ফাঁচী বজাৰৰ ৭ দিনৰ মোবাইল ট্ৰেক ৰেকৰ্ড উলিওৱা হ’বঃ ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বার্তা, ১৪ মে’ : ভয়ংকৰ সময়ৰ এয়াই নেকি আৰম্ভণি ! ৰাজ্যত ক’ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ল’ব বুলি আশংকা কৰি থকাৰ সময়তে বুধবাৰে এদিনতে মহানগৰীত চিনাক্ত হ’ল ১৫ জন ক’ভিড-১৯ আক্ৰান্ত ।
বুধবাৰে গুৱাহাটী মহানগৰীৰ ১৫ জনকৈ লোকৰ ক’ভিড-১৯ পজিটিভ ওলোৱাৰ পাছতে তেওঁলোকৰ সংস্পৰ্শলৈ অহা প্ৰায় ফাঁচী বজাৰৰ প্ৰায় ৩ শতাধিক লোকৰ নমুনা সংগ্ৰহ কৰা হয় । চিকিৎসকৰ এটা দলে ইতিমধ্যে সংগ্ৰহ কৰি আছে নমুনাসমূহ ।
ইপিনে ক’ৰোনাৰ হটস্পট ফাঁচী বজাৰত উপস্থিত হৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে- “বুধবাৰে মহানগৰীৰ ১৫ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ওলোৱাৰ পাছতে তেওঁলোকৰ সংস্পৰ্শলৈ অহা প্ৰায় ৩ শতাধিক লোকৰ নমুনা সংগ্ৰহ কৰিছোঁ । ইয়াৰে ভিতৰত ফাঁচী বজাৰৰ ৰে’লৱে কলনি, কুমাৰ পাৰা, জি এছ ৰোড, শান্তিপুৰ আশ্ৰম ৰোডৰ পৰা এই লোকসকলৰ নমুনা সংগ্ৰহ কৰা হৈছে । ইয়াৰ কিছু ব্যক্তি নিকট সংস্পৰ্শলৈ অহাৰ বাবে নমুনাৰ ফলাফল অহাৰ পূৰ্বেই কিছু সংখ্যকক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । কিয়নো তেওঁলোক পজিটিভ হোৱাৰ ৯০ শতাংশ সম্ভৱনা আছে ।”
ইয়াৰ ওপৰি ফাঁচী বজাৰলৈ অহা লোকৰ ৭ দিনৰ মোবাইল ট্ৰেক ৰেকৰ্ড উলিওৱা হ’ব আৰু তাৰ তালিকাৰ ওপৰত ভিত্তি কৰিয়ে লোকলকলক ফোন যোগে সৱধানে থাকিবলৈ বা অন্যান্য পৰামৰ্শাৱলী প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।
To assure people of best help from district administration and urge them to adhere to rules, we visited two containment zones of Guwahati ~ Fancy Bazar and Kumara Para.
We shall need to stay inside, be vigilant and co-operate with administration. Any laxity will cause problems. pic.twitter.com/9y0wcu1VFj
— Himanta Biswa Sarma (@himantabiswa) May 14, 2020