাই ১৭০ আৰু ১৮০নং বুথত তথা পল্লৱলোচন দাস উত্তৰ বঙাইগাঁও নগৰৰ ৩৯ আৰু ৪০ নম্বৰ বুথৰ কার্যক্রমত উপস্থিত থাকে৷ মহিলা মর্চাৰ সভানেত্রী আঙুৰলতা ডেকাই চহৰখনৰ ১৩ নম্বৰ ৱার্ডত ৩৬ আৰু ৩৭নং বুথে যৌথভাৱে আয়োজন কৰা লাচিত দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰে৷ আনহাতে, চাহ মর্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰ বঙাইগাঁও চহৰৰ ৮নং ৱার্ডৰ ২১০ আৰু ২১১ নম্বৰ বুথে যৌথভাৱে আয়োজন কৰা সভাত উপস্থিত থাকি লাচিত দিৱস উদ্যাপন কৰে৷

You might also like