নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ একাডেমী–কটন কলেজৰ সাধাৰণ সম্পাদকৰ পৰা মুখ্যমন্ত্রীৰ আসনলৈ ড০ শর্মা

তিনি দশকৰ অপ্রতিৰোধ্য ৰাজনৈতিক পৰিক্রমা

নিয়মীয়া বাৰ্তা ১০ মেঃ তিনিটা দশকৰ এক সফল ৰাজনৈতিক পৰিক্রমা৷ বর্ণাঢ়্য–চমকপ্রদ৷ ফুল আৰু কাঁইটেৰে ভৰা এই পথ অতিক্রমি আজি তেওঁ নির্বাচিত হ’ল অসমৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে৷ বিজেপিৰ বিধায়িনী দলৰ পূর্ণ সমর্থন আৰু জনতাৰ আশীর্বাদক সাৰথি কৰি আজি ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্রী ৰূপে শপত গ্রহণ কৰিব৷ ছাত্র ৰাজনীতিৰ পৰা মুখ্যমন্ত্রীৰ আসনলৈকে এই দীঘলীয়া পথছোৱাত সন্মুখলৈ আহিছিল অনেক প্রত্যাহ্বান৷ মোকাবিলা কৰিবলগীয়া হৈছিল বহু অপ্রত্যাশিত দুর্যোগৰ৷ কিন্তু প্রতিটো প্রতিকূল মুহূর্তত তেওঁ দৃঢ়তাৰে থিয় হৈ ৰ’ল৷ নিজ ৰাজ্যৰ জনতাৰ ওপৰত ৰাখিলে অসীম ভৰসা৷ সময়ৰ পৰীক্ষাত সাহসেৰে অৱতীর্ণ হ’ল৷ সেয়ে আজি গভীৰ আস্থাৰে ৰাজ্যৰ সর্বস্তৰৰ জনগণে তেওঁৰ হাতত তুলি দিছে অসমৰ শাসনভাৰ৷ মুখ্যমন্ত্রীৰ আসনত ড০ হিমন্ত বিশ্ব শর্মাৰ আৰোহণে ৰাজ্যবাসীৰ মনলৈ কঢ়িয়াই আনিছে নতুন দিনৰ নতুন আশাৰ ৰেঙনি৷

ড০ হিমন্ত বিশ্ব শর্মাৰ জন্ম হৈছিল ১৯৬৯ চনৰ ১ ফেব্রুৱাৰীত, যোৰহাটত৷ পিতৃ প্রয়াত কৈলাশ নাথ শর্মা আৰু মাতৃ মৃণালিনী দেৱী৷ ১৯৭৫ চনত মহানগৰীৰ গান্ধীবস্তিৰ নতুন শৰণীয়া প্রাথমিক বিদ্যালয়ৰ পৰা স্কুলীয়া জীৱন আৰম্ভ কৰে৷ ১৯৭৯ চনত নামভর্তি কৰে কামৰূপ একাডেমীত৷ তেতিয়াই ঐতিহাসিক অসম আন্দোলনৰো উকমুকনি ঘটিছিল৷ স্কুলীয়া ছাত্র হিচাপে তেওঁ জড়িত হৈ পৰে আন্দোলনৰ কার্যসূচীৰ সৈতে৷ স্কুলৰ পৰা এক আন্দোলনৰ কার্যসূচীত অংশগ্রহণ কৰিবলৈ গৈছিল পাটাছাৰকুছিলৈ৷ তাতেই প্রথমটো বত্তৃণতা দি ৰাজহুৱা জীৱনত আত্মপ্রকাশ কৰে৷ পাটাছাৰকুছি বিদ্যাপীঠ খেলপথাৰৰ পৰা আৰম্ভ হোৱা সেই যাত্রা আজিও অপ্রতিৰোধ্য হৈ ৰৈছে৷

১৯৮২–৮৩ চনত কামৰূপ একাডেমীৰ ছাত্র একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হোৱাৰ পিছত ১৯৮৪–৮৫ চনত বিদ্যালয়খনৰ সাধাৰণ সম্পাদক পদতো জয়লাভ কৰে৷ ছাত্র নেতা হিচাপে অসম আন্দোলনত সক্রিয় অংশগ্রহণ দেখি তেওঁক ছাত্র সন্থাৰ বিষয়ববীয়াৰ দায়িত্বও অর্পণ কৰা হয়৷ কামৰূপ একাডেমীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱাৰ পিছত ১৯৮৫ চনত ঐতিহ্যমণ্ডিত কটন কলেজত নামভর্তি কৰে৷ ১৯৮৭ চনত স্নাতক শাখালৈ উত্তীর্ণ হোৱাৰ সমান্তৰালভাৱে ছাত্র একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপেও নির্বাচিত হয়৷ পৰৱর্তী তিনিটা কার্যকাল ১৯৮৮–৮৯, ১৯৮৯–৯০ আৰু ১৯৯১–৯২ বর্ষত হিমন্ত বিশ্ব শর্মা আছিল কটন কলেজ একতা সভাৰ সাধাৰণ সম্পাদক৷ সাংগঠনিক দক্ষতাৰ বাবে সদৌ গুৱাহাটী ছাত্র সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বও তেওঁৰ ওপৰত ন্যস্ত কৰা হয়৷

