নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়লা ক্রয়ৰ ভুৱা ৰচিদেৰে ৩৩৮ কোটি লুণ্ঠন

জিএছটি ইণ্টেলিজেঞ্চৰ তদন্তত উন্মোচিত ভয়াৱহ তথ্য

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ অস্তিত্বহীন প্রতিষ্ঠানৰ নামত কয়লাৰ ভুৱা ৰচিদেৰে এজন ব্যৱসায়ীয়ে ৩৩৮ কোটি টকা লুণ্ঠনৰ ভয়াৱহ তথ্য উন্মোচিত হৈছে জি এছ টি ইণ্টেলিজেন্সৰ মহা সঞ্চালকালয়ৰ গুৱাহাটী মণ্ডলৰ তদন্তত৷ বিভিন্ন সূত্রৰ ভিত্তিত শেহতীয়াকৈ চলোৱা অভিযানৰ অন্তত মেছার্ছ মাৰুতি ট্রেডার্ছ নামৰ এটা অস্তিত্বহীন প্রতিষ্ঠানৰ নামত ভুৱা ৰচিদ প্রদান কৰি ধন লুণ্ঠন কৰা অমিত কুমাৰ নামৰ ব্যৱসায়ীজনৰ এই কু–কর্ম পোহৰলৈ আহিছে৷ ইতিমধ্যে এই বৃহৎ কেলেংকাৰিৰ মূল অভিযুক্ত অমিত কুমাৰক গ্রেপ্তাৰ কৰা হৈছে৷ একে সময়তে সমগ্র প্রক্রিয়াত ধৃত কুমাৰক সহযোগিতা কৰা সৌৰভ বাজোৰিয়া নামৰ এজন কৰ কনচালটেণ্টক গ্রেপ্তাৰ কৰা হৈছে৷ এই দুয়োজন অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়৷

দুয়োজনকে কালি আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ জি এছ টি ইনটেলিজেন্সৰ মহা সঞ্চালকালয়ৰ গুৱাহাটী মণ্ডলৰ অতিৰিক্ত সঞ্চালক এল এছ গাংটেই সদৰী কৰা অনুসৰি এই ৩৩৮ কোটি টকাৰ ভুৱা লেনদেনৰ জৰিয়তে ২৮.৯৭ কোটি টকা জি এছ টি ধৃত ব্যৱসায়ীজনে সংগ্রহ কৰিছিল৷ গুজৰাট, পঞ্জাব আৰু দিল্লীৰ পৰা গুৱাহাটীলৈ কয়লা পৰিবহণৰ বাবদ এই ভুৱা ৰচিদসমূহ প্রদান কৰিছিল অস্তিত্বহীন অমিত কুমাৰৰ মাৰুতি ট্রেডার্ছে৷ এই প্রতিষ্ঠানখনে কোনো ধৰণৰ সামগ্রী যোগান নধৰাকৈ উত্তৰ–পূর্বাঞ্চলৰ একাংশ চিমেণ্ট উৎপাদক, কোক উৎপাদক আৰু আন ব্যৱসায়ীক ৰচিদ প্রদান কৰিছিল৷ কয়লা ক্রয়ৰ তথ্য প্রদর্শনৰ বাবে এইধৰণৰ ভুৱা ৰচিদসমূহ প্রদান কৰিছিল অমিত কুমাৰে৷

তদুপৰি ধৃত কুমাৰে মাৰুতি ট্রেডার্ছ নামেৰে লুধিয়ানা আৰু গান্ধীধামত আন দুখন অস্তিত্বহীন ফার্ম পঞ্জীয়ন কৰিছিল৷ এই ফার্ম দুখনৰ জৰিয়তেও তেওঁ কোনো সামগ্রীৰ যোগান নধৰাকৈ ধনৰ লেনদেনৰ তথ্য প্রদর্শন কৰিছিল৷ দিল্লী, পঞ্জাব আৰু গুজৰাটত এনেদৰে ভুৱা ৰচিদ প্রদান কৰা আন প্রতিষ্ঠানো এই ঘটনাত অন্তর্ভুক্ত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে৷ এই সমগ্র অভিসন্ধিত অমিত কুমাৰক প্রত্যক্ষভাৱে সহযোগ কৰিছিল মেছার্ছ বাজোৰিয়া এছ’চিয়েটছৰ স্বত্বাধিকাৰী তথা টেক্স কনচালটেণ্ট সৌৰভ বাজোৰিয়াই৷

অমিত কুমাৰৰ হৈ সকলো ধৰণৰ লেনদেন কৰিছিল টেক্স কনচালটেণ্ট বাজোৰিয়াই৷ সৌৰভ বাজোৰিয়াই সকলো ধৰণৰ বিত্তীয় একাউণ্ট, একাউণ্ট বুক আদি প্রস্তুত কৰিছিল৷ অস্তিত্বহীন মাৰুতি ট্রেডার্ছৰ নামত এনেদৰেই সকলো ধৰণৰ কৰ আদায় দিয়াৰ তথ্যও ভুৱাকৈ প্রস্তুত কৰিছিল টেক্স কনচালটেণ্টজনে৷ অমিত কুমাৰ আৰু সৌৰভ বাজোৰিয়াক গ্রেপ্তাৰ কৰাৰ লগে লগে এনেদৰে অস্তিত্বহীন একাংশ প্রতিষ্ঠানৰ নামত বৃহৎ পৰিমাণৰ ধনৰ লুণ্ঠন আৰু কৰ ফাঁকিৰ বহু গোপনীয় অধ্যায় পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

You might also like