নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ই-ৰিক্সা ডীলাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ভুক্তভোগী গ্ৰাহকৰ

একাংশ ভুক্তভোগী গ্ৰাহকে আৰক্ষীত দাখিল কৰা এজাহাৰৰ ভিত্তিত পোহৰলৈ আহিছে এখন ই-ৰিক্সা ডীলাৰৰ প্ৰৱঞ্চনাৰ তথ্য। এজন-দুজন নহয়, প্ৰায় কুৰিৰো অধিক সহজ-সৰল গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে ডীলাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে | প্ৰাপ্ত অভিযোগ অনুসৰি, কামৰূপৰ ছয়গাঁওস্থিত আৰব মটৰচ’ৰ নামৰ ডীলাৰ আৰু ডীলাৰৰ স্বত্বাধিকাৰী হাফিজা আহমেদ, ইমান খান আৰু জাহিদা বেগমৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ |

অভিযোগ মতে, একাংশ গ্ৰাহকে নগদ টকাৰে ই-ৰিক্সা কিনাৰ পাছতো সেই গ্ৰাহকৰ নথি-পত্ৰ ব্যৱহাৰ কৰি জালিয়াতিৰে গ্ৰাহকজনৰ নামত ছয়গাঁওস্থিত বৰোদা বেংকত লোন অনুমোদন কৰোৱা হয় আৰু লোনৰ সমূদায় ধণ গ্ৰাহকৰ অজ্ঞাতে গোপনে উঠাই লয় তিনি অভিযুক্তই।

আনহাতে, আন একাংশৰ পৰা আকৌ ৰাজসাহায্যযুক্ত ই-ৰিক্সা দিয়াৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰা হয় যদিও আজিলৈকে দিয়া নাই এখনো ই-ৰিক্সা। তদুপৰি একাংশ গ্ৰাহকৰ নামত লোন হৈছে যদিও আজিলৈকে ই-ৰিক্সা হিতাধিকাৰীয়ে পাবলৈ সক্ষম নোহোৱা বুলিও অভিযোগত উল্লেখ। ই-ৰিক্সা নোপোৱাকৈ এতিয়া পৰিশোধ কৰিবলগীয়া হৈছে বেংকৰ ঋণ। কিয়নো বেংকৰ পৰা এতিয়া গ্ৰাহকসকললৈ ঋণ পৰিশোধৰ জাননী আহিছে। বেংকৰ জাননী পোৱাৰ পাছতহে পোহৰলৈ আহে এই সমগ্ৰ জালিয়াতিৰ তথ্য | ছয়গাঁৱৰ বৰোদা বেংক শাখাৰ একাংশ বিষয়াৰ সৈতে মিলি এইদৰে সহজ-সৰল গ্ৰাহকৰ পৰা ছল-চাতুৰীৰে লাখ লাখ টকা লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী গ্ৰাহকসকলে |

ইতিমধ্যে অভিযুক্তসকলৰ বিৰুদ্ধে টুপামাৰী আৰক্ষী চকীত পৃথকে পৃথকে এজাহাৰ দাখিল কৰি শীঘ্ৰেই দোষীক কৰায়ত্ত কৰাৰ উপৰি দুখীয়া লোকসকলৰ টকা ঘূৰাই দিয়াৰ দিহা কৰিবলৈ দাবী জনাইছে ভুক্তভোগী গ্ৰাহকসকলে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৯ ফেব্ৰুৱাৰী :

You might also like