শদিয়াত ষষ্ঠ অসম কমাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় স্থাপন মুখ্যমন্ত্ৰীৰ
শদিয়াৰ অসম-অৰুণাচল সীমান্তৰ অম্বিকাপুৰত প্রায় ৩৩১ বিঘা মাটিত ১৬১ কোটিৰে নিৰ্মিত ষষ্ঠ অসম আৰক্ষী কামাণ্ড বেটেলিয়নৰ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে মূখ্যমন্ত্ৰীগৰাকীয়ে শদিয়াত কেইবাটাও শুভ উদ্বোধন কাৰ্যসূচী শুভাৰম্ভ কৰে ইয়াৰে অংশ স্বৰূপে শদিয়াৰ ধেমাজি আৰু শদিয়াৰ অতি দুৰ্গম অঞ্চল অমৰপুৰৰ পৰা পোনে পোনে হেলিকপ্টাৰে শদিয়াৰ অম্বিকাপুৰত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
ইয়াৰ পিছতে শদিয়াৰ অম্বিকাপুৰত নৱনিৰ্মিত ষষ্ঠ অসম আৰক্ষী কমাণ্ড বেটেলিয়নৰ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত সভাৰ পৰা বহু কেইটা কামৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰি অম্বিকাপুৰৰ পৰাই ভাৰ্ছুৱেলী শদিয়াৰ হস্পিতাল চাৰিআলিৰ পৰা টুপছিঙা ঘাটলৈ RCC দলং, ১০ কোটি টকাৰে শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহৰ মুকলি কৰে।
লগতে ভাৰ্ছুৱেলী ১০ কোটি টকাৰে চপাখোৱাত বীৰ লাচিত ষ্টেডিয়াম কমপ্লেক্স, কাকপথাৰত বহুমুখী ইনডোৰ ষ্টেডিয়াম, ড° ভূপেন হাজৰিকা সেতুৰ ওচৰত ড° ভূপেন হাজৰিকাৰ মূৰ্তি সহ পাৰ্ক, ডাঙৰীত খ্ৰীং খ্ৰীং বাইখো মন্দিৰত আন্তঃগাঠনি, চপাখোৱাৰ শদিয়া চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ গৃহ, সীমান্ত টেঙাপানী আৰু অমৰপুৰৰ ১১ কেভি চাৰ্কিট লাইন, আৰডিএছএছ আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ নথকা পৰিয়ালসমূহৰ বিদ্যুৎ সংযোগ, কাকপথাৰৰ পৰা ডাঙৰীলৈ পথ উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰে।
অন্যহাতে উদ্ধোধনী কৰাৰ পিছতে মূখ্যমন্ত্ৰীগৰাকীয়ে কয় উক্ত মুখ্য কাৰ্যালয়টো আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত অৱস্থিত লগতে ই অসম–অৰুণাচল সীমান্তৰ নিৰাপত্তা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে উক্ত স্থানত স্থাপন কৰা এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে ২১ৰ নিৰ্বাচনৰ পূৰ্বে অসমত পাঁচটা কমাণ্ডো বেটেলিয়ন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল আৰু প্ৰতিশ্ৰুতি অংশৰূপে অম্বিকাপুৰত এই কাৰ্যালয় প্ৰতিস্থা কৰিছোঁ।
উক্ত বেটেলিয়ন কাৰ্যালয়ৰ চৌহদত প্ৰায় ৪০০জন আৰক্ষী থাকিব পৰা ব্যৱস্থা আছে য’ত সম্পূৰ্ণ আধুনিক সা- সুবিধা উপলব্ধ হব, ইয়াত ১৪৯টা আৱাসিক এলেকা, পেৰেড গ্ৰাউণ্ড, ১০খন বিছনাৰ চিকিৎসালয়, নামঘৰ, এটি এম্, ফায়াৰ ছাৰ্ভিচ, কো-ৰেচিডেন্স আদি সকলো প্ৰয়োজনীয় সুবিধা উপলব্ধ বুলি উল্লেখ কৰে।
লগতে তেওঁ উল্লেখ কৰে এই বেটেলিয়নক কেন্দ্ৰ কৰি অম্বিকম্পুৰ অঞ্চলত আৰ্থিক বিকাশৰ নতুন দিশ মুকলি হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। তেওঁ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে অনাগত দিনত নতুনকৈ অসমত ৫,০০০ আৰক্ষী ভৰ্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়া হৈছে। পূৰ্বতে ৫,০০০ আৰক্ষী ভৰ্তি কৰা হৈছিল আৰু আগন্তুক দিনতো এই ধাৰা অব্যাহত থাকিব।
লক্ষণীয় যে মূখ্যমন্ত্ৰীগৰাকীয়ে পোনে পোনে শদিয়ালৈ আহি শদিয়াৰ একেবাৰে দুৰ্গম অঞ্চল অমৰপুৰত এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহন কৰে আৰু ইয়াতে তেওঁ স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে উক্ত অঞ্চল অমৰপুৰত ভূমি পট্টা প্ৰদান কৰি এক ঐতিহাসিক প্ৰদক্ষেপ গ্ৰহন কৰে যিয়ে শদিয়াবাসীৰ বাবে আনন্দৰ বাৰ্তা হিচাপে পৰিগণিত হৈছে লগতে তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় আগন্তক ২৬ ত চৰকাৰ গঠন কৰিলে চৰকাৰে দিবাং নদীত এখন দলং নিৰ্মাণ কৰাৰো পৰিকল্পনা গ্ৰহণ কৰিব।
অন্যহাতে তেওঁ উল্লেখ কৰে বৰ্তমান শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰতো শদিয়াত উল্লেখযোগ্য উন্নয়ন দেখা গৈছে। পূৰ্বতে এমপি-এমএলএ ফাণ্ডৰ পৰা ২-৩ লাখ টকাৰ সহায় আগবঢ়োৱা হৈছিল যদিও বৰ্তমান চৰকাৰে ৬ কোটিৰ পৰা ১০ কোটি টকা পৰ্যন্ত মোকলাই দিব সক্ষম হৈছে। ইতিমধ্যে ৫০০ খন বিদ্যালয়ক বিভিন্ন শিতানত ধন প্ৰদান কৰা হৈছে আৰু প্ৰতিটো অনাগত দিনত প্ৰত্যেক প্ৰাদেশিক বিদ্যালয়ত ৬ কোটিৰ পৰা ১০ কোটি টকা প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি উল্লেখ কৰে। ইয়াৰ লগতে ১১ কোটি টকা ব্যয়ে আউটড’ৰ ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে, যি ৰাজ্যখনৰ ক্ৰীড়া উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ পদক্ষেপ।
তেওঁ লগতে কয় ৰাজ্যখনক ভাৰতৰ ভিতৰত এখন শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে উন্নয়নৰ নতুন দিগন্ত উন্মোচন কৰাৰ দৃঢ় সংকল্প ব্যক্ত কৰা হয়।
নিয়মীয়া বাৰ্তা, শদিয়া, ২৮ ফেব্ৰুৱাৰী