নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতিটোক আমি ন–প্রাণ দিব লাগিব দেশৰ সর্বশ্রেষ্ঠ ৫ ৰাজ্যৰ এখন হ’ব লাগিব অসম

নিয়মীয়া বাৰ্তা ১০ মেঃ জাতিটোক আমি ন–প্রাণ দিব লাগিব৷ ভাৰতৰ বুকুত এক উজ্জ্বল ৰত্ন হিচাপে আমি উদ্ভাসিত হ’ব লাগিব৷ দেশৰ সর্বশ্রেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত অসম এখন হিচাপে পৰিচিত হ’ব লাগিব৷’ জল্পনা–কল্পনাৰ অন্ত পেলাই আজি বিজেপি বিধায়িনী দলৰ নেতা ৰূপে নির্বাচিত হোৱাৰ পিছতে এই মন্তব্য অসমৰ নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত হৈ অসমবাসী তথা বিজেপিৰ নৱনির্বাচিত বিধায়কসকলক উদ্দেশ্যি দিয়া প্রথমটো ভাষণত ড০ শর্মাই কয়– আমি যি প্রতিশ্রুতি দি ৰাজ্যবাসীৰ সমর্থন লাভ কৰিলোঁ সেই প্রতিশ্রুতি পালন কৰাৰ দায়িত্ব আমি গুৰুত্বসহকাৰে গ্রহণ কৰিম৷ সকলোৱে যেন অত্যন্ত সাধনা আৰু তপস্যা সন্মুখত ৰাখি অসমৰ জনসাধাৰণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেখুৱাই যোৱা পথেৰে আগুৱাই গৈ সেই নির্মল বন্তিগছি জ্বলাই ৰাখে৷ সদ্যপ্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক প্রশংসা কৰি ড০ শর্মাই পুনৰ কয় যে প্রথমগৰাকী মুখ্যমন্ত্রী গোপীনাথ বৰদলৈৰ পৰা শ্বহীদ খর্গেশ্বৰ তালুকদাৰলৈ, বড়োফা উপেন ব্রহ্মৰ পৰা অসম আন্দোলনত শ্বহীদ হোৱা প্রতিজনে এই পুণ্যভূমি অসমত বিকাশ হোৱাৰ সপোন দেখিছিল৷ সর্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিয়ে জাতিটোক বহু আগুৱাই নিবলৈ সক্ষম হৈছে৷ তেওঁৰ নেতৃত্বতে বড়ো চুক্তি সম্পাদিত হৈছিল৷ কার্বি পাহাৰৰ সশস্ত্র সংগ্রামীসকল মূলসুঁতিলৈ উভতি আহিছিল৷ বিগত ৫টা বছৰ আমি দেখা পাইছিলোঁ শান্তি আৰু সম্প্রীতি অসমলৈ যেন স্থায়ীভাৱে উভতি আহিছিল৷ সর্বানন্দ সোণোৱালৰ নেতৃত্বতে ৫টা বছৰত মূল্যবোধৰ ৰাজনীতি দেখিছিলোঁ৷ চন্দ্রত দাগ থাকিব পাৰে কিন্তু সর্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰৰ এটাও দাগ নোহোৱাকৈ ৫টা বছৰ সম্পূর্ণ কৰিলে৷ সর্বানন্দ সোণোৱাল আমাৰ নেতা আছিল আৰু নেতা হৈ থাকিব৷ জাতিটোক সেৱা কৰিবলৈ প্রেৰণা দিয়াৰ বাবে মোৰ ব্যক্তিগত জীৱনৰ লগতে মোৰ পৰিয়ালৰ ফালৰ পৰা তেওঁক ধন্যবাদ জনাইছোঁ৷ সর্বানন্দ সোণোৱালৰ মূল্যবোধৰ ৰাজনীতি আমি অক্ষুণ্ণ ৰাখিম৷ তেওঁ আমাৰ পথ প্রদর্শক হৈ থাকিব৷

ইয়াৰ পূর্বে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বাবে বিজেপি, অগপ আৰু ইউপিপিএলৰ প্রতিগৰাকী নেতা আৰু কার্যকর্তাক ধন্যবাদ জ্ঞাপন কৰি ড০ শর্মাই কয়– স্বাধীনতাৰ পিছত এইখনেই প্রথম অকংগ্রেছী চৰকাৰ৷ যি চৰকাৰখনে ক্রমাগতভাৱে দ্বিতীয়বাৰলৈ ক্ষমতালৈ আহিল৷ ইয়াৰ বাবে বিজেপিৰ গৌৰৱী কর্মকর্তাসকল আৰু অগপ, ইউপিপিএলৰ নিষ্ঠাৱান কর্মীসকলক মই বিধায়িনী দলৰ নেতা হিচাপে কৃতজ্ঞতা জনাইছোঁ আৰু আজি প্রতিশ্রুতি দিছোঁ– কার্যকর্তাসকলে আমাৰ ওপৰত যি আস্থা আৰু বিশ্বাস ৰাখিলে, সেই আস্থাক আমাৰ কর্মযজ্ঞৰ জৰিয়তে সম্পাদিত কৰিবলৈ প্রচেষ্টা কৰিম৷

