আজিৰ দিনটোৰ ৰাশিফল
আজি ৬ আগষ্ট, শাওণ মাহৰ ২০ তাৰিখ
বুধবাৰঃ তিথি–দ্বাদশী, নক্ষত্রঃ মূলা, যাত্রাঃ নাই
মেষঃ আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়৷ শত্রুৰ পৰা সাৱধানে থাকক৷ সন্তানৰ বাবে চিন্তা বৃদ্ধি হ’ব৷ যিকোনো মানুহৰ লগত নিজৰ মনৰ কথা আলোচনা নকৰিব৷
বৃষঃ স্বাস্থ্যৰ অশান্তিৰ বাবে কর্মক্ষেত্রত সমস্যা আহিব পাৰে৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ দুখীয়া লোকক সহায় কৰি মন আনন্দিত হ’ব৷
মিথুনঃ বিদ্যার্থীসকলৰ বাবে আজিৰ দিনটো শুভ৷ ব্যৱসায় দিশত ভাল ফল দেখা যায়৷ কু–চিন্তাৰ কাৰণে মনঃকষ্ট৷ কর্ম দিশৰ পৰা বাহিৰত যোৱাৰ সম্ভাৱনা৷
কর্কটঃ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ পাবলৈ থকা ধন ঘূৰাই পাব৷ নৃত্যশিল্পীৰ বাবে উন্নতিৰ যোগ দেখা যায়৷ আপোনাৰ প্রিয়জনে আজি আপোনাৰ লগত বিশ্বাসঘাতক কৰিব৷
সিংহঃ অচিনাকি ব্যক্তিক লৈ কোনোধৰণৰ কাম আৰম্ভ নকৰিব, বিপদ হ’ব৷ ব্যৱসায় দিশত শুভ ফল৷ আর্থিক দিশত বহু বেছি ভাল নহয়৷
কন্যাঃ মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বৃদ্ধিৰ দ্বাৰা আঁতৰিব পাৰে৷ পৰাপক্ষত পঢ়া–শুনাৰ প্রতি গুৰুত্ব দিয়ক৷ কর্মত খ্যাতি বৃদ্ধিৰ যোগ৷
তুলাঃ কর্মত মজলীয়া প্রভাৱ৷ নিজৰ উদ্দেশ্য সাধনত ব্রতী হওক৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে৷ নতুন কোনো ব্যৱসায়ত সফল হ’ব৷ প্রেম–প্রীতিত উদাস চিন্তা৷
বৃশ্চিকঃ বন্ধু–বান্ধৱৰ লগত মন খুলি ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয় কর্ম সম্পাদিত হ’ব৷ শিক্ষার্থীসকলৰ বাবে ভাল যোগ৷
ধনুঃ পৰাপক্ষত টকা–পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব৷ মা–দেউতাৰ প্রতি দায়িত্ব পালন নকৰাৰ বাবে সংসাৰত অশান্তিৰ সৃষ্টি হ’ব৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷
মকৰঃ অতিৰিক্ত ক্রোধৰ ফলত অশান্তিৰ সৃষ্টি হ’ব৷ উচ্চ শিক্ষাৰ ক্ষেত্রত শুভ ফল৷ গুৰুজনৰ কথাত বিশেষ গুৰুত্ব দিয়াৰ প্রয়োজন৷ প্রেমত শুভ ফল৷ শুভ ৰং বেঙুনীয়া৷
কুম্ভঃ সম্পত্তিক লৈ সমস্যা হ’ব পাৰে৷ আনক সহায় কৰিব যোৱাত নিজে বিপদত পৰিব৷ সাংসাৰিক দিশত শান্তি বজাই থাকিব৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি৷
মীনঃ চাকৰিৰ ফালৰ পৰা বিদেশ যাত্রা হ’ব পাৰে৷ বিদ্যার্থীসকলৰ বাবে নতুন যোগ আহিব পাৰে৷ আপোনাৰ ব্যৱহাৰে আজি আপোনাক সন্মানিত কৰাব৷