নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহাবাৰ চৰকাৰ আহিলে প্ৰথম ৩ বছৰতে শিক্ষা বিভাগত ৫৫ হাজাৰক নিযুক্তি

ডিজিটেল ডেস্ক, ১৯ ফেব্ৰুৱাৰী : অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি (১৯ ফেব্ৰুৱাৰী) অসম বিধানসভাৰ চলিত অধিৱেশনৰ শেষ দিনা ঘোষণা কৰে যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ এইবাৰ তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিলে আগন্তুক পাঁচ বছৰীয়া কাৰ্যকালৰ প্ৰথম তিনি বছৰৰ ভিতৰতে শিক্ষা বিভাগত এককভাৱে ৫৫,০০০ নতুন নিযুক্তি দিয়া হ’ব।

মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্যত নিয়োগ প্ৰক্ৰিয়াত এক ডাঙৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰি কয় যে অতীতৰ দুৰ্নীতিৰ ক’লীয়া মেঘ এতিয়া আঁতৰি গৈছে। তেওঁ APSC আৰু ADREৰ জৰিয়তে সম্পন্ন হোৱা শেহতীয়া নিয়োগসমূহক স্বচ্ছতাৰ মাপকাঠী বুলি উল্লেখ কৰে। তেওঁ কয় যে এই নিযুক্তিসমূহ যোগ্যতা আৰু স্বচ্ছতাৰ ভিত্তিত হোৱা বাবে এই নিয়োগসমূহৰ বিৰুদ্ধে বিধানসভাত প্ৰতিবাদ নোহোৱাৰ লগতে আদালতত এটাও গোচৰ দাখিল হোৱা নাই।

তেওঁ লগতে কয় যে নিয়োগ প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ বাবে বিধানসভাত বিৰোধী দলসমূহেও এই ফলাফলৰ বিৰুদ্ধে কোনো প্ৰতিবাদ কৰিবলৈ কাৰণ বিচাৰি পোৱা নাই। ড° শৰ্মাই পুনৰ কয় যে এতিয়ালৈকে ১.৬৫ লাখ প্ৰাৰ্থীৰ সফল আৰু ন্যায়সংগত নিয়োগে অসমৰ যুৱক-যুৱতীসকলৰ মাজত বিপুল উৎসাহ আৰু প্ৰেৰণাৰ সঞ্চাৰ কৰিছে।

তদুপৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে নিয়োগৰ এই স্বচ্ছ পদ্ধতিয়ে ৰাজ্যৰ যুৱপ্ৰজন্মৰ মাজত নতুন আশা আৰু প্ৰতিযোগিতামূলক মনোভাবৰ সৃষ্টি কৰিছে।

You might also like