নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭০ আসনেৰে চৰকাৰ গঠন কৰিব মহাজোঁটে

ওদালগুৰিত বিপিএফৰ কর্মীসভাত হাগ্রামা মহিলাৰী

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ কংগ্রেছ–এ আই ইউ ডি এফৰ মহাজোঁটবন্ধনত চামিল হোৱাৰ পাছত আজি ওদালগুৰিত প্রথমবাৰৰ বাবে বিশাল দলীয় সভা অনুষ্ঠিত কৰে বিটিচিত তিনিবাৰকৈ শাসন কৰা হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে৷ সভাত দলীয় কর্মীসকলৰ পৰা ওদালগুৰি জিলাৰ চাৰিটা বিধানসভা সমষ্টি সন্দর্ভত মতামত গ্রহণৰ পাছত ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনৰ বাবে বি টি আৰৰ ১২টা সমষ্টিৰ বি পি এফৰ প্রার্থী তালিকা ঘোষণা কৰিব বুলি সদৰী কৰে হাগ্রামা মহিলাৰীয়ে৷ সভাৰ শেষত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বি পি এফৰ সভাপতিগৰাকীয়ে বি টি আৰৰ ১২টা সমষ্টিতেই বি পি এফ প্রার্থী বিপুল ভোটত জয়ী হ’ব বুলি দাবী কৰাৰ লগতে বিটিচি অঞ্চলত কংগ্রেছ–এ আই ইউ ডি এফ তথা মহাজোঁটৰ লগত থকা আন কোনো দলক প্রার্থী প্রক্ষেপ নকৰিবলৈ আহ্বান জনায়৷ তেওঁ বিটিচিৰ বাহিৰৰ আন সমষ্টিত মহাজোঁটৰ প্রার্থীক বিনাচর্তে সমর্থন আৰু সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰি বিটিচি অঞ্চলত অন্ততঃ মহাজোঁটত থকা কোনো দলে প্রার্থী প্রক্ষেপ নকৰিব বুলি আশা প্রকাশ কৰে৷

বি পি এফৰ সভাপতিগৰাকীয়ে লগতে মহাজোঁটবন্ধনত বি পি এফ চামিল হোৱাৰ পাছত এতিয়া ৰাজ্যত মহাজোঁটবন্ধনে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে বুলি উল্লেখ কৰাৰ লগতে অহা বিধানসভা নির্বাচনত মহাঁজোটবন্ধনে অতি কমেও ৭০খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে৷ তেওঁ কংগ্রেছ সভাপতি ৰিপুণ বৰাই দাবী কৰা ১০০খন আসন সন্দর্ভত কোনো মন্তব্য নিদি ১০০ প্লাছ আসনৰ দাবী বিজেপিয়ে কৰি আহিছে যদিও বি পি এফ লগত নাথিকিলে বিজেপিয়ে চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় আসন কেতিয়াও লাভ নকৰে বুলি উল্লেখ কৰে৷ আনফালে বর্তমান বি টি আৰৰ শাসনত থকা ইউ পি পি এল দলে কিমান আসন পাব বুলি সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে ইউ পি পি এলৰ কথা হিমন্তক সোধক, ইউ পি পি এল হিমন্তৰহে দল বুলি বিজেপিৰ প্রতি পুনৰ ক্ষোভ উজাৰে৷

উল্লেখ্য যে বি পি এফ দলে এই মুহূর্তলৈকে নিজৰ প্রার্থী তালিকা ঘোষণা কৰা নাই আৰু অহা তিনি–চাৰি দিনলৈকে প্রার্থী তালিকা ঘোষণা কৰাৰ কোনো সম্ভাৱনা নাই যদিও ওদালগুৰি জিলাৰ তিনিওটা সমষ্টিত বি পি এফৰ প্রার্থিত্বপ্রত্যাশীৰ ভিৰ দেখিবলৈ পোৱা গৈছে৷ বিশেষকৈ মাজবাট বিধানসভা সমষ্টিত বি পি এফৰ ৯জন প্রার্থীয়ে আবেদন কৰাৰ বিপৰীতে আন সমষ্টিবোৰত প্রার্থিত্বপ্রত্যাশীৰ সংখ্যা কিছু কম৷ ওদালগুৰিত বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীৰ উপস্থিতিতেই বি পি এফৰ প্রার্থিত্বপ্রত্যাশীসক্ মাজত একপ্রকাৰ বিদ্রোহৰ উকমুকনি দেখিবলৈ পোৱা যায়৷ দলীয় কর্মকর্তাসকলে উপযুক্ত প্রার্থী বাছনি কৰিলে জিলাখনৰ চাৰিওটা বিধানসভা সমষ্টিত বি পি এফ দলৰ বিজয় নিশ্চিত বুলি দাবী কৰিলেও প্রার্থী বাছনিৰ ক্ষেত্রত ভুল হ’লেই দল বিপদত পৰিব বুলি ব্যক্ত কৰে৷ জিলাখনৰ ৬৯নং বিধানসভা সমষ্টিত চাৰিবাৰৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্রী, জ্যেষ্ঠ বি পি এফ নেতা ৰিহণ দৈমাৰীয়ে বি পি এফৰ পৰা প্রার্থিত্ব লাভ কৰাটো এশ শতাংশই নিশ্চিত যদিও আন তিনি সমষ্টিত প্রার্থিত্ব সলনি কৰাৰ সম্ভাৱনা নথকা নহয়৷ অৱশ্যে এইক্ষেত্রত মাজবাটৰ বর্তমানৰ বিধায়ক চৰণ বডোৱে পুনৰ বি পি এফৰ প্রার্থিত্ব লাভ কৰিব বুলি প্রকাশ কৰাৰ লগতে ৰাইজৰ আশীর্বাদত বিপুল ভোটত জয় হ’ব বুলি আশাবাদী বুলি ব্যক্ত কৰে৷

You might also like