নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্রান্সৰ কেথলিক গির্জাত ভয়াৱহ যৌন নির্যাতনৰ ঘটনাঃ ৩২০০ লোকক চিনাক্ত

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ ফ্রান্সৰ কেথলিক গির্জাত বিগত ৭ দশক ধৰি চলি থকা বীভৎস অধ্যায়ৰ কাহিনী পোহৰলৈ আহিছে৷ ১৯৫০ চনৰ পৰা দেশখনৰ কেথলিক গির্জাত শিশুসকলৰ ওপৰত চলি আহিছে যৌন নির্যাতন৷ এক তদন্ত প্রতিবেদনত প্রকাশ পাইছে চাঞ্চল্যকৰ তথ্য৷ কাইলৈ তদন্তকাৰী আয়োগে ইয়াৰ সম্পূর্ণ প্রতিবেদন দাখিল কৰিব৷

আয়োগৰ তথ্য অনুসৰি ২৯০০ৰ পৰা ৩২০০গৰাকী সন্যাসী গির্জাৰ সদস্য যৌন নির্যাতনত জড়িত আছিল বুলি চিহ্ণিত কৰিছে৷ তদন্তকাৰী সংস্থাৰ মুৰব্বী জাঁ–মার্ক ছ’ভে উল্লেখ কৰা অনুসৰি এই সংখ্যা নূ্যনতম৷ অর্থাৎ গির্জাত শিশুৰ ওপৰত যৌন নিগ্রহ চলোৱা লোকৰ সংখ্যা ভবাতকৈ বহু বেছি বুলি উল্লেখ কৰিছে বিষয়ববীয়াগৰাকীয়ে৷ আঢ়ৈ বছৰ ধৰি চলোৱা হৈছে এই তদন্ত৷ তদন্তৰ পিছত ২৫০০ পৃষ্ঠাৰ এক প্রতিবেদন যুগুত কৰিছে বিষয়ববীয়াসকলে৷

You might also like