নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮০ শতাংশ মুছলিমৰ আস্থা ড০ শর্মালৈ

🔹 মিডিয়া মেনেজমেণ্ট এণ্ড ৰিছার্চ এছ’চিয়েচনৰ সমীক্ষা

বিশেষ বাৰ্তা, ৫ মে’ : ৰাজ্যৰ মুছলিম সম্প্রদায়ৰ মাজত আস্থাভাজন হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ৷ ‘মিডিয়া মেনেজমেণ্ট এণ্ড ৰিছার্চ এছ’চিয়েচন’ (এমএমআৰএ) নামৰ এটা সংস্থাই শেহতীয়াকৈ চলোৱা এক সমীক্ষাত এই তথ্য প্রকাশ পাইছে৷ সমীক্ষাটোৰ তথ্য সদৰী কৰি কালি শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে এমএমআৰএৰ নেতৃবৃন্দই৷ ২০২৩–২৪ বর্ষত অসমৰ মুঠ মুছলিম জনসংখ্যা (৩৪.৪ শতাংশ)ৰ এক তৃতীয়াংশক সামৰি লোৱা এই জৰীপ সম্পর্কত এমএমআৰএৰ সভাপতি ড০ জাকিৰুল আলমে কয় যে অসমৰ ৮০ শতাংশ মুছলিমৰ আস্থা আছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ৷ বর্তমানৰ চৰকাৰৰ কার্যকালত মুছলিমসকলৰ বহু কাম হৈছে, বিভিন্ন সুবিধা পাইছে৷ সেয়েহে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রতি আস্থা বৃদ্ধি পাইছে মুছলিম সমাজৰ৷ মুছলিম সমাজৰ বিকাশ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে আছে৷ এই প্রসংগত মুছলিমসকলে বসুন্ধৰা আঁচনিকে ধৰি বিভিন্ন চৰকাৰী সুবিধা লাভ কৰাৰ কথা তেওঁ উল্লেখ কৰে৷ মন কৰিবলগীয়া যে ৰাজ্যৰ ৩১খন জিলাৰ ১২৬টা বিধানসভা সমষ্টিৰ অন্তর্গত দাৰিদ্র্য সীমাৰেখাৰ তলৰ, নিম্ন মধ্যবিত্ত, উচ্চ মধ্যবিত্ত শ্রেণীৰ সমান্তৰালকৈ নিৰক্ষৰ, অর্ধশিক্ষিত, শিক্ষিত লোকৰ মতামত সমীক্ষাটোৰ বাবে বিশ্ববিদ্যালয়–মহাবিদ্যালয়ৰ শিক্ষক, গৱেষক শিক্ষার্থী আদিৰ সহযোগত সংগ্রহ কৰা হৈছিল৷ এমএমআৰএৰ সভাপতি ড০ আলমে পুনৰ কয় যে অসমৰ মুছলিম সমাজে ৰাজনৈতিক ভাবাদর্শ সময়সাপেক্ষে শক্তিশালী ৰূপত গঢ়ি তুলিছে৷ বেছিসংখ্যকেই এইবাৰৰ লোকসভা নির্বাচনত পূর্বৰ দৰেই প্রথাগতভাৱে অংশগ্রহণ নকৰি বিভিন্ন দিশৰ বিকাশৰ ওপৰত গুৰুত্ব দিহে ভোট প্রদান কৰিব৷ বিগত দীর্ঘ সময় ধৰি লাঞ্ছনা–বঞ্চনাৰ সন্মুখীন হোৱাৰ লগতে ভূমিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, অর্থনীতিৰ অধিকাৰ আদি হেৰুৱাব লগা হোৱা বাবে এইবাৰ সমগ্র মুছলিম সমাজৰ প্রতিটো স্তৰৰ লোক অধিক সচেতন হৈছে৷ পূর্বৰ পৰা সমর্থন দি থকা ৰাজনৈতিক দলকে যে সমর্থন