নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত বৰফুকন পুলিচ একাডেমীত ৭০০ গোৱা আৰক্ষীৰ দীক্ষান্ত সমাৰোহ

🔹 ড০ হিমন্ত বিশ্ব শৰ্মাক ‘বড়ে ভাই’ সম্বোধনেৰে উচ্চ প্ৰশংসা গোৱাৰ মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত আজি অনুষ্ঠিত হয় এক বিশেষ দীক্ষান্ত সমাৰোহ। এই  সমাৰোহত বিশেষভাৱে অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে। উল্লেখযোগ্য যে ২০২৪ বৰ্ষৰ অক্টোবৰ মাহতে অহা গোৱাৰ নৱনিযুক্ত আৰক্ষী জোৱানসকলে বিগত ৪৩ সপ্তাহ লাচিত বৰফুকন পুলিচ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত আজি অনুষ্ঠিত হয় এইসকল জোৱানৰ দীক্ষান্ত সমাৰোহ। গোৱাৰ সৰ্বমুঠ ৭০০ প্ৰশিক্ষাৰ্থী আৰক্ষীৰ ভিতৰত ৫৬৯জন পুৰুষ আৰু ১৩১গৰাকী মহিলা আৰক্ষীয়ে আজি সমাৰোহত অংশ লৈ আকৰ্ষণীয় কুচকাৱাজ প্ৰদৰ্শন কৰে। প্ৰশিক্ষণৰ জৰিয়তে একোগৰাকী  সম্পূৰ্ণ আৰক্ষীত পৰিণত হৈ ১ম, ২য় আৰু ৩য় ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ অন্তৰ্গত এই ৭০০ গোৱা আৰক্ষী আজি নিজ কৰ্মক্ষেত্ৰলৈ ৰাওনা হয়।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি নৱনিযুক্ত আৰক্ষীসকলক কৰ্মজীৱনলৈ অভিনন্দন জনায়। ভাষণৰ আৰম্ভণিতে তেওঁ গোৱাৰ মুখ্যমন্ত্ৰী  প্ৰমোদ সাৱন্তক আদৰণি জনায় আৰু প্ৰশিক্ষণৰ বাবে লাচিত বৰফুকন পুলিচ একাডেমীক নিৰ্বাচন কৰা বাবে গোৱা চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। এই পদক্ষেপে আন্ত:ৰাজ্যিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। লাচিত বৰফুকন পুলিচ একাডেমীত গোৱা আৰক্ষীৰ প্ৰশিক্ষণৰ সফল সমাপ্তিত তেওঁ গৌৱৱ অনুভৱ কৰা বুলিও ব্যক্ত কৰে।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গোৱাত কৰ্মৰত অসমৰ যুৱক-যুৱতীসকলক প্ৰতিটো মুহূৰ্ততে সহায়-সহযোগিতা আগবঢ়াবৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।
ভাষণত মুখ্যমন্ত্ৰীজনে অসম-গোৱা জাতীয় ঐক্য-সংহতিৰ এক সুন্দৰ মিলন বুলি অভিহিত কৰি অসমত মণিপুৰৰ পাছত আৰক্ষীক প্ৰশিক্ষণ দিয়া গোৱা দ্বিতীয় ৰাজ্যত পৰিণত হয় বুলি উল্লেখ কৰে। ই সঁচাকৈয়ে এক গৌৰৱৰ মুহূৰ্ত৷ কিয়নো আমি অসমত প্ৰশিক্ষণ ক্ষমতা সম্প্ৰসাৰণ কৰিব পাৰিছোঁ আৰু উত্তৰ প্ৰজন্মৰ নিৰাপত্তাৰক্ষীক সন্মানেৰে জাতিটোৰ সেৱা আগবঢ়াবলৈ প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছোঁ। অসম সদায়ে এই সৰ্বোত্তম সেৱা আগবঢ়াবলৈ সাজু আছে আৰু সাজু থাকিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
