নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ ৯৩গৰাকী ক’ভিড–১৯ত আক্রান্ত

নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ ৰাজ্যত নিয়ন্ত্রণলৈ আহিছে ক’ভিড পৰিস্থিতি৷ ক্রমাৎ হ্রাস পাবলৈ আৰম্ভ কৰিছে ক’ভিডত আক্রান্ত লোকৰ হাৰ৷ প্রথমবাৰৰ বাবে ৰাজ্যত ১০০ৰ তললৈ নামিছে আক্রান্ত লোকৰ সংখ্যা৷ দেওবাৰে ৰাজ্যত মাত্র ৯৩গৰাকী লোকহে নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক টুইটযোগে এই কথা সদৰী কৰিছে৷

বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮,৩৬৯টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ১.১১ শতাংশ৷ নতুন আক্রান্তসকলৰ ভিতৰত ৪৫গৰাকী কামৰূপ মহানগৰ জিলাৰ৷ ইফালে, দেওবাৰে  সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি লাভ কৰিছে ৩৮৯গৰাকী ৰোগীয়ে৷ ইয়াৰ লগে লগে ৰাজ্যত চিকিৎসাধীন ৰোগীৰ সংখ্যা হ্রাস পাইছে৷

উল্লেখ্য যে বর্তমানলৈ ৰাজ্যত মুঠ ২,১০,২৬৮গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰে ২,০৫,৬৩৬গৰাকী লোক সুস্থ হৈ উঠিছে৷ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৯৬৩গৰাকী৷ ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত বর্তমান চিকিৎসাধীন হৈ আছে ৩,৬৬৬গৰাকী লোক৷ ৰাজ্যত ক’ভিড–১৯ৰ সুস্থতাৰ হাৰ হৈছে ৯৭.৭৯ শতাংশ৷ সক্রিয় ৰোগীৰ সংখ্যা ১.৭৪ শতাংশ৷ অৱশ্যে দেওবাৰে দুজনকৈ ৰোগীয়ে মৃত্যুক সাবটি ল’বলগীয়া হয়৷ ক’ভিডত মৃত্যু হোৱা লোক দুজন হৈছে কামৰূপ মহানগৰ জিলাৰ হৰিপদ বর্মন (৮৯) আৰু হাকিবুৰ ৰহমান (৭৩)৷

You might also like