নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপৰ জৰিয়তে দিব পাৰিব নির্বাচনী বিধি ভংগৰ অভিযোগ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ কামৰূপ নিবার্চন জিলাৰ অন্তর্গত বকো, ছয়গাঁও, পলাশবাৰী আৰু হাজো বিধানসভা   সমষ্টিত মুক্ত, নিকা আৰু সুৰক্ষিত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলা প্রশাসনে নির্বাচন আয়োগৰ নির্দেশ অনুসৰি প্রয়োজনীয় সকলো পদক্ষেপ লৈছে৷ জিলাখনৰ কোনো সমষ্টিতে যাতে নির্বাচনী আচৰণবিধি ভংগ নহয়, তাৰ প্রতি প্রশাসনে চোকা নজৰ ৰাখিছে৷ নির্বাচনী আচৰণবিধি ভংগৰ কোনো ঘটনাৰ বিষয়ে দৃষ্টিগোচৰ হ’লে নির্বাচন আয়োগৰCvigil নামৰ এপটোৰ জৰিয়তে নাগৰিকে অভিযোগ দাখিল কৰিব পাৰিব৷ আচৰণবিধি ভংগৰ ঘটনাৰ ফটো অথবা ভিডি’ আদিও এই এপৰ যোগেৰে প্রেৰণ কৰিব পাৰিব৷ আনহাতে, বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত কামৰূপ জিলা প্রশাসনে ইতিমধ্যে এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰিছে৷ জিলা উপায়ুক্তৰ কার্যালয়ত স্থাপন কৰা এই নিয়ন্ত্রণ কক্ষৰ ফোন নম্বৰ হ’ল– ৯৬৭৮৪–৭১০৭১৷ নির্বাচন সংক্রান্তীয় যিকোনো অভিযোগ কামৰূপ নির্বাচন জিলাৰ ৰাইজে এই নম্বৰত ফোন কৰি জিলা প্রশাসনক জনাব পাৰিব৷ তদুপৰি, টোল ফ্রী নম্বৰ ১৯৫০তো ৰাইজে ফোন কৰিব পাৰিব৷

You might also like