দিব সেই কথা নস্যাৎ কৰিছে৷ যি দলে সমস্যা সমাধানৰ প্রতি অধিক মনোগ্রাহী হ’ব, সেই দলসমূহকে আগুৱাই নিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রতি সকলোৰে বিশ্বাস আৰু আস্থা থকাৰ কথা উক্ত জৰীপত প্রকাশ পাইছে৷ মুছলিম সংগঠনসমূহে দীর্ঘদিন দাবী জনাই অহাৰ দৰে সমীক্ষাত অংশ লোৱা সকলোৱে অসমৰ মুছলিম সমাজক আন ৰাজ্যৰ দৰে অ’ বি চি মর্যাদাৰ দিয়াৰ লগতে আন জনগোষ্ঠীৰ দৰে প্রতিখন শিক্ষানুষ্ঠানত আসন সংৰক্ষণ, চৰকাৰী চাকৰিত সংৰক্ষণ, ভূমিৰ অধিকাৰ, উজনিত আজান ফকীৰৰ নামত এখন বিশ্ববিদ্যালয়, ২০১৮ চনতে চৰকাৰে অনুমোদন জনোৱা আজান ফকীৰ ক্ষেত্র স্থাপন, অসমৰ কৃষি আৰু মৎস্যপালনত মুখ্য ভূমিকা লোৱা সম্প্রদায়টোৰ বাবে বিশেষ অনুদান আগবঢ়োৱাৰ চর্ত আৰোপ কৰিছে৷ লগতে বৰাক উপত্যকাত কৃষিভূমিৰ অধিকাৰ প্রদানত গুৰুত্ব দিবলৈও আহ্বান জনোৱা হৈছে সমীক্ষাটোত৷ উক্ত দিশসমূহৰ প্রতি গুৰুত্ব আৰোপ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিশ্চয় সহযোগ পাব বুলি জৰীপত প্রকাশ৷ ড০ আলমৰ মতে, তাৰ বাবে নিশ্চয় তেওঁ আগতীয়াকৈ ঘোষণা কৰি আশ্বাস দিব লাগিব৷ ইতিমধ্যে হৈ যোৱা দুটা পর্যায়ৰ নির্বাচনত কেইবাটাও লোকসভা সমষ্টিত মুছলিম সম্প্রদায়ৰ বৃহৎসংখ্যক ভোটাৰক আকর্ষণ কৰিবলৈ ড০ হিমন্ত বিশ্ব শর্মাই সক্ষম হৈছে তেওঁ ৰূপায়ণ কৰা আঁচনিৰ বাবে৷ উজনিতো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে মন্ত্রী যোগেন মহনৰ নিৰপেক্ষ, সংবেদনশীল আৰু পৰোপকাৰী চৰিত্রৰ বাবে আহোম, চাহ, মৰাণ, মটক, অনুসূচিত আদি জনগোষ্ঠীৰ লগত খিলঞ্জীয়া মুছলিমকো আকর্ষণ কৰিছে৷ তৃতীয় পর্যায়তো একেধৰণৰ লক্ষণ দেখা দিছে৷ ড০ আলমে কয় যে স্বর্গদেউসকল অহাৰ আগতেও গৰিয়াসকল অসমত আছিল৷ এইসকলৰ উন্নয়ন হোৱাটো বিচাৰোঁ৷ সেয়ে তথ্যসমূহ আমি প্রকাশ কৰিছোঁ৷ চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য হোৱাৰ দিশে আগবঢ়াত সফল জৰীপৰ ভূমিকা থকাৰ দৰে ৰাজ্যৰ বৃহৎ সম্প্রদায়টোৰ কামত অহাকৈ এই জৰীপ প্রকাশ কৰা হ’ল৷ শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাবত আয়োজিত সংবাদ মেলত এমএমআৰএৰ সভাপতি ড০ আলমৰ উপৰি উপদেষ্টা কমলা ৰাজকোঁৱৰ, হেমন্ত চাংমাই আৰু কার্যকৰী সদস্য আমিৰুল হাজৰিকা উপস্থিত আছিল৷

You might also like