নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত নতুন গাঁও নির্মাণ ৰঙা চীনৰ

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ  বিশ্বাসঘাতক ৰঙা চীনৰ আন এক ভাৰতবিৰোধী কার্যকলাপ পোহৰলৈ আহিছে৷ কৃত্রিম উপগ্রহৰ আলোকচিত্রত চীনে ভাৰতীয় ভূমিত নতুনকৈ গাঁও নির্মাণ কৰাটো নিশ্চিত হৈছে৷ উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশত চীনে নতুনকৈ গাঁও এখন নির্মাণ কৰিছে৷ গাঁওখনত ১০১টা বাসগৃহ নির্মাণ কৰাটো আলোকচিত্রত ধৰা পৰিছে৷ হিমালয়ৰ পাদদেশৰ জম্মু–কাশ্মীৰৰ পৰা উত্তৰ–পূবৰ অৰুণাচল প্রদেশলৈকে চীন–ভাৰতৰ সীমা অতিক্রমি ৰঙা চীনে দখলদাৰী মনোভাব প্রদর্শন কৰি আহিছে৷ লাডাখৰ এলএচিৰ সমীপতে বিশাল পৰিমাণে সামৰিক বাহিনী মোতায়েন কৰাৰ লগতে সামৰিক ঘাটি স্থাপন কৰিছে৷ অৰুণাচলক ভাৰতীয় ভূমি হিচাপে বিগত দশক দশক ধৰি অস্বীকাৰ কৰি অহা চীনে এইবাৰ অৰুণাচল প্রদেশতে গাঁও নির্মাণ কৰিলে৷

কৃত্রিম উপগ্রহৰ জৰিয়তে ২০২০ চনৰ ১ নৱেম্বৰত সংগৃহীত আলোকচিত্রৰ তথ্য অনুসৰি ৰঙা চীনে সীমান্তৰ পৰা ৪.৫ কিলোমিটাৰ ভাৰতীয় ভূমিৰ ভিতৰত গাঁওখন নির্মাণ কৰিছে৷ এই গাঁওখন আপাৰ সোৱণশিৰি জিলাৰ চাৰিশ্বু নদীৰ দাঁতিত নির্মাণ কৰা হৈছে৷ বিগত দশক দশক ধৰি এই অঞ্চলটো ভাৰত আৰু চীনৰ মাজত বিবদমান হিচাপে চিহ্ণিত হৈ আছে৷ ভাৰতীয় ভূমিৰ এই অঞ্চলটোত চীনৰ সৈন্য প্রৱেশ কৰাক লৈ ভাৰতীয় সেনাৰ মাজত উত্তেজনাও চলি আহিছে৷ এনে সময়তে চীনে উক্ত অঞ্চলত গাঁও নির্মাণ কৰি তেওঁলোকৰ বাসিন্দা সংস্থাপন কৰিব বিচাৰিছে৷ তাৎপর্যপূর্ণ যে কিছুদিন পূর্বে প্রকাশিত এক বাতৰি মতে অৰুণাচল প্রদেশৰ আন্তর্জাতিক সীমান্তৰ নীচেই দাঁতিতে চীনে গাঁও নির্মাণ কৰি অত্যাধুনিক সা–সুবিধাৰে দেশৰ নাগৰিকক সংস্থাপিত কৰিছিল৷ নিজা ভূমিত এই পদক্ষেপ গ্রহণ কৰাৰ কিছুদিন পাছত এইবাৰ ভাৰতীয় ভূমিত চীনে গাঁও নির্মাণ কৰাক লৈ উদ্বিগ্ণ হৈছে নতুন দিল্লী৷

উল্লেখ্য যে কৃত্রিম উপগ্রহৰ জৰিয়তে সংগ্রহ কৰা ২০১৯ চনৰ ২৬ আগষ্টৰ আলোকচিত্রত অৰুণাচল প্রদেশত চীনে নতুনকৈ নির্মাণ কৰা গাঁওখনৰ কোনো অস্তিত্ব নাছিল৷ লাডাখৰ পাছত অৰুণাচল প্রদেশত চীনৰ দখলদাৰীৰ মানসিকতা স্পষ্ট হৈ পৰাত তথা ভাৰতীয় ভূমিত গাঁও নির্মাণ কৰাক লৈ নতুন দিল্লীয়ে তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে৷ চাৰিশ্বু নদীৰ উপত্যকাত ১৯৫৯ চনত চীন–ভাৰতৰ সেনাৰ মাজত সংঘাত হোৱাৰ পাছত অঞ্চলটোত কোনো ধৰণৰ বিশেষ উত্তেজনা হোৱা নাছিল যদিও চীনে নতুনকৈ গাঁও নির্মাণ কৰাটোক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰাই নহয় চীনৰ এনে অভিসন্ধিৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰো হুংকাৰ দিছে নতুন দিল্লীয়ে৷

কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ে কৃত্রিম উপগ্রহৰ আলোকচিত্রত চীনৰ গাঁও নির্মাণৰ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা সুৰক্ষাৰ বাবে ভাৰতে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব৷ বৈদেশিক মন্ত্রালয়ৰ বিবৃতিত প্রকাশ কৰা মতে ভাৰতৰ সৈতে সংলগ্ণ সীমাত চীনে আন্তঃগাঁথনি নির্মাণ কৰি থকাটো শেহতীয়া প্রতিবেদনত স্পষ্ট হৈ পৰিছে৷ চীনৰ এনে পদক্ষেপক দেশে প্রতিহত কৰাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিব৷ তাৎপর্যপূর্ণ যে বিগত বর্ষৰ জুন মাহত লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ আক্রমণত ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পাছতে দুই দেশৰ আন্তর্জাতিক সীমান্তত উত্তেজনা অব্যাহত আছে৷

You might also like