নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজ্জয়িনীৰ আশ্রমত ১৭ প্রতিবন্ধী শিশুৰ মৃত্যুক লৈ চাঞ্চল্য

ডিজিটেল ডেস্ক, ২৮ ফেব্রুৱাৰী : মধ্যপ্রদেশৰ উজ্জয়িনীত সংঘটিত এক শোকাৱহ ঘটনাক লৈ তোলপাৰ লাগিছে দেশত৷ মধ্যপ্রদেশৰ এই চহৰখনত থকা অংকিত সেৱা ধাম আশ্রমত ১৭টি প্রতিবন্ধী শিশুৰ মৃত্যুক লৈ সৃষ্টি হৈছে এই চাঞ্চল্যৰ৷ ঘটনাটো পোহৰলৈ অহাৰ পিছতেই জৰুৰী ভিত্তিত নিজাববীয়াকৈ হস্তক্ষেপ কৰে মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ৰ ইন্দোৰ বিচাৰপীঠে৷ কেনেদৰে এই ঘটনা ঘটিবলৈ পালে তাৰ কাৰণ জানিবলৈ ৰাজ্য চৰকাৰক দুসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নির্দেশ জাৰি কৰিছে ন্যায়ালয়খনে৷

সূত্রৰ খবৰ মতে, এই ঘটনাটো সন্দর্ভত জাননী জাৰি কৰি উত্তৰ বিচৰা হৈছে ৰাজ্যখনৰ মুখ্য সচিব, প্রধান সচিব, মহিলা আৰু সমাজ কল্যাণ দপ্তৰৰ আয়ুক্ত, উজ্জয়িনীৰ জিলা প্রশাসক, আৰক্ষী অধীক্ষক, জিলা শিশু আৰু নাৰী কল্যাণ বিষয়া তথা সেৱা ধাম আশ্রম কর্তৃপক্ষৰ পৰা৷

সূত্রটোৱে জনোৱা মতে, ২০২৪ চনৰ ২৫ ডিচেম্বৰৰ দিনা ৮৬টি প্রতিবন্ধী শিশুক ইন্দোৰৰ যুগপুৰুষ আশ্রমৰ পৰা উজ্জয়িনীৰ সেৱা ধাম অংকিত আশ্রমলৈ লৈ অহা হয়৷ উজ্জয়িনী চহৰৰ পৰা এই আশ্রমৰ দূৰত্ব ২২ কিলোমিটাৰ৷ জানিব পৰা মতে, বিগত সময়ছোৱাত সেই ৮৬টি শিশুৰ ভিতৰত ১৭টি শিশুৰ মৃত্যু হয়৷ সিহঁতৰ বয়স ১০ৰ পৰা ১৮ বছৰৰ ভিতৰত৷ ঘটনাটো পোহৰলৈ অহাৰ পিছতেই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ কিন্তু বাৰে বাৰে কিয় এনেদৰে শিশুৰ মৃত্যু হৈছে এই বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰি জৰুৰী ভিত্তিত নিজাববীয়াকৈ হস্তক্ষেপ কৰে মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ে৷

ন্যায়ালয়ে নির্দেশ দিয়ে যে এই ঘটনাটোক যেন জনস্বার্থজড়িত গোচৰ হিচাপে গণ্য কৰা হয়৷ ইন্দোৰৰ যুগপুৰুষ আশ্রমতো ১০টি শিশুৰ মৃত্যু হয়৷ অসুস্থ হৈ পৰে ৬০টি শিশু৷ এই ঘটনা সংঘটিত হোৱাৰ সময়ত ইন্দোৰৰ জিলা প্রশাসক আছিল আশিস সিং৷ ঘটনাটো সন্দর্ভত তেওঁ দাবী কৰে যে তেওঁ ৮৬টি প্রতিবন্ধী শিশুক সেৱা ধাম আশ্রমলৈ স্থানান্তৰৰ নির্দেশ দিছিল৷ তেওঁৰ এই পদক্ষেপ সন্দর্ভতো তদন্ত আৰম্ভ হৈছে৷ চৰক ভৱন চিকিৎসালয়ৰ চিকিৎসক চিন্ময় চিঞ্চোলেকৰে জনায় যে শিশুকেইটিক চিকিৎসালয়লৈ অনাৰ সময়ত সিহঁতৰ অৱস্থা শোচনীয় আছিল৷ কেইবাজনকো মৃত অৱস্থাত লৈ অহা হৈছিল৷ বেছিভাগ শিশুৰ মৃত্যুৰ কাৰণ আছিল ৰক্তাল্পতা৷

You might also like