সেই সময়তে হিমন্ত বিশ্ব শর্মা তদানীন্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াৰ সান্নিধ্যলৈ আহে৷ আগ্রহ আৰু দক্ষতাৰ উমান পাই শইকীয়াই তেওঁক ৰাজ্যিক পর্যায়ৰ ছাত্র যুৱ কল্যাণ পৰামর্শদাতা সমিতিৰ সদস্য সচিব হিচাপে নিয়োজিত কৰে৷ প্রত্যক্ষভাৱে কংগ্রেছ দলৰ লগত জড়িত হৈ হিমন্ত বিশ্ব শর্মাই জালুকবাৰী সমষ্টিত ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰে৷

১৯৯৬ চনত জালুকবাৰীত প্রথমবাৰৰ বাবে কংগ্রেছ দলৰ টিকটত নির্বাচনত অৱতীর্ণ হৈ পৰাজিত হ’বলগীয়া হয়৷ তাৰ পিছতো তেওঁ দিন–ৰাতি একাকাৰ কৰি সমষ্টিবাসীৰ লগত একাত্মতা গঢ়ি তোলে৷ যাৰ বাবে ২০০১ চনত অসম গণ পৰিষদৰ শক্তিশালী নেতা ভৃগু কুমাৰ ফুকনক পৰাজিত কৰি অসম বিধানসভালৈ নির্বাচিত হ’বলৈ সক্ষম হয়৷ প্রথমবাৰ বিধায়ক হোৱাৰ পিছতে তৰুণ গগৈ মন্ত্রীসভাত তেওঁ কৃষি, পৰিকল্পনা–উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্রীৰ দায়িত্ব লাভ কৰে৷ ২০০৬ চনত জালুকবাৰীৰ পৰাই বিপুল ভোটত দ্বিতীয়বাৰৰ বাবে বিজয়ী হয়৷ এইবাৰ তেওঁক দিয়া হয় স্বাস্থ্য বিভাগৰ দায়িত্ব৷ বিভাগটোৰ দায়িত্ব লৈয়ে হিমন্ত বিশ্ব শর্মা একাগ্রতাৰে নামি পৰে অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়নত৷ ১০৮ এম্বুলেঞ্চ সেৱাকে ধৰি স্বাস্থ্য বিভাগৰ কেইবাখনো অভিনৱ আঁচনি সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হয়৷ সেইবাবে ২০১১ চনত তৃতীয়বাৰৰ বাবে বিজয়ী হোৱাৰ পিছত স্বাস্থ্যৰ লগতে শিক্ষা, গুৱাহাটী উন্নয়ন আদি বিভাগৰ দায়িত্বও লাভ কৰে৷ শিক্ষা বিভাগৰ দায়িত্ব লৈ টেটৰ দৰে যুগান্তকাৰী পদক্ষেপেৰে অসমৰ শিক্ষক নিযুক্তি প্রক্রিয়াৰ স্বচ্ছ ৰূপ দিয়ে৷

দীর্ঘদিন গেঁঠেলা মাৰি থকা বিদ্যালয় প্রাদেশিকীকৰণ প্রক্রিয়া পুনৰ আৰম্ভ কৰি হাজাৰ হাজাৰ শিক্ষকৰ মুখত হাঁহি বিৰিঙাই তোলে৷ কিন্তু কংগ্রেছ দলৰ আভ্যন্তৰীণ সংঘাতত অতিষ্ঠ হৈ ২০১৪ চনৰ জুলাই মাহত মন্ত্রীসভাৰ পৰা পদত্যাগ কৰে৷ পৰৱর্তী ২০১৫ চনৰ আগষ্ট মাহত ড০ হিমন্ত বিশ্ব শর্মাই ভাৰতীয় জনতা পার্টীত যোগদান কৰে৷ ২০১৬ চনত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ আদি বিভাগৰ গুৰু দায়িত্বও তেওঁ কান্ধ পাতি লয়৷ মাত্র ৫টা বছৰৰ কার্যকালত নতুন নতুন শিক্ষা প্রতিষ্ঠান, চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম আৰম্ভ কৰি অসমৰ চহৰ, নগৰ, গাঁৱৰ বাট–পথৰ অভূতপূর্ব উন্নয়নেৰে ৰাজ্যখনক উন্নয়নৰ দিশত নতুন গতি প্রদান কৰে৷ একে সময়তে অৰুন্ধতী, অৰুণোদয় আদি আঁচনিৰ জৰিয়তে দৰিদ্র পৰিয়ালসমূহক সকাহ দিয়াৰ পদক্ষেপো লয়৷

ক’ভিডৰ সংক্রমণৰ সময়ত ড০ হিমন্ত বিশ্ব শর্মাই লোৱা ভূমিকাক সাত শত্রুৱেও শলাগিছে৷ অসমবাসীৰ সুৰক্ষাৰ বাবে তেওঁ দিনে–নিশাই তৎপৰ হৈ ৰ’ল বিগত দিনসমূহত৷ যাৰ বাবে বিৰোধীৰ আস্থাৰ পাত্র হৈ পৰিল ড০ হিমন্ত বিশ্ব শর্মা৷ সকলো প্রতিকূলতা অতিক্রমি, জনসাধাৰণৰ আশীর্বাদ লৈ তেওঁ অব্যাহত ৰাখিলে অপ্রতিৰোধ্য যাত্রা৷ যাৰ পৰিণতিত ড০ শর্মা আগবাঢ়িছে অসমৰ পঞ্চদশ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিবলৈ৷

You might also like