নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন সৈনিকক পিআইএফত নিযুক্তিত ভেঁকোভাওনা

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ ২০১৭ বর্ষৰ ১৭ মে’ত প্রকাশিত বিজ্ঞাপন অনুসৰি পি আই এফ স্কীমত অসম আৰক্ষীৰ সীমান্ত শাখাত ২২৩টা পদৰ লগতে তাৰ ভিতৰত ১১৩টা উপ–পৰিদর্শক পদ আৰু ১১০টা কনিষ্টবল তথা হেড কনিষ্টবলৰ নিযুক্তি প্রক্রিয়াত সংশিষ্ট উচচ অধিকাৰী বিষয়াৰ ক্রিয়া–বিক্রীয়াৰ বাবে আজিলৈ নিযুক্তি নোপোৱাত প্রাক্তন সৈনিকসকলৰ মনত নানান মানসিক অশান্তিৰ সৃষ্টি হৈছে৷ ইতিমধ্যে তেওঁলোকৰ বয়সৰ ঊর্ধ্বসীমা সেই সময়ত ৫০ বছৰ আছিল যদিও আৰু এতিয়া তেওঁলোকে ৫৩ বছৰ অতিক্রম কৰিছে৷ গতিকে বয়সৰ ঊর্ধ্বসীমা ৰেহাই দি হ’লেও প্রাক্তন সেনাবাহিনীৰ লোকসকলক সোনকালেই নিযুক্তি প্রদান কৰাৰ বাবে প্রার্থীসকলে দাবী জনাইছে৷

উল্লেখ্য যে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ আৰু তাৰ লগত জডিত সংশ্লিষ্ট বিষয়াৰ বিভাগে অৱসৰপ্রাপ্ত প্রাক্তন সেনা জোৱান (স্থলসেনা, নৌসেনা আৰু বায়ুসেনা)ৰ পৰা পি আই এফ (ভাৰত চৰকাৰ) স্কীমত ১১৩টা উপ–পৰিদর্শক আৰু ১১০টা কনিষ্টবল পদত নিযুক্তিৰ বাবে ২০১৭ বর্ষৰ ১৭ মে’ত ‘নিয়মীয়া বার্তা’ কাকতৰ নিয়োগ বার্তাত বিজ্ঞাপন প্রকাশ কৰি আবেদন বিচাৰিছিল৷ সেই মর্মে ২০১৮ বর্ষৰ ১৯ আগষ্টত ১১৩টা উপ–পৰিদর্শক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ কিন্তু আজিলৈ সেই নিযুক্তি প্রক্রিয়া আৰম্ভ নকৰিলে৷ উল্লেখ্য যে বিজ্ঞাপনত প্রকাশিত অনুসৰি পৰীক্ষা হ’ব লগা প্রশ্ণৰ ধৰণ সংমিশ্রিত চুটি গল্প আৰু মাল্টিপল টাইপ প্রশ্ণৰহে উল্লেখ আছিল, কিন্তু মেড্রিক পৰীক্ষা অথবা সমপর্যায়ৰ পৰীক্ষাৰ নিচিনাকৈ দীঘলীয়া আৰু জটিল ১০ আৰু ৫ নম্বৰ প্রশ্ণ প্রয়োগ কৰি প্রার্থীসকলৰ মাজত হাহাকাৰ সৃষ্টি কৰিছিল৷ সেই পৰীক্ষাত আকৌ কোনো নির্ধাৰিত উত্তীর্ণৰ নম্বৰ উল্লেখ কৰা নাছিল৷ মাত্র এটা কথাই উল্লেখ আছিল যে পৰীক্ষাত পোৱা নম্বৰৰ ভিত্তিত প্রার্থী বাছনি কৰা হ’ব৷ আনহাতে, চিপাহী আৰু কনিষ্টবল ৰেংকৰ পৰীক্ষার্থীৰ বাবে মাত্র মাল্টিপল চইছৰ আৰু অতি সহজ প্রশ্ণ দি তেওঁলোকৰ কাৰণে নিযুক্তি পোৱাটো সহজ কৰি দিছিল৷ কিন্তু সেই একেই শিক্ষাগতা অর্হতাৰ উপ–পৰিদর্শকৰ পৰীক্ষাটোহে অধিক জটিল কৰি দিয়া হৈছিল৷ ইমানখিনি তাৰতম্য কিয় কৰা হ’ল সেয়া আজিও অজ্ঞাত হৈ থাকিল ভুক্তভোগীসকলে৷

জানিব পৰা মতে, সম্প্রতি এই বর্ষত উক্ত স্কীমত খালী পদ ২০০ৰো অধিক অতিক্রম কৰিলে৷ এনে ক্ষেত্রত চৰকাৰ নতুবা সংষ্টি বিষয়াৰ জৰিয়তে তৎক্ষণাৎ নিযুক্তি প্রক্রিয়া আৰম্ভ কৰিব লাগে আৰু বয়সৰ ঊর্ধ্বসীমা ৫৫ বছৰলৈ বর্ধিত কৰিব লাগে৷ সেইক্ষেত্রত ৪৮ বছৰৰ ঊর্ধ্বৰ প্রাক্তন সৈনিকসকলৰ ক্ষেত্রত লিখিত পৰীক্ষা প্রযোজ্য নহয় বুলি প্রার্থীসকলে দাবী কৰিছে৷ মাত্র সাক্ষাৎকাৰৰ জৰিয়তে সেই নিযুক্তি দিয়াটো তেওঁলোকে বিচাৰিছে৷ এইক্ষেত্রত বিশেষভাৱে বেছি গুৰুত্ব সহকাৰে আবেদন জনাইছে যে বিশেষ আৰক্ষী সঞ্চালক প্রধান (সীমান্ত শাখা) বিষয়া আৰু ৰাজ্যিক সৈনিক সঞ্চালক বিষয়াই ওপৰোক্ত বিষয়টোৰ ওপৰত গুৰুত্ব প্রদান কৰি অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ লগত আলোচনাৰ মাজেৰে মানসিকভাৱে অশান্তিত ভুগি থকা পৰীক্ষাত অৱতীর্ণ হোৱা প্রার্থীক নিয়ুক্তি দিয়াৰ বাবে শীঘ্রে ব্যৱস্থা গ্রহণ কৰাৰ বাবে প্রার্থীসকলে দাবী জনাইছে৷

You might also like