ভাৰত–ইংলেণ্ড-ৰ টেষ্ট শৃংখলাক এছেজৰে তুলনা ষ্ট’কছৰ
ভাৰত–ইংলেণ্ড-ৰ টেষ্ট শৃংখলা : এণ্ডাৰছন–তেণ্ডুলকাৰ ট্রফী ৫খনীয়া টেষ্ট মেচৰ শৃংখলাটোক এছেজৰে তুলনা কৰিলে ইংলেণ্ড দলটোৰ অধিনায়ক বেন ষ্ট’কছে৷ দুয়ো দেশৰ মাজৰ ৰোমাঞ্চকৰ টেষ্ট শৃংখলাটো ২–২ অমীমাংসিত হয়৷
দ্য অভেলত অনুষ্ঠিত পঞ্চম তথা অন্তিমখন টেষ্টৰ সমাপ্তিৰ পিছত সংবাদ মেল সম্বোধন কৰি ইংলেণ্ড দলটোৰ অধিনায়ক বেন ষ্ট’কছে কয় যে ক্রিকেট খেলপথাৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত সদায় ৰোমাঞ্চকৰ হৈ উঠে৷ এছেজত তেনেকুৱা নহয়৷
সদ্যসমাপ্ত শৃংখলাটোত ইংলেণ্ড দলটোক নেতৃত্ব দিবলৈ পাই মই সুখী৷ প্রতিখন মেচতে উত্থান–পতন হৈছিল৷ ভাৰতেও নিয়ন্ত্রণ কৰিছিল আমিও কৰিছিলোঁ৷ মেচখন পেণ্ডুলামৰ দলে ডোল খাইছিল৷
ষ্ট’কছৰ মতে, এই শৃংখলাটোত টেষ্ট ক্রিকেটৰ শ্রেষ্ঠ ৰূপ দেখা গৈছে৷ শৃংখলাটোৰ আটাইকেইখন মেচতে দুয়োটা দলে প্রত্যাহ্বান জনাবলৈ সক্ষম হৈছিল৷ এজন ক্রিকেট অনুৰাগীৰ দৃষ্টিকোণৰ পৰা মই ভাবোঁ ২–২ত শৃংখলাটো ড্র হ’লেও এয়া সঠিক ফলাফল৷ দুয়োটা দলে খেলা ক্রিকেটৰ মানদণ্ডৰ বাবে প্রশংসাৰ যোগ্য বুলি ষ্ট’কছে ব্যক্ত কৰে৷
Niyomiya Barta Desk, 8 August, 2025