বক্তব্যৰ আৰম্ভণিতে প্রধানমন্ত্রী নৰেন্দ্র মোদীক ধন্যবাদ জ্ঞাপন কৰি ড০ শর্মাই কয়– ২০১৪ চনৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূবক ভাৰতৰ মূলসুঁতিৰ লগত সংলগ্ণ কৰি একাত্মতা গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷ সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্রদানেই হওক, অসমীয়াৰ গামোচাক তেওঁৰ শৰীৰত ধাৰণ কৰি অসমীয়াৰ স্বাভিমানক বিশ্ববাসীৰ ওচৰত পৰিচয় কৰাই দিয়াৰ বাবে তেওঁ যি অদ্ভুত মৰম দেখুৱালে, তাৰ বাবে আমি আৱেগিক হৈ পৰোঁ৷ প্রধানমন্ত্রীগৰাকীয়্ যেতিয়া ক’ভিডৰ ভেকচিন ল’বলৈ যায়, তেওঁৰ ডিঙিত দেখিবলৈ পাওঁ অসমীয়া গামোচাখন৷ তেতিয়াই আমাৰ মান আৰু অভিমান ওফন্দি উঠে৷ এক অদ্ভুত গৌৰৱ অনুভৱ কৰোঁ৷ অসমৰ ৩ কোটি জনগণৰ হৈ আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ৷ নির্বাচনত বিজেপি আৰু মিত্রদলৰ হৈ অসমৰ চুকে–কোণে আহি তেওঁ যি প্রচাৰ অভিযান চলালে, সন্মুখৰ পৰা যি ধৰণে নেতৃত্ব দিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ৷

একেদৰে ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আমাক বিকাশৰ পথেৰে আগুৱাই লৈ শক্তি ৰূপে পৰিগণিত হ’বলৈ সাহস দিলে৷ ইয়াৰ বাবে জে পি নাড্ডা আৰু গৃহমন্ত্রী অমিত শ্বাহক মিত্রজোঁটৰ হৈ অশেষ কৃতজ্ঞতা জনাইছোঁ৷ বড়োভূমিয়েই হওক, কার্বিভূমিয়েই হওক সকলোতে শান্তি উভতি আহক এই লক্ষ্যৰে গৃহমন্ত্রী অমিত শ্বাহে প্রতিটো উগ্রপন্থী গোটক বিশেষকৈ অসমৰ জনজাতীয় সমাজখনত এক নতুন আশাৰ সঞ্চাৰ কৰিছে৷ ড০ শর্মাই পুনৰ কয়– যিকোনো যুদ্ধত জয়ৰ বাবে নিখুঁত পৰিকল্পনাৰ আৱশ্যক৷ দলৰ সাংগঠনিক সম্পাদক বি এল সন্তোষে যোৱা এটা বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে কাম কৰি আমাক আগুৱাই যোৱাৰ বাবে মার্গদর্শন কৰিলে৷ কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰ, ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডা, সহঃ প্রভাৰী পৱন শর্মা, দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক অৰুণ সিঙে যোৱা ৩–৪ মাহ বিজেপি, অগপ আৰু ইউপিপিএলৰ সৈতে কাম কৰি আমাৰ পৰিয়ালৰ একোগৰাকী সদস্য ৰূপে পৰিগণিত হ’ল৷ আটাইকেইজন নেতাক ইয়াৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷

ড০ শর্মাই দীঘলীয়া প্রথমটো ভাষণত কয়– আমি কাৰোবাৰ ঘৰত নহয়, পণ্ডিত দীনদয়াল উপাধ্যায়ে কৈ যোৱাৰ দৰে অন্ত্যোদয় সমাজৰ শেষৰজন মানুহৰ হূদয়ত, তেওঁলোকৰ আশ্রয় হিচাপে, তেওঁলোকৰ বন্ধু হিচাপে, পিতৃ–মাতৃ হিচাপে তেওঁলোকৰ অন্তৰত স্থান পাব লাগিব৷ শেষজন ব্যক্তিৰ জীৱনলৈ হাঁহি আনিব লাগিব৷ তাৰ বাবে আমি সাধনা আৰু তপস্যাৰে কাম কৰিব লাগিব৷ ড০ শর্মাই কয়, অসম আমাৰ জন্মভূমি, ভাৰত আমাৰ সভ্যতা–সংস্কৃতিৰ পৱিত্রভূমি, ভাৰতবর্ষৰ ৰাষ্ট্রবাদৰ মহান চিন্তা আৰু অসমক সকলোতকৈ গৰীয়সী কৰাৰ মহান কল্পনাৰে আমি আগুৱাই যাম৷ জীৱন কালত অসম আমাৰ তপস্যাৰ ভূমি আৰু মৃত্যুৰ পিছতো অসম আমাৰ স্বর্গভূমি৷ শেষত তেওঁ আওৰায় নলিনীবালা দেৱীৰ কবিতাৰ পংক্তি– ‘মেলিলোঁ প্রথম চকু তোমাৰ কোলাতেই আই জনমৰ আদিম পুৱাত, মুদিম আকৌ চকু তোমাৰ কোলাতেই শুই জীৱনৰ শেষ সন্ধিয়াত, মৰাৰ পিছতো যেন পাওহি আকৌ ঠাই, চেনেহৰ শীতলী কোলাত, ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ জিৰাবহি তোমাৰ কোলাত৷ তোমাৰেই ধূলি–বালি, তোমাৰ আকাশ বায়ু, আই মোৰ সৰগৰ বাহ, তুমি মোৰ মৰতৰ পুণ্য মুকুতি ভূমি মোৰ তীর্থ প্রভাগ৷’

You might also like