ইপিনে, অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লোৱা গোৱাৰ মুখ্যমন্ত্ৰী ড° সামন্তে এই প্ৰশিক্ষণৰ যোগেদি অসমবাসীৰ সৈতে ভাতৃত্বৰ সমন্ধ গঢ়ি উঠা বুলি মন্তব্য কৰি অসমৰ মুখ্যমন্ত্ৰী ড° শৰ্মাক ‘বড়ে ভাই’ বুলিও অভিহিত কৰি উচ্চ প্ৰশংসা কৰে। তেওঁ অসমবাসীক গোৱালৈ আমন্ত্ৰণ জনায় । প্ৰশিক্ষণৰ সময়ছোৱাত নিষ্ঠা আৰু পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে আৰক্ষী জোৱানসকলক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীজনে অনুশাসন, সততা আৰু জনসেৱাক মূল আধাৰ হিচাপে লৈ কৰ্মত ব্ৰতী হ’বলৈ নৱনিযুক্ত আৰক্ষী জোৱানক আহ্বান জনায়। লগতে অসমৰ কৰ্মৰত যুৱক-যুৱতীসকলক নিজৰ ভাতৃ-ভগ্নীৰ  দৰে ব্যৱহাৰ কৰিবলৈ নৱনিযুক্ত আৰক্ষী কনিষ্টবলসকলক আহ্বান জনায় ।
অসম আৰু গোৱা আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্ৰধানকে ধৰি উচ্চপদস্থ বিষয়া, নৱনিযুক্ত আৰক্ষী জোৱানসকলৰ পৰিয়ালৰ সদস্যকে ধৰি বিশিষ্ট লোকসকলৰ উপস্থিতিত অনুষ্ঠিত দীক্ষান্ত সমাৰোহত আদৰণী ভাষণ ৰাখি আৰক্ষী সঞ্চালকপ্ৰধান হৰমিৎ সিঙে কয় যে লাচিত বৰফুকন পুলিচ একাডেমীলৈ দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষীসকল প্ৰশিক্ষণৰ বাবে অহাৰ লগতে ভূটান চৰকাৰেও ইয়াত আৰক্ষীক প্ৰশিক্ষণ দিবলৈ অনুৰোধ জনাইছে। এয়া অসমৰ বাবে এক ইতিবাচক খবৰ।
উল্লেখযোগ্য যে ২০২৪ চনৰ ৪ অক্টোবৰত বিশেষ ৰে’লেৰে লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত হোৱা গোৱা আৰক্ষীৰ জোৱানসকলে শাৰীৰিক ফিটনেছ, মানসিক শক্তিশালিতা, ফিল্ড কৌশল আৰু অস্ত্ৰ পৰিচালনাৰ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। পুলিচ একাডেমীখনৰ বাবে এয়া এক ঐতিহাসিক ক্ষণৰূপে বিবেচিত হৈছে। যিহেতু অসম, মণিপুৰ আৰু গোৱাৰ আৰক্ষীয়ে একেলগে পুলিচ একাডেমীত প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা লাভ কৰে। আন্তঃৰাজ্যিক পৰ্যায়ত বন্ধুত্ব আৰু পেছাদাৰী আদান-প্ৰদানৰ ক্ষেত্ৰত এই প্ৰশিক্ষণৰ বিশেষ গুৰুত্ব আছে বুলি বিবেচিত হৈছে। দীক্ষান্ত সমাৰোহ অনুষ্ঠানত আৰক্ষীৰ শপত গ্ৰহণ, আনুষ্ঠানিক মাৰ্চপাষ্ট, পুৰস্কাৰ বিতৰণ, পেন্থাৰ্ছ অন হুইলছ ইউনিটৰ বিশেষ প্ৰদৰ্শন আদিও অনুষ্ঠিত হয়। আজিৰ দীক্ষান্ত সমাৰোহে আন্তজাৰ্তিক সৌহাদ্য আৰু সমন্বয়ক প্ৰতিফলিত কৰাৰ লগতে অসম আৰক্ষীৰ উৎকৃষ্ট প্ৰশিক্ষণ ক্ষমতা আৰু পৰিকাঠামোৰ সুস্পষ্ট আভাস দাঙি ধৰে। এই দীক্ষান্ত সমাৰোহত বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, দেৰগাঁও আৰু সৰুপথাৰৰ বিধায়ক ক্ৰমে ভৱেন্দ্ৰ নাথ ভৰালী, বিশ্বজিত ফুকন উপস্থিত থাকে ।
ইপিনে, প্ৰশিক্ষণ সমাপ্ত কৰা গোৱাৰ আৰক্ষী কনিষ্টবলসকলে সাংবাদিকৰ আগত লাচিত বৰফুকন পুলিচ একাডেমীৰ পৰা পোৱা মৰম আৰু স্নেহৰ বাবে সকলোকে কৃতজ্ঞতা জনায়।কোনো দিন পাহৰিব নোৱাৰা এক মিঠা অভিজ্ঞতা বুকুত বান্ধি ইয়াৰ পৰা বিদায় ল’ব বুলি আৱেগিকভাৱে অৱগত কৰে ।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী
You might also like